--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভিটামিন-ডি এবিধ অপৰিহাৰ্য পুষ্টিকৰ উপাদান যিয়ে শৰীৰত থকা কেলচিয়াম আৰু ফছফেটৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই হাড়, দাঁত আৰু পেশীৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ইয়াৰ উপৰি শিশুৰ ৰিকেটৰ দৰে হাড়ৰ ৰোগ আৰু যুৱক-যুৱতীৰ অষ্টিঅ’মেলেচিয়া নামৰ অৱস্থাৰ ফলত হোৱা বিষৰ আশংকাও ৰোধ কৰে।

 ভিটামিন-ডিৰ অভাৱ-

শৰীৰত ভিটামিন-ডিৰ অভাৱত হাড়ৰ ঘনত্ব কম হ’ব পাৰে, যাৰ ফলত অষ্টিঅ’পৰ’ছিছ আৰু হাড় ভাঙি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ভিটামিন-ডিৰ অত্যধিক অভাৱত শিশুৰ ৰিকেট হ’ব পাৰে। কেইবাটাও গৱেষণাই ভিটামিন-ডিৰ অভাৱক ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কেন্সাৰ আৰু মাল্টিপল স্ক্লেৰচিছৰ দৰে অটোইম্যুন অৱস্থাকে ধৰি অন্যান্য ৰোগৰ সৈতেও জড়িত কৰিছে।

 ভিটামিন-ডিৰ অভাৱৰ লক্ষণ-

শৰীৰত ভিটামিন-ডিৰ মাত্ৰা সঠিকভাৱে থাকিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। অৰ্থাৎ ই ফ্লু বা চৰ্দিৰ দৰে সাধাৰণ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে। কিন্তু ভিটামিন-ডিৰ অভাৱত সঘনাই আৰু নিয়মিতভাৱে অসুস্থ হৈ পৰিব পাৰে।

 ভিটামিন-ডিৰ অভাৱৰ লক্ষণ-

* ভাগৰ

* টোপনি নহা

* হাড়ৰ বিষ

* হতাশা অনুভৱ কৰা

* চুলি সৰা

* ভোক কমি যোৱা

 ভিটামিন-ডিসমৃদ্ধ খাদ্য-

* তেলীয়া মাছ যেনে-ছালমন, চাৰ্ডিন, হেৰিং আৰু মেকেৰেল

* ৰঙা মাংস

* যকৃৎ

* কণীৰ কুহুম

 ভিটামিন-ডিৰ পৰিপূৰক-

সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহা বা ভিটামিন-ডিসমৃদ্ধ খাদ্য খোৱাটোৱেই একমাত্ৰ উপায় নহয় যে আপুনি দৈনিক ভিটামিন-ডিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। এনএইচএছৰ মতে যিহেতু মানুহে কেৱল খাদ্যৰ পৰাই পৰ্যাপ্ত পৰিমাণৰ ভিটামিন-ডি লাভ কৰাটো কঠিন, গতিকে সকলোৱে বিশেষকৈ গৰ্ভৱতী আৰু স্তন্যপায়ী মহিলাসকলে শীতকালত ভিটামিন-ডিৰ পৰিপূৰক গ্ৰহণ কৰিব পাৰে। অৱশ্যে ভিটামিন-ডিৰ পৰিপূৰক গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিশ্চিতভাৱে প্ৰয়োজন।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু