--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগুজৰাটত অহা মাহত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে, নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ৰাজ্য খনৰ  বিভিন্ন প্ৰান্তত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। শনিবাৰে নিশা এটা শিবিৰত এজন জোৱানে তীৰ্থ জোৱানক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰাৰ ফলত দুজন জোৱানৰ মৃত্যু ঘটে।ঘটনাটোত আন দুজন জোৱান আহত হৈছে।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, জোৱান কেইজনমানৰ মাজত কিবা কথাকলৈ   বিবাদ হয়। ইয়াৰ পিছতে এজন জোৱানে ধাৰাসাৰ গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।

আৰক্ষীয়ে কৈছে যে পোৰবন্দৰৰ ওচৰত নিৰ্বাচনী দায়িত্বৰ বাবে মণিপুৰৰ ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ পৰা অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক নিয়োজিত কৰা হৈছিল। গুলীচালনা কৰা  জোৱান জন  কনিষ্টবল এছ ইনাউচা সিং বুলি চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি তেওঁ তেওঁৰ সহকৰ্মীসকলক একে-৪৭ ৰাইফলৰে গুলীয়াইছি। মৃতসকলৰ ভিতৰত  থইবা সিং আৰু জিতেন্দ্ৰ সিংনামৰ জোৱান দুজন আছে বুলি জানিব পৰা গৈছে।

গুলীচালনাত  আহত দুজন সৈনিক হৈছে কনিষ্টবল চোৰাজিত আৰু ৰোহিকানা। তেওঁলোক আটাইকেইজন মণিপুৰৰ বাসিন্দা। তেওঁলোকৰ এজনৰ পেটত আৰু আনজনৰ ভৰিত গুলী লাগিছে। প্ৰথমতে, তেওঁলোকক পোৰবন্দৰ জেনেৰেল হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। পিছত, তেওঁলোকক উন্নত চিকিৎসা সেৱাৰ বাবে জামনগৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

উল্লেখ্য পোৰবন্দৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ১ ডিচেম্বৰত অনুষ্ঠিত হ'ব। পৰৱৰ্তী পৰ্যায়ৰ ভোটগ্ৰহণ ৫ ডিচেম্বৰত হ'ব। নিৰ্বাচনৰ ফলাফল ৮ ডিচেম্বৰত ঘোষণা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু