--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশৰ ৰাজনীতিত আৰম্ভ হ’ল ভাতৃ বনাম ভগ্নীৰ যুঁজ। অনন্তপুৰ জিলা ৰায়দুৰ্গৰ বিধায়ক কে ৰামচন্দ্ৰ ৰেড্ডীয়ে মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ ভগ্নী আৰু অবিভক্ত অন্ধ্ৰ প্ৰয়াত মুখ্যমন্ত্ৰী ৱাই এছ ৰাজাশেখৰ ৰেড্ডীৰ কন্যা শৰ্মিলাৰ নেতৃত্বত কংগ্ৰেছত যোগদান কৰাৰ কথা ঘোষণা কৰিছে।

জগনৰ দল ৱাই এছ আৰ কংগ্ৰেছৰ দুবাৰৰ বিধায়ক ৰামচন্দ্ৰই এই সপ্তাহত অন্ধ্ৰ নেতা ৰঘুবীৰ ৰেড্ডী আৰু শৰ্মিলাক সাক্ষাৎ কৰে বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ পাছত তেওঁ বুধবাৰে কংগ্ৰেছত যোগদান কৰাৰ কথা ঘোষণা কৰে। জগন-শৰ্মিলা জিলাৰ অনন্তপুৰৰ নেতাগৰাকী আছিল প্ৰয়াত ৰাজশেখৰৰ ঘনিষ্ঠ অনুগামী। ২০১২ চনত জগনৰ দলত যোগদান কৰাৰ সময়ত তেওঁ কংগ্ৰেছৰ বিধায়ক আছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে, অন্ধ্ৰত আগন্তুক বিধানসভা নিৰ্বাচনত ৰামচন্দ্ৰৰ পত্নী বা পুত্ৰক ৰায়দুৰ্গাত থিয় কৰাব পাৰে। চুবুৰীয়া কল্যানদুৰ্গ আসনৰ পৰা ৰামচন্দ্ৰই প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। শৰ্মিলা-ৰামচন্দ্ৰৰ পাছত ৰাজশেখৰৰ ঘনিষ্ঠ প্ৰাক্তন মন্ত্ৰী কন্থলা ৰামকৃষ্ণ, বিদ্ৰোহী ৱাই এছ আৰ কংগ্ৰেছৰ বিধায়ক ৰামকৃষ্ণ ৰেড্ডী (অন্ধ্ৰ ৰাজনীতিত জনপ্ৰিয়ভাৱে ‘আৰ কে’ নামেৰে পৰিচিত)ৰ দৰে নেতাই কংগ্ৰেছত যোগদান কৰিবলৈ সাজু হৈছে বুলি দলৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

৪ জানুৱাৰীত ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেৰ উপস্থিতিত শৰ্মিলাই কংগ্ৰেছত যোগদান কৰে। শৰ্মিলাৰ সহায়ত অন্ধ্ৰ ৰাজনীতি পুনৰুজ্জীৱিত কৰিব পৰা যাব বুলি কংগ্ৰেছৰ পৰা তাৎক্ষণিক ইংগিত পোৱা গৈছিল। বিগত দুটা বিধানসভা আৰু লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে অন্ধ্ৰত এখনো আসন লাভ কৰিব নোৱাৰিলে। শেহতীয়াকৈ ৱাই এছ আৰ কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই মুখ্যমন্ত্ৰী জগনমোহনৰ বিৰুদ্ধে বিদ্ৰোহ আৰু দুৰ্নীতিৰ গোচৰত তেলেগু দেশম পাৰ্টিৰ নেতা চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰাৰ ফলত সৃষ্টি হোৱা ৰাজনৈতিক উত্তেজনাৰ সুযোগ ল’ব বিচাৰিছে।উল্লেখ্য যে চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে অন্ধ্ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু