--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ছবি ঘৰত দৰ্শকৰ সমাদৰ লাভ কৰা ওম ৰাউত  পৰিচালিত 'আদিপুৰুষ' ছবি খনকলৈ এতিয়া আৰম্ভ হৈছে বিতৰ্ক। ছবি খনত ৰাৱণ, হনুমান আদি চৰিত্ৰ সমূহ বিকৃত কৰি হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে বহুতে। 

হিন্দু সেনাই দিল্লী উচ্চ ন্যায়ালয়ত 'আদিপুৰুষ ' ছবি খনে ৰামৰ লগতে  ৰামায়ণক  অপমান কৰা  বুলি অভিযোগ উত্থাপন কৰি এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছে। আবেদনখন  হিন্দু সেনাৰ ৰাষ্ট্ৰীয় সভাপতি বিষ্ণু গুপ্তাই দাখিল কৰিছে। আবেদন খনত অভিযোগ কৰা হৈছে  যে "আদিপুৰুষে' হিন্দুসকলৰ অনুভূতিত আঘাত হানিছে। ভগৱান ৰাম আৰু আমাৰ সংস্কৃতিৰ বিষয়ে তথ্য বিকৃত কৰি   ছবিখনত হিন্দু সম্প্ৰদায়ক অপমান কৰা হৈছে।

ওম ৰাউতে পৰিচালনা কৰা  ছবি খনে দেশৰ ছবি ঘৰত  শুক্ৰবাৰে মুক্তি লাভ কৰিছে। ছবি খনৰ মুক্তিৰ পিছতে সমগ্ৰ দেশজুৰি উল্লাসৰ সৃষ্টি হৈছে। ছবিগৃহৰ বাহিৰত বহু দৰ্শকে জয় শ্ৰী ৰাম ধ্বনি দিয়া পৰিলক্ষিত হৈছে।   কিছুমান ঠাইত, আতচবাজী ফুটোৱা  হৈছে। উল্লেখ্য  মুক্তিৰ প্ৰাক মুহূৰ্তত  'আদিপুৰুষ' ছবি খন  আইনী সমস্যাৰ মাজত সোমাই পৰিছিল। বহুতে মন্তব্য  কৰিছিল যে  ছবি খনৰ নিৰ্মাতাসকলে সেই  দৃশ্যবোৰ আঁতৰ কৰিব লাগে য'ত ৰাম-সীতা, হনুমান আৰু ৰাৱণক বিকৃত ৰূপত  দেখুওৱা হৈছে। "


হিন্দু সেনাই অভিযোগ কৰিছে যে ছবিখনত দেখুওৱা ধৰ্মীয় চৰিত্ৰসমূহৰ মহৰ্ষি বাল্মীকিয় ৰচনা কৰা  'ৰামায়ণ' বা 'ৰামচৰিতমানস'ৰ বৰ্ণনাৰ সৈতে একো মিল নাই। ছবি খনত হিন্দু ব্ৰাহ্মণ ৰাৱণক বিকৃত কৰি দেখুওৱা ভয়ানক মুখখনে  হিন্দু সভ্যতাক সম্পূৰ্ণ অপমান কৰিছে।  ছবি খন তথ্যৰ বিকৃতিৰ বাহিৰে আন একো নহয় বুলি অভিযোগত কোৱা হৈছে।

 কৃতি চানন আৰু প্ৰভাস অভিনীত ছবিখনে  দৰ্শকৰ পৰা মিশ্ৰিত সমালোচনাৰ সন্মুখীন হৈছে। ছবি খনৰ সংলাপকলৈয়ো বহুতে সমালোচনামুখৰ হৈ পৰা দেখা গৈছে। বক্স অফিচৰ প্ৰতিবেদন অনুসৰি আৰম্ভণিৰ দিনাই প্ৰভাস-কৃতিৰ ছবিখনে ৭০ কোটি টকা অৰ্জন কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ