--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্ণবাদ ৰোধৰ বাবে ব্ৰাজিলে নতুন আইন প্ৰৱৰ্তন কৰিলে। সেই আইনখনৰ নাম সেই দেশৰ ফুটবলাৰ ভিনিচিয়াছ জুনিয়ৰৰ নামেৰে ৰখা হৈছে। নতুন আইন অনুসৰি খেলৰ সময়ত যিকোনো বৰ্ণবাদী কাণ্ডৰ ফলত খেল বন্ধ বা পিছুৱাই দিয়া হ’ব।

উল্লেখ্য যে স্পেনিছ ঘৰুৱা লীগত ৰিয়েল মাদ্রিদৰ হৈ খেলি থকাৰ সময়তে ভিনিচিয়াছক ১০ বাৰ বৰ্ণবাদী নিৰ্যাতন চলোৱা হৈছিল। শেষবাৰৰ বাবে তেওঁক বৰ্ণবাদী নিৰ্যাতন চলোৱা হৈছিল মে’ মাহত ভেলেন্সিয়াৰ বিৰুদ্ধে এখন মেচত। সেই কাণ্ড চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। বহুতে ভিনিচিয়াছৰ কাষত থিয় হৈছিল। তাৰ পিছতে ব্ৰাজিলত নতুন আইন প্ৰণয়ন কৰা হ’ল।

ব্ৰাজিলৰ স্থানীয় ফুটবলাৰসকলে এই আইনক সমৰ্থন কৰে। ব্ৰাজিল চৰকাৰে জুন মাহত এই আইন প্ৰৱৰ্তন কৰিছে। নাম দিয়া হৈছে ‘ভিনি জুনিয়ৰ এক্ট’। এই আইনখনত বৰ্ণবাদী আক্ৰমণ ৰোধৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু কিয় মানুহক সজাগ কৰিব লাগে সেই বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে।

মাৰাকানা ষ্টেডিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত ভিনিচিয়াছে আ্ইনখনৰ বিষয়ে কয়- ''আজি এটা বিশেষ দিন। আশাকৰোঁ মোৰ পৰিয়ালে গৌৰৱ কৰিব। কেতিয়াও ভবা নাছিলো যে এদিন মোৰ নামেৰে এখন আইনৰ নাম ৰখা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে