--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিধানসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে উত্তৰ প্ৰদেশত তীব্ৰ হৈ পৰিছে ভঙা-পতাৰ খেল। প্ৰথমে অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীয়ে বিজেপিত ভাঙোন সৃষ্টি কৰাৰ পাছত এইবাৰ বিজেপিয়ে তেওঁলোকৰ খেল দেখুৱাবলৈ আৰম্ভ কৰিছে। বিজেপিয়ে অখিলেশ যাদৱৰ ঘৰতেই প্ৰথমে আঘাত হনাটোৱে স্নায়ু যুঁজখনত বিজেপিৰ অগ্ৰগতিকে যেন সূচাইছে। উল্লেখ্য যে, বুধবাৰে অখিলেশ যাদৱৰ ভাইবোৱাৰী অৰ্থাত মুলায়ম সিং যাদৱৰ বোৱাৰী অপৰ্না যাদৱে যোগ দিছিল বিজেপিত। এই ধাৰাবাহিকতা অব্যাহত আছে। এইবাৰ মুলায়ম সিং যাদৱৰ আন এজন আত্মীয় তথা সমাজবাদী পাৰ্টীৰ প্ৰাক্তন বিধায়ক প্ৰমোদ গুপ্তা আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা মৌৰ্যই যোগ দিছে বিজেপিত। অখিলেশ-মুলায়মৰ ঘৰতে পোনপটীয়াকৈ আক্ৰমণ চলাই বিজেপিয়ে যেন তেওঁলোকৰ মনোভাব স্পষ্ট কৰি দিছে। উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিত কংগ্ৰেছে বৰ বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ‘লড়কী হু লড় ছকতী হুঁ’ কেম্পেইন আৰম্ভ কৰিছে যদিও তাৰ প্ৰভাৱ বৰ পৰিলক্ষিত হোৱা নাই। কিয়নো বৃহস্পতিবাৰে বিজেপিত যোগ দিয়া প্ৰিয়ংকা মৌৰ্য আছিল প্ৰিয়ংকা গান্ধীৰ ‘লড়কী হু লড় ছকতী হুঁ’ কেম্পেইনৰ পোষ্টাৰ গাৰ্ল। অৰ্থাত কংগ্ৰেছে যি মূল থীম লৈ এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ভাবিছিল সেয়া কলিতে ব্যৰ্থ হৈছে। আৰু এতিয়া যুঁজ চলিছে কেৱল বিজেপি আৰু সমাজবাদী পাৰ্টীৰ মাজত। বিজেপিয়ে সমাজবাদী পাৰ্টীৰ পৰা নেতাক ভাঙি নিজৰ দললৈ অনাৰ চেষ্টা কৰিছে আৰু অখিলেশ-মুলায়মৰ ঘৰলতেই প্ৰথমে হাত দিছে। কিন্তু এইসকল নেতাৰ ৰাজনৈতিক প্ৰভাৱ কি সেয়া লক্ষ্যণীয় বিষয়। ইফালে কিন্তু বিজেপি এৰি অহা তিনিগৰাকী মন্ত্ৰী তথা প্ৰায় এক ডজন বিধায়কে বিজেপিক অতি অস্বস্তিত পেলোৱাটো স্পষ্ট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু