--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীলংকালৈ ফুৰিবলৈ গৈ  এজন লোকে  দুৰ্ঘটনাত পত্নী, পুত্ৰ আৰু শহুৰেকক হেৰুওৱাৰ ঘটনাই আলোড়ণৰ সৃষ্টি কৰিছে। এনে সময়তে দিল্লীৰ এজন ব্যক্তিক  ৫০ লাখ টকা ক্ষতিপূৰণ হিচাবে  পৰিশোধ কৰিবলৈ ট্ৰেভেল এজেঞ্চী থমাছ কুক আৰু ৰেড এপল ট্ৰেভেলক নিৰ্দেশ দিয়া হৈছে৷ 

ডিচেম্বৰ ২০১৯ৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোক জনৰ পত্নী কানুপ্ৰিয়া চাইগল এনডিটিভিৰ নিউজ এংকৰ আছিল৷ কলম্বোত তেওঁলোকে যাত্ৰা কৰি থকা ভানখনৰ  এখন  কণ্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখী সংঘৰ্ষ হোৱাৰ ফলত তেওঁৰ পুত্ৰ শ্ৰেয়া চাইগল আৰু পিতৃ, বিখ্যাত হিন্দী সাহিত্যিক গংগা প্ৰসাদ বিমলৰ মৃত্যু হৈছিল। দুৰ্ঘটনাটোত ভানখনৰ ৫২ বছৰীয়া চালকজনো নিহত হৈছিল। তেওঁৰ স্বামী যোগেশ চাইগল আৰু তেওঁলোকৰ জীয়ৰী ঐশ্বৰ্য চাইগল কথমপি ৰক্ষা পৰিছিল। 

প্ৰায় চাৰি বছৰৰ পিছত, উপভোক্তা বিবাদ নিষ্পত্তি ফৰামে ট্ৰেভেল এজেন্সী দুটাক  যোগেশ চাইগলক ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। ট্ৰেভেল এজেন্সী থমাছ কুক আৰু ৰেড এপল ট্ৰেভেলৰ বিৰুদ্ধে গুৰুতৰ  অৱহেলাৰ অভিযোগ উঠিছিল। তেওঁলোকে নিয়োগ কৰা চালকজনৰ অৱহেলাৰ অভিযোগ উঠাৰ লগতে  আৰু ফুৰাবলৈ নি শ্ৰীলংকাত একো সহায় নকৰাৰো অভিযোগ উঠিছিল।  চাইগাল পৰিয়ালে থমাছ কুক আৰু ৰেড এপল ট্ৰেভেলৰ বিৰুদ্ধে তেওঁলোকৰ অৱহেলা আৰু দায়বদ্ধতাৰ   অভাৱৰ অভিযোগলৈ উপভোক্তা  ফ'ৰামৰ কাষ চাপিছিল। 

ফৰামে বিভ্ৰান্তিকৰ বিজ্ঞাপন আদিৰ বাবেও  ট্ৰেভেল এজেন্সী দুটাক জগৰীয়া কৰিছে। চাইগল পৰিয়ালে  ট্ৰেভেল এজেন্সী দুটাৰ পৰা  ৮.৯৯ কোটি টকাৰ ক্ষতি বিচাৰিছিল। চাইগালে ফৰামক  কৈছিল যে তেওঁ   তেওঁৰ পত্নী, শহুৰেক  আৰু পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়াতো  উপস্থিত থাকিব পৰা নাছিল।কিয়নো দুৰ্ঘটনাত  তেওঁৰো একাধিক হাড় ভঙাৰ ফলত   শ্ৰীলংকাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেওঁৰ পত্নী আৰু শহুৰেকৰ বিয়োগে তেওঁৰ শাহুৰ মনত গভীৰ  আঘাত দিছে। চাইগলে লগতে  কৈছিল যে দুৰ্ঘটনাত কিবাকৈ প্ৰাণৰক্ষা পৰা তেওঁৰ কন্যাই  গুৰুতৰ মানসিক আঘাতলৈ  এতিয়াও  যুঁজি আছে। তেওঁ স্বাভাৱিকভাৱে খোজ কাঢ়িব নোৱাৰে আৰু শোৱা তথা কথা কোৱাত  অসুবিধা পায়।  চাইগলৰ মন্তব্য শুনাৰ পিছত উপভোক্তা ফৰামে  ট্ৰেভেল এজেন্সী দুটাক তিনি মাহৰ ভিতৰত  ৫০  লাখ ক্ষতিপূৰণ আদায় দিবলৈ নিৰ্দেশ দিয়ে।







 


FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ