--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাগু আমাৰ সকলোৰে পৰিচিত এক খাদ্য।  বহু মানুহে ব্ৰতত চাগু খায়। চাগু অতি পুষ্টিকৰ খাদ্য। ইয়াৰ অনেক উপকাৰিতা আছে। চাগুদানাত ষ্টাৰ্চ বা শৰ্কৰাৰ পৰিমাণ অত্যধিক বেছি। কমপ্লেক্স কাৰ্ববোৰে শৰীৰক যথেষ্ট শক্তি প্ৰদান কৰে। প্ৰ'টিন আৰু ভিটামিনৰ পৰিমাণো চাগুদানাত কম ৷অৱশ্যে চাগুৰ সৰ্বশ্ৰেষ্ঠ অংশটো হ'ল যে ই গ্লুটেন-মুক্ত৷ চাগু কিছুমানে তিয়াই খায় আৰু কিছুমানে সিজায় খায়। লগত থাকে গাখীৰ, গুড়, চেনী, কল আদি। চাগুৰে পায়সো বনাব পাৰি। চাগুৰ উপকাৰিতাৰ বিষয়ে জানি লওক। 

চাগুৰ উপকাৰিতা

১) চাগুদানাই কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে৷   

২)  ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৩) চাগুদানাত ভিটামিন বি-৬ আৰু ফলেট থাকে। ফলস্বৰূপে, ই ভ্ৰূণৰ কল্যাণৰ বাবে অতি উপকাৰী।

৪) গৰ্ভৱতী মহিলাই চাগু খালে ভাল। 

৫) ই পেট ঠাণ্ডা কৰি ৰাখে।

৬) ব'ডীবিল্ডিং কৰা মানুহে চাগুদানা খালে ভাল । চাগু খালে শৰীৰচৰ্চা ভাল হয় । ই শৰীৰক দ্ৰুত শক্তি প্ৰদান কৰে, কিয়নো ই শ্বেতসাৰেৰে পৰিপূৰ্ণ।

৭) যদি আপোনাৰ আহাৰত চাগুদানা থাকে, তেন্তে ওজন বৃদ্ধিৰ বাবে ই এক সহায়ক স্থিতি হ'ব । কম ওজনৰ আহাৰত চাগুদানা থকাটো ভাল। 

৮) হৃদৰোগৰ আশংকাও হ্ৰাস কৰে৷ 
 
৯)কেলচিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ চাগুদানাই হাড়ৰ ঘনত্ব উন্নত কৰে ৷

১০)আৰ্থ্ৰাইটিছ ৰোগৰ পৰা সকাহ দিয়ে৷

 যিহেতু চাগুদানা নিজেই শৰ্কৰাৰে ভৰপূৰ, সেয়েহে ইয়াত চেনী কমকৈ দিলে ভাল। চাগুৰ উপকাৰিতাৰ বিষয়ে বুজি লৈ আপুনি ইয়াক গ্ৰহণ কৰাত আগভাগ লওক। সুস্বাস্থ্যৱান হৈ থকাত চাগুৰ অৱদান অনেক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ