--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ বহুতো গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়, যদি ইয়াৰে এটাৰো অভাৱ হয়, তেন্তে স্বাস্থ্যৰ বহু ক্ষতি হ’ব পাৰে। ইয়াৰে এটা উপাদান হ’ল জিংক, ইয়াৰ জৰিয়তে শৰীৰত বহুতো উপকাৰ পোৱা যায়, যেনে তেজত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা, ঘা ভাল হোৱা ইত্যাদি। জিংকৰ অভাৱত আমাৰ শৰীৰত বহু সমস্যাৰ সৃষ্টি হয়। জিংকৰ প্ৰয়োজন পূৰণৰ বাবে আমি কি কি খাদ্য খাব লাগে সেই বিষয়ে জানো আহক।

জিংক পাবলৈ কি কি খাব লাগে

১) তৰমুজৰ গুটিঃ সাধাৰণতে আমি তৰমুজ অতি আনন্দৰে খাওঁ, কিন্তু প্ৰায়ে এই ৰসাল ফলৰ গুটি ডাষ্টবিনত পেলাই দিওঁ, কিন্তু যদি আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানে তেন্তে আপুনি এই কাম একেবাৰেই নকৰে। এই ফলৰ বীজত প্ৰচুৰ পৰিমাণে জিংক পোৱা যায়। যাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু ছুগাৰৰ চেনিৰ মাত্ৰাও ঠিক হৈ থাকে। ইয়াৰ বাবে তৰমুজৰ গুটি ধুই ৰ’দত শুকুৱাই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

২) নহৰুঃ নহৰু এনেকুৱা মছলা যিটো ভাৰতীয় ঘৰত বহুলভাৱে ব্যৱহাৰ কৰা হয়, জিংক, ভিটামিন এ, ভিটামিন বি আৰু ভিটামিন চিৰ বাহিৰেও ইয়াত কেলচিয়াম, মেগনেছিয়াম, আয়’ডিন, আইৰণ আৰু পটাছিয়াম পোৱা যায়। মনত ৰাখিব লাগে যে নহৰুৰ প্ৰভাৱ গৰম, গতিকে গৰমৰ দিনত ইয়াক সীমিত পৰিমাণে খাব লাগে।

৩) কণীৰ কুহুমঃ কণী এনেকুৱা বস্তু যিটো আমি প্ৰায়ে ব্ৰেকফাষ্টত খাওঁ, কিন্তু বিশেষকৈ জিমলৈ যোৱা মানুহে ইয়াৰ হালধীয়া অংশ অৰ্থাৎ কুহুম খোৱাৰ পৰা বিৰত থাকে, কিন্তু মনত ৰাখিব লাগিব যে কুহুম জিংকৰ এক সমৃদ্ধ উৎস, ইয়াত জিংক থাকে।ইয়াৰ বাহিৰেও, ভিটামিন বি ১২, থাইয়ামিন, ভিটামিন বি ৬, ফ’লেট, পেন্থনিক এচিড, কেলচিয়াম, আইৰণ আৰু ফছফৰাছ আদিও পোৱা যায়।

৪) ৰঙালাও গুটিঃ ৰঙালাও গুটি বহু মানুহে খায় ভালপায়। বহু মানুহে ভজাৰ এলাহত পেলাই দিয়ে। ৰঙলাও গুটি কেতিয়াও পেলাই নিদিব। ইয়াত প্ৰচুৰ পৰিমাণে জিংক থাকে।

৫) কাজু আৰু অন্যান্য বাদামঃ বাদাম জিংকৰ উত্তম উৎস। দিনটোৰ ভিতৰত জিংকৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে বাদাম এটা সোৱাদযুক্ত উপায়।

৬) ওটচঃ আধা কাপ অটছৰ পৰা ১.৫ মিলিগ্ৰাম জিংক পোৱা যায়। ওটছ খালে আপোনাৰ শৰীৰে ভাল পৰিমাণৰ জিংক লাভ কৰে। 

৭) গাখীৰ আৰু দৈঃ গাখীৰ আৰু দৈত ভাল পৰিমাণৰ জিংক পোৱা যায়।

৮) মূৰ্গীৰ বুকু অংশঃ মূৰ্গী মাংসৰ বুকু অংশত প্ৰচুৰ পৰিমাণে জিংক উপলব্ধ। সেয়েহে খাব লাগে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক