--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জাতিলাও অসমীয়া সমাজত এক জনপ্ৰিয় আৰু লগতে এবিধ পুষ্টিকৰ পাচলি। এই পাচলি বহু স্বাস্থ্য বিশেষজ্ঞই খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু আপুনি জানেনে যে লাওৰ দৰে ইয়াৰ পাতবোৰো বহুতো গুণেৰে ভৰপূৰ। হয়, লাও পাতত আঁহ, চৰ্বি, খনিজ পদাৰ্থ, কেলচিয়াম আৰু ফছফৰাছৰ আদিৰ অতি উত্তম উৎস, যিয়ে ওজন নিয়ন্ত্ৰণ কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।

জানো আহক লাওপাতৰ স্বাস্থ্য উপকাৰিতা কি কি। ওজন হ্ৰাস কৰাৰ পৰা আৰম্ভ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰালৈকে লাওৰ পাৰ উপকাৰিতাসমূহ জানো আহক -

ওজন কমোৱা: জাতিলাও পাতত আঁহ পোৱা যায়। ইয়াক সেৱন কৰিলে আপোনাৰ শৰীৰে প্ৰচুৰ পৰিমাণে আঁহ পায়, যাৰ ফলত আপোনাৰ পেটটো বহুদিনলৈ ভৰি থাকে। এনে অৱস্থাত ই ওজন কমাবলৈ অতি ফলপ্ৰসূ হ’ব পাৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব: জাতিলাওৰ পাত সেৱন কৰিলে শৰীৰে প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট পায় যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ কাম কৰে। যদি আপুনি ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে নিয়মিতভাৱে লাওপাত খাদ্যত অন্তৰ্ভুক্ত কৰক।

হাড়বোৰ শক্তিশালী হৈ পৰিব: লাওপাতত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে যি হাড়ৰ বাবে উপকাৰী বুলি বিবেচিত হয়। ইয়াৰ ব্যৱহাৰে আপোনাৰ হাড় আৰু পেশী শক্তিশালী কৰিব পাৰে।

শক্তি বৃদ্ধি কৰে: লাও পাতত স্বাস্থ্যকৰ চৰ্বি থাকে যিয়ে আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰে। যদি আপুনি আপোনাৰ শৰীৰটো সক্ৰিয় কৰি ৰাখিব বিচাৰে, তেন্তে বটল লাওৰ পাতত উপস্থিত স্বাস্থ্যকৰ চৰ্বি সেৱন কৰক।

ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে: জাতিলাওৰ  পাত সেৱন কৰি  ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ পাতবোৰ দৈনিক খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। ই তেজত থকা চুগাৰৰ মাত্ৰা কমায়। ইয়াৰ বাবে প্ৰতিদিনে পুৱা খালী পেটত লাওপাতৰ ৰস খাব লাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক