--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ শিবিৰৰ অংক জংক-পংক৷ সুনীল কানুগোলু, কৰ্ণাটক আৰু তেলেংগানাত কংগ্ৰেছৰ জয়ৰ আঁৰৰ এগৰাকী ব্যক্তি৷ 

শেহতীয়া খবৰ অনুসৰি, এইগৰাকী নিৰ্বাচনী ৰণনীতিবিদ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰচাৰৰ অংশ নহ’ব। কংগ্ৰেছৰ ‘টাস্ক ফ’ৰ্চ ২০২৪’ৰ পূৰ্বে তেওঁ এতিয়া দলটোৰ হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ অভিযানৰ ওপৰতহে গুৰুত্ব দিব বুলি কংগ্ৰেছৰ এটা সূত্ৰই সদৰী কৰিছে৷

দুবছৰ পূৰ্বে প্ৰশান্ত কিশোৰ আঁতৰি যোৱাৰ পাছত কানুগোলু হৈছে কংগ্ৰেছৰ বাবে দ্বিতীয়গৰাকী হাইপ্ৰফাইল মাষ্টাৰমাইণ্ড, যি দলটোৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ সৈতে জড়িত নহ'ব।

সাধাৰণ সম্পাদক পদত অধিষ্ঠিত এজন জ্যেষ্ঠ নেতাই লোকসভা প্ৰচাৰত তেওঁৰ অনুপস্থিতিক ‘সামান্য বিফলতা’ বুলি স্বীকাৰ কৰে, কিন্তু ‘এনডিটিভি’ক কয় যে কংগ্ৰেছে বিশ্বাস কৰিছে যে যদি তেওঁ তেওঁৰ ৰণনীতিৰ সঠিক ব্যৱহাৰ কৰিব পাৰে, তেন্তে বিজেপিৰ পৰা গুৰুত্বপূৰ্ণ ৰাজ্যসমূহ জিকিবলৈ অধিক দীৰ্ঘম্যাদী লাভালাভ আছে কংগ্ৰেছৰ সন্মুখত। সূত্ৰসমূহে লগতে কয় যে কানুগোলুৱে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সৈতেও কাম কৰি যাব৷

কানুগোলুৱে মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ নেতাসকলৰ সৈতে প্ৰাৰম্ভিক আলোচনা কৰিছিল, কিন্তু দলটোৰ আটাইতকৈ পুৰণি নেতা কমল নাথ বা অশোক গেহলটে তেওঁৰ দাবীত সন্মত হোৱা নাছিল। কংগ্ৰেছ প্ৰতিখন ৰাজ্যতে বেয়াকৈ পৰাজিত হৈছিল। সূত্ৰসমূহে পাছত ‘এনডিটিভি’ক কৈছিল যে কৰ্ণাটক আৰু তেলেংগানাত জয় কানুগোলুক মুকলিকৈ কাম কৰিবলৈ দিয়াৰ ফলস্বৰূপে হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু