--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভিটামিন-ডি এবিধ অপৰিহাৰ্য পুষ্টিকৰ উপাদান যিয়ে শৰীৰত থকা কেলচিয়াম আৰু ফছফেটৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই হাড়, দাঁত আৰু পেশীৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ইয়াৰ উপৰি শিশুৰ ৰিকেটৰ দৰে হাড়ৰ ৰোগ আৰু যুৱক-যুৱতীৰ অষ্টিঅ’মেলেচিয়া নামৰ অৱস্থাৰ ফলত হোৱা বিষৰ আশংকাও ৰোধ কৰে।

 ভিটামিন-ডিৰ অভাৱ-

শৰীৰত ভিটামিন-ডিৰ অভাৱত হাড়ৰ ঘনত্ব কম হ’ব পাৰে, যাৰ ফলত অষ্টিঅ’পৰ’ছিছ আৰু হাড় ভাঙি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ভিটামিন-ডিৰ অত্যধিক অভাৱত শিশুৰ ৰিকেট হ’ব পাৰে। কেইবাটাও গৱেষণাই ভিটামিন-ডিৰ অভাৱক ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কেন্সাৰ আৰু মাল্টিপল স্ক্লেৰচিছৰ দৰে অটোইম্যুন অৱস্থাকে ধৰি অন্যান্য ৰোগৰ সৈতেও জড়িত কৰিছে।

 ভিটামিন-ডিৰ অভাৱৰ লক্ষণ-

শৰীৰত ভিটামিন-ডিৰ মাত্ৰা সঠিকভাৱে থাকিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। অৰ্থাৎ ই ফ্লু বা চৰ্দিৰ দৰে সাধাৰণ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে। কিন্তু ভিটামিন-ডিৰ অভাৱত সঘনাই আৰু নিয়মিতভাৱে অসুস্থ হৈ পৰিব পাৰে।

 ভিটামিন-ডিৰ অভাৱৰ লক্ষণ-

* ভাগৰ

* টোপনি নহা

* হাড়ৰ বিষ

* হতাশা অনুভৱ কৰা

* চুলি সৰা

* ভোক কমি যোৱা

 ভিটামিন-ডিসমৃদ্ধ খাদ্য-

* তেলীয়া মাছ যেনে-ছালমন, চাৰ্ডিন, হেৰিং আৰু মেকেৰেল

* ৰঙা মাংস

* যকৃৎ

* কণীৰ কুহুম

 ভিটামিন-ডিৰ পৰিপূৰক-

সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহা বা ভিটামিন-ডিসমৃদ্ধ খাদ্য খোৱাটোৱেই একমাত্ৰ উপায় নহয় যে আপুনি দৈনিক ভিটামিন-ডিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। এনএইচএছৰ মতে যিহেতু মানুহে কেৱল খাদ্যৰ পৰাই পৰ্যাপ্ত পৰিমাণৰ ভিটামিন-ডি লাভ কৰাটো কঠিন, গতিকে সকলোৱে বিশেষকৈ গৰ্ভৱতী আৰু স্তন্যপায়ী মহিলাসকলে শীতকালত ভিটামিন-ডিৰ পৰিপূৰক গ্ৰহণ কৰিব পাৰে। অৱশ্যে ভিটামিন-ডিৰ পৰিপূৰক গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিশ্চিতভাৱে প্ৰয়োজন।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক