--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰ্মা চৰকাৰৰ দিনত ক্ৰমাৎ নিষ্পত্তিৰ দিশে আগবাঢ়িছে অসম-মেঘালয়ৰ সৈতে থকা দীর্ঘদিনীয়া সীমা বিবাদ। কইনাধৰাত সৰ্বদলীয় বৈঠকৰ অন্তত বিষয়টো লৈ প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই চৰকাৰক সমালোচনা কৰিছিল। ভূপেন বৰাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে মন্ত্ৰী পীযূষ হাজৰিকাই মন্ত্ৰীগৰাকীয়ে কয়, 'মেঘালয়ৰ সৈতে থকা সীমা সমস্যা সমাধানৰ বাবে চেষ্টা কৰা হৈছে। সিদ্ধান্ত লোৱা হোৱা নাই। লোকসভা আৰু ৰাজ্যসভাত বিল পাছ হ'লেহে সমাধান হ'ব। সীমান্তবাসী ৰাইজৰ মতামত লোৱা হৈছে। কংগ্ৰেছে ৰাজনীতি কৰি আছে, কংগ্ৰেছৰ দিনতে সমস্যা সমাধান হ'ব লাগিছিল। কংগ্ৰেছে কেৱল ৰাজনীতি কৰে। সীমান্তবাসীৰ সমস্যা সমাধান নিবিচাৰে। সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়ন নিবিচাৰে কংগ্ৰেছে। আমি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছো। কংগ্ৰেছে বিচাৰে অৰুণাচল, মেঘালয়, নাগালেণ্ডৰ লগত কাজিয়া সদায় অব্যাহত থাকক।’ অসম-মেঘালয় সীমা সমস্যাৰ ওপৰত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে গৃহ মন্ত্ৰী অমিত শ্বাহক দিব প্ৰতিবেদন। সীমান্তৰ ৰাইজৰ আবেগক আগস্থান দি বিবাদ মীমাংসাৰ দিশে দুয়ো ৰাজ্য। ৰাইজৰ মতামত, ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠনৰ মতামত লৈ সাজু প্ৰতিবেদন। বুলি মন্তব্য কৰে পীযূষ হাজৰিকাই। ভূপেন বৰাৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী পীযূষ হাজৰিকাই কয় যে কংগ্ৰেছৰ বাবেই দীৰ্ঘদিন ধৰি সমাধান হোৱা নাছিল সীমা সমস্যা। কংগ্ৰেছে ৰাজনীতি কৰিবৰ বাবে সমস্যা জীয়াই ৰাখিব বিচাৰে। সীমান্তৰ কিছু ৰাইজে অসমত আৰু কিছু ৰাইজ মেঘালয়ত থাকিব বিচাৰে। ৰাইজৰ ইচ্ছাক অগ্ৰাধিকাৰ দিয়া হৈছে। কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিৰোধিতা কৰি লাভ নাই। সমস্যা সমাধান হ'ব দেশৰ লোকসভা আৰু বিধানসভাত। ভূপেন বৰা তিনিবাৰ হৰা মানুহ, প্ৰথমে ৰাইজৰ জনাদেশ লৈ জিকি আহক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু