--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীলংকালৈ ফুৰিবলৈ গৈ  এজন লোকে  দুৰ্ঘটনাত পত্নী, পুত্ৰ আৰু শহুৰেকক হেৰুওৱাৰ ঘটনাই আলোড়ণৰ সৃষ্টি কৰিছে। এনে সময়তে দিল্লীৰ এজন ব্যক্তিক  ৫০ লাখ টকা ক্ষতিপূৰণ হিচাবে  পৰিশোধ কৰিবলৈ ট্ৰেভেল এজেঞ্চী থমাছ কুক আৰু ৰেড এপল ট্ৰেভেলক নিৰ্দেশ দিয়া হৈছে৷ 

ডিচেম্বৰ ২০১৯ৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোক জনৰ পত্নী কানুপ্ৰিয়া চাইগল এনডিটিভিৰ নিউজ এংকৰ আছিল৷ কলম্বোত তেওঁলোকে যাত্ৰা কৰি থকা ভানখনৰ  এখন  কণ্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখী সংঘৰ্ষ হোৱাৰ ফলত তেওঁৰ পুত্ৰ শ্ৰেয়া চাইগল আৰু পিতৃ, বিখ্যাত হিন্দী সাহিত্যিক গংগা প্ৰসাদ বিমলৰ মৃত্যু হৈছিল। দুৰ্ঘটনাটোত ভানখনৰ ৫২ বছৰীয়া চালকজনো নিহত হৈছিল। তেওঁৰ স্বামী যোগেশ চাইগল আৰু তেওঁলোকৰ জীয়ৰী ঐশ্বৰ্য চাইগল কথমপি ৰক্ষা পৰিছিল। 

প্ৰায় চাৰি বছৰৰ পিছত, উপভোক্তা বিবাদ নিষ্পত্তি ফৰামে ট্ৰেভেল এজেন্সী দুটাক  যোগেশ চাইগলক ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। ট্ৰেভেল এজেন্সী থমাছ কুক আৰু ৰেড এপল ট্ৰেভেলৰ বিৰুদ্ধে গুৰুতৰ  অৱহেলাৰ অভিযোগ উঠিছিল। তেওঁলোকে নিয়োগ কৰা চালকজনৰ অৱহেলাৰ অভিযোগ উঠাৰ লগতে  আৰু ফুৰাবলৈ নি শ্ৰীলংকাত একো সহায় নকৰাৰো অভিযোগ উঠিছিল।  চাইগাল পৰিয়ালে থমাছ কুক আৰু ৰেড এপল ট্ৰেভেলৰ বিৰুদ্ধে তেওঁলোকৰ অৱহেলা আৰু দায়বদ্ধতাৰ   অভাৱৰ অভিযোগলৈ উপভোক্তা  ফ'ৰামৰ কাষ চাপিছিল। 

ফৰামে বিভ্ৰান্তিকৰ বিজ্ঞাপন আদিৰ বাবেও  ট্ৰেভেল এজেন্সী দুটাক জগৰীয়া কৰিছে। চাইগল পৰিয়ালে  ট্ৰেভেল এজেন্সী দুটাৰ পৰা  ৮.৯৯ কোটি টকাৰ ক্ষতি বিচাৰিছিল। চাইগালে ফৰামক  কৈছিল যে তেওঁ   তেওঁৰ পত্নী, শহুৰেক  আৰু পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়াতো  উপস্থিত থাকিব পৰা নাছিল।কিয়নো দুৰ্ঘটনাত  তেওঁৰো একাধিক হাড় ভঙাৰ ফলত   শ্ৰীলংকাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেওঁৰ পত্নী আৰু শহুৰেকৰ বিয়োগে তেওঁৰ শাহুৰ মনত গভীৰ  আঘাত দিছে। চাইগলে লগতে  কৈছিল যে দুৰ্ঘটনাত কিবাকৈ প্ৰাণৰক্ষা পৰা তেওঁৰ কন্যাই  গুৰুতৰ মানসিক আঘাতলৈ  এতিয়াও  যুঁজি আছে। তেওঁ স্বাভাৱিকভাৱে খোজ কাঢ়িব নোৱাৰে আৰু শোৱা তথা কথা কোৱাত  অসুবিধা পায়।  চাইগলৰ মন্তব্য শুনাৰ পিছত উপভোক্তা ফৰামে  ট্ৰেভেল এজেন্সী দুটাক তিনি মাহৰ ভিতৰত  ৫০  লাখ ক্ষতিপূৰণ আদায় দিবলৈ নিৰ্দেশ দিয়ে।







 


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ