--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিধানসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে উত্তৰ প্ৰদেশত তীব্ৰ হৈ পৰিছে ভঙা-পতাৰ খেল। প্ৰথমে অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীয়ে বিজেপিত ভাঙোন সৃষ্টি কৰাৰ পাছত এইবাৰ বিজেপিয়ে তেওঁলোকৰ খেল দেখুৱাবলৈ আৰম্ভ কৰিছে। বিজেপিয়ে অখিলেশ যাদৱৰ ঘৰতেই প্ৰথমে আঘাত হনাটোৱে স্নায়ু যুঁজখনত বিজেপিৰ অগ্ৰগতিকে যেন সূচাইছে। উল্লেখ্য যে, বুধবাৰে অখিলেশ যাদৱৰ ভাইবোৱাৰী অৰ্থাত মুলায়ম সিং যাদৱৰ বোৱাৰী অপৰ্না যাদৱে যোগ দিছিল বিজেপিত। এই ধাৰাবাহিকতা অব্যাহত আছে। এইবাৰ মুলায়ম সিং যাদৱৰ আন এজন আত্মীয় তথা সমাজবাদী পাৰ্টীৰ প্ৰাক্তন বিধায়ক প্ৰমোদ গুপ্তা আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা মৌৰ্যই যোগ দিছে বিজেপিত। অখিলেশ-মুলায়মৰ ঘৰতে পোনপটীয়াকৈ আক্ৰমণ চলাই বিজেপিয়ে যেন তেওঁলোকৰ মনোভাব স্পষ্ট কৰি দিছে। উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিত কংগ্ৰেছে বৰ বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ‘লড়কী হু লড় ছকতী হুঁ’ কেম্পেইন আৰম্ভ কৰিছে যদিও তাৰ প্ৰভাৱ বৰ পৰিলক্ষিত হোৱা নাই। কিয়নো বৃহস্পতিবাৰে বিজেপিত যোগ দিয়া প্ৰিয়ংকা মৌৰ্য আছিল প্ৰিয়ংকা গান্ধীৰ ‘লড়কী হু লড় ছকতী হুঁ’ কেম্পেইনৰ পোষ্টাৰ গাৰ্ল। অৰ্থাত কংগ্ৰেছে যি মূল থীম লৈ এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ভাবিছিল সেয়া কলিতে ব্যৰ্থ হৈছে। আৰু এতিয়া যুঁজ চলিছে কেৱল বিজেপি আৰু সমাজবাদী পাৰ্টীৰ মাজত। বিজেপিয়ে সমাজবাদী পাৰ্টীৰ পৰা নেতাক ভাঙি নিজৰ দললৈ অনাৰ চেষ্টা কৰিছে আৰু অখিলেশ-মুলায়মৰ ঘৰলতেই প্ৰথমে হাত দিছে। কিন্তু এইসকল নেতাৰ ৰাজনৈতিক প্ৰভাৱ কি সেয়া লক্ষ্যণীয় বিষয়। ইফালে কিন্তু বিজেপি এৰি অহা তিনিগৰাকী মন্ত্ৰী তথা প্ৰায় এক ডজন বিধায়কে বিজেপিক অতি অস্বস্তিত পেলোৱাটো স্পষ্ট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ