--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলেষ্টেৰল হৈছে এক প্ৰকাৰৰ চৰ্বিযুক্ত, তেলীয়া ষ্টেৰইড যি কোষৰ আৱৰণত পোৱা যায় আৰু সকলো প্ৰাণীৰ তেজত থাকে। সুস্থ শৰীৰৰ বাবে প্ৰচুৰ পৰিমাণে কলেষ্টেৰলৰ প্ৰয়োজন। কোষ গঠনত কলেষ্টেৰলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই স্নায়ুকোষক সুৰক্ষা প্ৰদান, ভিটামিন আৰু হৰম’ন তৈয়াৰ কৰাৰ কাম কৰে। মাংস আৰু দুগ্ধজাত সামগ্ৰীয়ে শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে।

কলেষ্টেৰল মূলতঃ দুবিধ, ভাল কলেষ্টেৰল আৰু বেয়া কলেষ্টেৰল। ভাল কলেষ্টেৰল অতি ভাল বুলি গণ্য কৰা হয়, যিটো আমাৰ শৰীৰৰ বহুত প্ৰয়োজন হয়, আনহাতে বেয়া কলেষ্টেৰল শৰীৰৰ বাবে অতি বেয়া বুলি গণ্য কৰা হয়। শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পালে হৃদৰোগ আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

সাধাৰণতে আমাৰ তেজত কলেষ্টেৰল থাকে। কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ বাবে ই ৰক্তবাহী নলীত জমা হ’বলৈ আৰম্ভ কৰে। যাৰ বাবে হৃদযন্ত্ৰলৈ তেজৰ সোঁত কমি যায়। ইয়াৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। যদি আৰম্ভণিতে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বাঢ়ি যায়, তেন্তে সাধাৰণতে ইয়াৰ কোনো লক্ষণ দেখা নাযায়। এই কাৰণে ইয়াক নীৰৱ হত্যাকাৰী বুলিও কোৱা হয়। যেতিয়া তেজত কলেষ্টেৰলৰ পৰিমাণ বেছি হয় তেতিয়া আপোনাৰ ধমনীত ই জমা হ’বলৈ আৰম্ভ কৰে। ধমনীত কলেষ্টেৰল জমা হ’লে আমাৰ শৰীৰে বিভিন্ন সংকেত প্ৰেৰণ কৰে। এই লক্ষণবোৰক আওকাণ নকৰাটো গুৰুত্বপূৰ্ণ। 

কলেষ্টেৰলৰ লক্ষণসমূহ কি কি? 

উচ্চ কলেষ্টেৰলৰ কোনো নিৰ্দিষ্ট লক্ষণ দেখা নাযায়। এই কাৰণেই চিকিৎসকে সদায় তেজৰ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু কিছুমান লক্ষণ আছে যাৰ জৰিয়তে আপুনি জানিব পাৰে যে আপোনাৰ তেজত বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাইছে।

১) ওকট পাকট লগা

২) গাটো জঠৰ যেন লগা

৩) অত্যধিক ভাগৰুৱা

৪) বুকুৰ বিষ 

৫) উশাহ লোৱাত অসুবিধা হোৱা

৬) হাত-ভৰিত অত্যধিক ঠাণ্ডা লগা

৭) উচ্চ ৰক্তচাপ

যদি আপুনি ওপৰত উল্লেখ কৰা কোনো লক্ষণ দেখা পাইছে তেন্তে লগে লগে চিকিৎসকৰ ওচৰলৈ গৈ পৰীক্ষা কৰাব লাগে। মনত ৰাখিব যে তেজৰ পৰীক্ষাৰ জৰিয়তেহে গম পোৱা যাব যে আপোনাৰ ভিতৰত কোনো গুৰুতৰ সমস্যা চলি আছে নে নাই। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু