--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰ্মা চৰকাৰৰ দিনত ক্ৰমাৎ নিষ্পত্তিৰ দিশে আগবাঢ়িছে অসম-মেঘালয়ৰ সৈতে থকা দীর্ঘদিনীয়া সীমা বিবাদ। কইনাধৰাত সৰ্বদলীয় বৈঠকৰ অন্তত বিষয়টো লৈ প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই চৰকাৰক সমালোচনা কৰিছিল। ভূপেন বৰাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে মন্ত্ৰী পীযূষ হাজৰিকাই মন্ত্ৰীগৰাকীয়ে কয়, 'মেঘালয়ৰ সৈতে থকা সীমা সমস্যা সমাধানৰ বাবে চেষ্টা কৰা হৈছে। সিদ্ধান্ত লোৱা হোৱা নাই। লোকসভা আৰু ৰাজ্যসভাত বিল পাছ হ'লেহে সমাধান হ'ব। সীমান্তবাসী ৰাইজৰ মতামত লোৱা হৈছে। কংগ্ৰেছে ৰাজনীতি কৰি আছে, কংগ্ৰেছৰ দিনতে সমস্যা সমাধান হ'ব লাগিছিল। কংগ্ৰেছে কেৱল ৰাজনীতি কৰে। সীমান্তবাসীৰ সমস্যা সমাধান নিবিচাৰে। সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়ন নিবিচাৰে কংগ্ৰেছে। আমি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছো। কংগ্ৰেছে বিচাৰে অৰুণাচল, মেঘালয়, নাগালেণ্ডৰ লগত কাজিয়া সদায় অব্যাহত থাকক।’ অসম-মেঘালয় সীমা সমস্যাৰ ওপৰত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে গৃহ মন্ত্ৰী অমিত শ্বাহক দিব প্ৰতিবেদন। সীমান্তৰ ৰাইজৰ আবেগক আগস্থান দি বিবাদ মীমাংসাৰ দিশে দুয়ো ৰাজ্য। ৰাইজৰ মতামত, ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠনৰ মতামত লৈ সাজু প্ৰতিবেদন। বুলি মন্তব্য কৰে পীযূষ হাজৰিকাই। ভূপেন বৰাৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী পীযূষ হাজৰিকাই কয় যে কংগ্ৰেছৰ বাবেই দীৰ্ঘদিন ধৰি সমাধান হোৱা নাছিল সীমা সমস্যা। কংগ্ৰেছে ৰাজনীতি কৰিবৰ বাবে সমস্যা জীয়াই ৰাখিব বিচাৰে। সীমান্তৰ কিছু ৰাইজে অসমত আৰু কিছু ৰাইজ মেঘালয়ত থাকিব বিচাৰে। ৰাইজৰ ইচ্ছাক অগ্ৰাধিকাৰ দিয়া হৈছে। কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিৰোধিতা কৰি লাভ নাই। সমস্যা সমাধান হ'ব দেশৰ লোকসভা আৰু বিধানসভাত। ভূপেন বৰা তিনিবাৰ হৰা মানুহ, প্ৰথমে ৰাইজৰ জনাদেশ লৈ জিকি আহক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ