--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ শিবিৰৰ অংক জংক-পংক৷ সুনীল কানুগোলু, কৰ্ণাটক আৰু তেলেংগানাত কংগ্ৰেছৰ জয়ৰ আঁৰৰ এগৰাকী ব্যক্তি৷ 

শেহতীয়া খবৰ অনুসৰি, এইগৰাকী নিৰ্বাচনী ৰণনীতিবিদ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰচাৰৰ অংশ নহ’ব। কংগ্ৰেছৰ ‘টাস্ক ফ’ৰ্চ ২০২৪’ৰ পূৰ্বে তেওঁ এতিয়া দলটোৰ হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ অভিযানৰ ওপৰতহে গুৰুত্ব দিব বুলি কংগ্ৰেছৰ এটা সূত্ৰই সদৰী কৰিছে৷

দুবছৰ পূৰ্বে প্ৰশান্ত কিশোৰ আঁতৰি যোৱাৰ পাছত কানুগোলু হৈছে কংগ্ৰেছৰ বাবে দ্বিতীয়গৰাকী হাইপ্ৰফাইল মাষ্টাৰমাইণ্ড, যি দলটোৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ সৈতে জড়িত নহ'ব।

সাধাৰণ সম্পাদক পদত অধিষ্ঠিত এজন জ্যেষ্ঠ নেতাই লোকসভা প্ৰচাৰত তেওঁৰ অনুপস্থিতিক ‘সামান্য বিফলতা’ বুলি স্বীকাৰ কৰে, কিন্তু ‘এনডিটিভি’ক কয় যে কংগ্ৰেছে বিশ্বাস কৰিছে যে যদি তেওঁ তেওঁৰ ৰণনীতিৰ সঠিক ব্যৱহাৰ কৰিব পাৰে, তেন্তে বিজেপিৰ পৰা গুৰুত্বপূৰ্ণ ৰাজ্যসমূহ জিকিবলৈ অধিক দীৰ্ঘম্যাদী লাভালাভ আছে কংগ্ৰেছৰ সন্মুখত। সূত্ৰসমূহে লগতে কয় যে কানুগোলুৱে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সৈতেও কাম কৰি যাব৷

কানুগোলুৱে মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ নেতাসকলৰ সৈতে প্ৰাৰম্ভিক আলোচনা কৰিছিল, কিন্তু দলটোৰ আটাইতকৈ পুৰণি নেতা কমল নাথ বা অশোক গেহলটে তেওঁৰ দাবীত সন্মত হোৱা নাছিল। কংগ্ৰেছ প্ৰতিখন ৰাজ্যতে বেয়াকৈ পৰাজিত হৈছিল। সূত্ৰসমূহে পাছত ‘এনডিটিভি’ক কৈছিল যে কৰ্ণাটক আৰু তেলেংগানাত জয় কানুগোলুক মুকলিকৈ কাম কৰিবলৈ দিয়াৰ ফলস্বৰূপে হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক