--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগুজৰাটত অহা মাহত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে, নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ৰাজ্য খনৰ  বিভিন্ন প্ৰান্তত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। শনিবাৰে নিশা এটা শিবিৰত এজন জোৱানে তীৰ্থ জোৱানক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰাৰ ফলত দুজন জোৱানৰ মৃত্যু ঘটে।ঘটনাটোত আন দুজন জোৱান আহত হৈছে।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, জোৱান কেইজনমানৰ মাজত কিবা কথাকলৈ   বিবাদ হয়। ইয়াৰ পিছতে এজন জোৱানে ধাৰাসাৰ গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।

আৰক্ষীয়ে কৈছে যে পোৰবন্দৰৰ ওচৰত নিৰ্বাচনী দায়িত্বৰ বাবে মণিপুৰৰ ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ পৰা অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক নিয়োজিত কৰা হৈছিল। গুলীচালনা কৰা  জোৱান জন  কনিষ্টবল এছ ইনাউচা সিং বুলি চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি তেওঁ তেওঁৰ সহকৰ্মীসকলক একে-৪৭ ৰাইফলৰে গুলীয়াইছি। মৃতসকলৰ ভিতৰত  থইবা সিং আৰু জিতেন্দ্ৰ সিংনামৰ জোৱান দুজন আছে বুলি জানিব পৰা গৈছে।

গুলীচালনাত  আহত দুজন সৈনিক হৈছে কনিষ্টবল চোৰাজিত আৰু ৰোহিকানা। তেওঁলোক আটাইকেইজন মণিপুৰৰ বাসিন্দা। তেওঁলোকৰ এজনৰ পেটত আৰু আনজনৰ ভৰিত গুলী লাগিছে। প্ৰথমতে, তেওঁলোকক পোৰবন্দৰ জেনেৰেল হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। পিছত, তেওঁলোকক উন্নত চিকিৎসা সেৱাৰ বাবে জামনগৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

উল্লেখ্য পোৰবন্দৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ১ ডিচেম্বৰত অনুষ্ঠিত হ'ব। পৰৱৰ্তী পৰ্যায়ৰ ভোটগ্ৰহণ ৫ ডিচেম্বৰত হ'ব। নিৰ্বাচনৰ ফলাফল ৮ ডিচেম্বৰত ঘোষণা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক