--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্ণবাদ ৰোধৰ বাবে ব্ৰাজিলে নতুন আইন প্ৰৱৰ্তন কৰিলে। সেই আইনখনৰ নাম সেই দেশৰ ফুটবলাৰ ভিনিচিয়াছ জুনিয়ৰৰ নামেৰে ৰখা হৈছে। নতুন আইন অনুসৰি খেলৰ সময়ত যিকোনো বৰ্ণবাদী কাণ্ডৰ ফলত খেল বন্ধ বা পিছুৱাই দিয়া হ’ব।

উল্লেখ্য যে স্পেনিছ ঘৰুৱা লীগত ৰিয়েল মাদ্রিদৰ হৈ খেলি থকাৰ সময়তে ভিনিচিয়াছক ১০ বাৰ বৰ্ণবাদী নিৰ্যাতন চলোৱা হৈছিল। শেষবাৰৰ বাবে তেওঁক বৰ্ণবাদী নিৰ্যাতন চলোৱা হৈছিল মে’ মাহত ভেলেন্সিয়াৰ বিৰুদ্ধে এখন মেচত। সেই কাণ্ড চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। বহুতে ভিনিচিয়াছৰ কাষত থিয় হৈছিল। তাৰ পিছতে ব্ৰাজিলত নতুন আইন প্ৰণয়ন কৰা হ’ল।

ব্ৰাজিলৰ স্থানীয় ফুটবলাৰসকলে এই আইনক সমৰ্থন কৰে। ব্ৰাজিল চৰকাৰে জুন মাহত এই আইন প্ৰৱৰ্তন কৰিছে। নাম দিয়া হৈছে ‘ভিনি জুনিয়ৰ এক্ট’। এই আইনখনত বৰ্ণবাদী আক্ৰমণ ৰোধৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু কিয় মানুহক সজাগ কৰিব লাগে সেই বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে।

মাৰাকানা ষ্টেডিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত ভিনিচিয়াছে আ্ইনখনৰ বিষয়ে কয়- ''আজি এটা বিশেষ দিন। আশাকৰোঁ মোৰ পৰিয়ালে গৌৰৱ কৰিব। কেতিয়াও ভবা নাছিলো যে এদিন মোৰ নামেৰে এখন আইনৰ নাম ৰখা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক