--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশৰ ৰাজনীতিত আৰম্ভ হ’ল ভাতৃ বনাম ভগ্নীৰ যুঁজ। অনন্তপুৰ জিলা ৰায়দুৰ্গৰ বিধায়ক কে ৰামচন্দ্ৰ ৰেড্ডীয়ে মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ ভগ্নী আৰু অবিভক্ত অন্ধ্ৰ প্ৰয়াত মুখ্যমন্ত্ৰী ৱাই এছ ৰাজাশেখৰ ৰেড্ডীৰ কন্যা শৰ্মিলাৰ নেতৃত্বত কংগ্ৰেছত যোগদান কৰাৰ কথা ঘোষণা কৰিছে।

জগনৰ দল ৱাই এছ আৰ কংগ্ৰেছৰ দুবাৰৰ বিধায়ক ৰামচন্দ্ৰই এই সপ্তাহত অন্ধ্ৰ নেতা ৰঘুবীৰ ৰেড্ডী আৰু শৰ্মিলাক সাক্ষাৎ কৰে বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ পাছত তেওঁ বুধবাৰে কংগ্ৰেছত যোগদান কৰাৰ কথা ঘোষণা কৰে। জগন-শৰ্মিলা জিলাৰ অনন্তপুৰৰ নেতাগৰাকী আছিল প্ৰয়াত ৰাজশেখৰৰ ঘনিষ্ঠ অনুগামী। ২০১২ চনত জগনৰ দলত যোগদান কৰাৰ সময়ত তেওঁ কংগ্ৰেছৰ বিধায়ক আছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে, অন্ধ্ৰত আগন্তুক বিধানসভা নিৰ্বাচনত ৰামচন্দ্ৰৰ পত্নী বা পুত্ৰক ৰায়দুৰ্গাত থিয় কৰাব পাৰে। চুবুৰীয়া কল্যানদুৰ্গ আসনৰ পৰা ৰামচন্দ্ৰই প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। শৰ্মিলা-ৰামচন্দ্ৰৰ পাছত ৰাজশেখৰৰ ঘনিষ্ঠ প্ৰাক্তন মন্ত্ৰী কন্থলা ৰামকৃষ্ণ, বিদ্ৰোহী ৱাই এছ আৰ কংগ্ৰেছৰ বিধায়ক ৰামকৃষ্ণ ৰেড্ডী (অন্ধ্ৰ ৰাজনীতিত জনপ্ৰিয়ভাৱে ‘আৰ কে’ নামেৰে পৰিচিত)ৰ দৰে নেতাই কংগ্ৰেছত যোগদান কৰিবলৈ সাজু হৈছে বুলি দলৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

৪ জানুৱাৰীত ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেৰ উপস্থিতিত শৰ্মিলাই কংগ্ৰেছত যোগদান কৰে। শৰ্মিলাৰ সহায়ত অন্ধ্ৰ ৰাজনীতি পুনৰুজ্জীৱিত কৰিব পৰা যাব বুলি কংগ্ৰেছৰ পৰা তাৎক্ষণিক ইংগিত পোৱা গৈছিল। বিগত দুটা বিধানসভা আৰু লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে অন্ধ্ৰত এখনো আসন লাভ কৰিব নোৱাৰিলে। শেহতীয়াকৈ ৱাই এছ আৰ কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই মুখ্যমন্ত্ৰী জগনমোহনৰ বিৰুদ্ধে বিদ্ৰোহ আৰু দুৰ্নীতিৰ গোচৰত তেলেগু দেশম পাৰ্টিৰ নেতা চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰাৰ ফলত সৃষ্টি হোৱা ৰাজনৈতিক উত্তেজনাৰ সুযোগ ল’ব বিচাৰিছে।উল্লেখ্য যে চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে অন্ধ্ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান