--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতা এনেকুৱা এটা ফল, যিটো গ্ৰীষ্ম আৰু শীতকালৰ যিকোনো বতৰত খাব পাৰে। ইয়াত এনে বহুতো পুষ্টিকৰ উপাদান থাকে, যিয়ে আমাক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। কিন্তু আপুনি হয়তো নাজানে যে অমিতাৰ ভিতৰত পোৱা ক’লা গুটিবোৰো অতি উপকাৰী। ইয়াত এনে বহুতো পুষ্টিকৰ উপাদান থাকে, যাৰ বাবে আমাৰ শৰীৰ শক্তিশালী হৈ থাকে। আজি আমি আপোনালোকক জনাম অমিতা গুটিৰ উপকাৰিতাৰ বিষয়ে।

অমিতা গুটিৰ উপকাৰিতা

১) চৰ্দি আৰু কাহত উপকাৰীঃ  চৰ্দি, কাহ আৰু জ্বৰত অমিতা গুটিয়ে প্ৰচণ্ড সকাহ দিয়ে। এইবোৰ সেৱন কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে আৰু হৃদযন্ত্ৰইও সঠিকভাৱে কাম কৰে। যিসকল লোকে নিয়মিতভাৱে বীজ খাই থাকে, তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আনতকৈ ভাল আৰু তেওঁলোকে সৰু সৰু বতৰৰ ৰোগৰ পৰা আঁতৰি থাকে।

২) পেটৰ সমস্যাৰ পৰা উপশমঃ এই গুটিবোৰে পেটৰ সমস্যা কমোৱাৰ কাম কৰে। ইয়াৰ লগতে কলেষ্টেৰলো নিয়ন্ত্ৰণত থাকে। অমিতা গুটিত প্ৰটিঅ’লাইটিক এনজাইম থাকে, যিবোৰ অন্ত্ৰৰ ফিটনেছৰ বাবে ভাল বুলি জনা যায়। পিৰিয়ডৰ বিষত ভুগি থকা মহিলাসকলৰ বাবেও অমিতা গুটি অতি উপকাৰী।

৩) মেদবহুলতা নিয়ন্ত্ৰণত থাকেঃ অমিতাৰ গুটিত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যিয়ে মেদবহুলতা নিয়ন্ত্ৰণত সহায় কৰে। এই বীজবোৰে শৰীৰৰ চৰ্বি গলোৱাৰ কাম কৰে আৰু আমাৰ শৰীৰটোক ফিট কৰি ৰাখে। ইয়াত পোৱা পুষ্টিকৰ উপাদানৰ বাবে আমাৰ মুখ আৰু শৰীৰত গ্লো থাকে।

কেনেদৰে ব্যৱহাৰ কৰিব অমিতাৰ গুটি?

অমিতাৰ গুটি (Papaya Seeds) ব্যৱহাৰ কৰিবলৈ প্ৰথমে শুকুৱাব লাগিব। ইয়াৰ পিছত সেইবোৰ পিহি গুড়ি বনাওক। তাৰ পিছত আধা চামুচ অমিতাৰ গুটিৰ গুড়ি গৰম পানীৰ লগত খালে আচৰিত ধৰণৰ উপকাৰ পোৱা যায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক