--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলেষ্টেৰল হৈছে এক প্ৰকাৰৰ চৰ্বিযুক্ত, তেলীয়া ষ্টেৰইড যি কোষৰ আৱৰণত পোৱা যায় আৰু সকলো প্ৰাণীৰ তেজত থাকে। সুস্থ শৰীৰৰ বাবে প্ৰচুৰ পৰিমাণে কলেষ্টেৰলৰ প্ৰয়োজন। কোষ গঠনত কলেষ্টেৰলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই স্নায়ুকোষক সুৰক্ষা প্ৰদান, ভিটামিন আৰু হৰম’ন তৈয়াৰ কৰাৰ কাম কৰে। মাংস আৰু দুগ্ধজাত সামগ্ৰীয়ে শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে।

কলেষ্টেৰল মূলতঃ দুবিধ, ভাল কলেষ্টেৰল আৰু বেয়া কলেষ্টেৰল। ভাল কলেষ্টেৰল অতি ভাল বুলি গণ্য কৰা হয়, যিটো আমাৰ শৰীৰৰ বহুত প্ৰয়োজন হয়, আনহাতে বেয়া কলেষ্টেৰল শৰীৰৰ বাবে অতি বেয়া বুলি গণ্য কৰা হয়। শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পালে হৃদৰোগ আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

সাধাৰণতে আমাৰ তেজত কলেষ্টেৰল থাকে। কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ বাবে ই ৰক্তবাহী নলীত জমা হ’বলৈ আৰম্ভ কৰে। যাৰ বাবে হৃদযন্ত্ৰলৈ তেজৰ সোঁত কমি যায়। ইয়াৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। যদি আৰম্ভণিতে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বাঢ়ি যায়, তেন্তে সাধাৰণতে ইয়াৰ কোনো লক্ষণ দেখা নাযায়। এই কাৰণে ইয়াক নীৰৱ হত্যাকাৰী বুলিও কোৱা হয়। যেতিয়া তেজত কলেষ্টেৰলৰ পৰিমাণ বেছি হয় তেতিয়া আপোনাৰ ধমনীত ই জমা হ’বলৈ আৰম্ভ কৰে। ধমনীত কলেষ্টেৰল জমা হ’লে আমাৰ শৰীৰে বিভিন্ন সংকেত প্ৰেৰণ কৰে। এই লক্ষণবোৰক আওকাণ নকৰাটো গুৰুত্বপূৰ্ণ। 

কলেষ্টেৰলৰ লক্ষণসমূহ কি কি? 

উচ্চ কলেষ্টেৰলৰ কোনো নিৰ্দিষ্ট লক্ষণ দেখা নাযায়। এই কাৰণেই চিকিৎসকে সদায় তেজৰ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু কিছুমান লক্ষণ আছে যাৰ জৰিয়তে আপুনি জানিব পাৰে যে আপোনাৰ তেজত বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাইছে।

১) ওকট পাকট লগা

২) গাটো জঠৰ যেন লগা

৩) অত্যধিক ভাগৰুৱা

৪) বুকুৰ বিষ 

৫) উশাহ লোৱাত অসুবিধা হোৱা

৬) হাত-ভৰিত অত্যধিক ঠাণ্ডা লগা

৭) উচ্চ ৰক্তচাপ

যদি আপুনি ওপৰত উল্লেখ কৰা কোনো লক্ষণ দেখা পাইছে তেন্তে লগে লগে চিকিৎসকৰ ওচৰলৈ গৈ পৰীক্ষা কৰাব লাগে। মনত ৰাখিব যে তেজৰ পৰীক্ষাৰ জৰিয়তেহে গম পোৱা যাব যে আপোনাৰ ভিতৰত কোনো গুৰুতৰ সমস্যা চলি আছে নে নাই। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement