--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ  সৃষ্টি কৰা  শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ গৈ আৰক্ষীয়ে বাৰে বাৰে আঁত হেৰুৱাবলগীয়া হৈছে।  আদালতে শেহতীয়াকৈ আফতাবক ১৩ দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। আফতাবে  কাৰাগাৰত থকাৰ পোন্ধৰ দিন পাৰ হৈ গ'ল, কিন্তু পাঁচটা প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়াও  দিল্লী আৰক্ষী হায়ৰাণ হৈ আছে। সেই পাঁচটা প্ৰশ্নই  আৰক্ষীৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। সেই প্ৰশ্নবোৰ কি?

১২ নৱেম্বৰত শ্ৰদ্ধা ৱাকাৰৰ হত্যাৰ সন্দৰ্ভত তেওঁৰ ঘনিষ্ঠ সঙ্গী আফতাব আমিন পুনাৱালাক গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰে পৰা পোন্ধৰ দিন পাৰ হৈ গ'ল। শনিবাৰে আদালতে আফতাবক ১৩  দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তেতিয়াৰে পৰা শ্ৰদ্ধাৰ লিভ-ইন পাৰ্টনাৰ আফতাবে তিহাৰ কাৰাগাৰৰ ৪ নং কোঠাত কঠোৰ নিৰীক্ষণৰ মাজত  আছে।

আফতাবৰ গ্ৰেপ্তাৰৰ পিছত  পাঁচটা প্ৰশ্নৰ উত্তৰ  বিচাৰি ফুৰিছে  দিল্লী আৰক্ষীয়ে।  এই ক্ষেত্ৰত আৰক্ষীয়ে প্ৰতিদিনে নতুন তথ্য লাভ কৰি আছে। আফতাবৰ কোৱা মতেই আৰক্ষীয়ে বিভিন্ন স্থানত তালাচী চলাইছে, কিন্তু তেওঁলোকে এতিয়ালৈকে কোনো নিৰ্দিষ্ট তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীক হায়াণ কৰা প্ৰশ্ন পাঁচটা হ’ল-
প্ৰশ্ন-১
শ্ৰদ্ধাৰ শৰীৰটো ৩৫ টুকুৰাকৈ  কাটি  সেই টুকুৰবোৰ বিভিন্ন ঠাইত পেলাই দিছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা আফতাবে এনে দাবী কৰিছে। অৱশ্যে  আৰক্ষীয়ে এতিয়াও জানিব পৰা নাই যে শ্ৰদ্ধাক টুকুৰা টুকুৰা কৰিবলৈ ব্যৱহৃত অস্ত্ৰবিধ  ক'ত আছে। আৰক্ষীয়ে এতিয়াও সেই অস্ত্ৰ বিধ  বিচাৰি আছে।কাৰণ আদালতত সেয়া বিচৰা হ’ব  পাৰে।

প্ৰশ্ন-২

আৰক্ষীৰ সূত্ৰ অনুসৰি শ্ৰদ্ধাক হত্যা কৰাৰ পিছত আফতাবে তেওঁৰ ফোনটো পেলাই দিছিল। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল শ্ৰদ্ধাৰ হত্যাৰ পিছতো আফতাবে কেনেকৈ কেইবাদিনো তেওঁৰ ফেচবুক একাউণ্ট চলাইছিল? আফতাবে শ্ৰদ্ধাৰ একাউণ্টৰ পৰা কেইবাটাও পোষ্ট কৰিছিল। আৰক্ষীয়ে এতিয়াও শ্ৰদ্ধাৰ মোবাইল ফোনটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীয়ে বিশ্বাস কৰে যে যদি মোবাইল ফোনটো উদ্ধাৰ কৰা হয় তেন্তে হত্যাৰ আঁৰৰ বহু তথ্য পোহৰলৈ আহিব  পাৰে।

প্ৰশ্ন-৩

শ্ৰদ্ধাৰ  তেজৰ দাগ থকা পোছাকযোৰ ক'ত আছে? আৰক্ষীয়ে এতিয়াও সেই পোছাক  বিচাৰি পোৱা নাই।

প্ৰশ্ন-৪

আৰক্ষীয়ে  জনোৱা অনুসৰি শ্ৰদ্ধাৰ মূৰৰ চুলি উদ্ধাৰ কৰা হৈছে। অনুসন্ধানকাৰীসকলে বিশ্বাস কৰে যে এই চুলিৰ ডিএনএ আৰু ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদন মিলিলেহে সেয়া যে শ্ৰদ্ধাৰ চুলি সেয়া নিশ্চিত হ’ব। যদিও শ্ৰদ্ধাৰ চুলি পোৱা গৈছে এতিয়ালৈকে তেওঁৰ কটা মূৰটো  উদ্ধাৰ কৰা হোৱা নাই।

প্ৰশ্ন-৫

আৰক্ষীয়ে এতিয়ালৈকে হত্যাৰ কোনো চিচিটিভি ফুটেজ পোৱা নাই। আৰক্ষীৰ মতে  বেছিভাগ ঘৰতে দুমাহৰো অধিক সময় ধৰি চিচিটিভি ফুটেজৰ সংৰক্ষণ হৈ  নাই। যিহেতু গোচৰটো প্ৰায় ছমাহ পুৰণি, দিল্লী আৰক্ষীয়ে ফুটেজ লাভ  কৰাত এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক