--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ছবি ঘৰত দৰ্শকৰ সমাদৰ লাভ কৰা ওম ৰাউত  পৰিচালিত 'আদিপুৰুষ' ছবি খনকলৈ এতিয়া আৰম্ভ হৈছে বিতৰ্ক। ছবি খনত ৰাৱণ, হনুমান আদি চৰিত্ৰ সমূহ বিকৃত কৰি হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে বহুতে। 

হিন্দু সেনাই দিল্লী উচ্চ ন্যায়ালয়ত 'আদিপুৰুষ ' ছবি খনে ৰামৰ লগতে  ৰামায়ণক  অপমান কৰা  বুলি অভিযোগ উত্থাপন কৰি এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছে। আবেদনখন  হিন্দু সেনাৰ ৰাষ্ট্ৰীয় সভাপতি বিষ্ণু গুপ্তাই দাখিল কৰিছে। আবেদন খনত অভিযোগ কৰা হৈছে  যে "আদিপুৰুষে' হিন্দুসকলৰ অনুভূতিত আঘাত হানিছে। ভগৱান ৰাম আৰু আমাৰ সংস্কৃতিৰ বিষয়ে তথ্য বিকৃত কৰি   ছবিখনত হিন্দু সম্প্ৰদায়ক অপমান কৰা হৈছে।

ওম ৰাউতে পৰিচালনা কৰা  ছবি খনে দেশৰ ছবি ঘৰত  শুক্ৰবাৰে মুক্তি লাভ কৰিছে। ছবি খনৰ মুক্তিৰ পিছতে সমগ্ৰ দেশজুৰি উল্লাসৰ সৃষ্টি হৈছে। ছবিগৃহৰ বাহিৰত বহু দৰ্শকে জয় শ্ৰী ৰাম ধ্বনি দিয়া পৰিলক্ষিত হৈছে।   কিছুমান ঠাইত, আতচবাজী ফুটোৱা  হৈছে। উল্লেখ্য  মুক্তিৰ প্ৰাক মুহূৰ্তত  'আদিপুৰুষ' ছবি খন  আইনী সমস্যাৰ মাজত সোমাই পৰিছিল। বহুতে মন্তব্য  কৰিছিল যে  ছবি খনৰ নিৰ্মাতাসকলে সেই  দৃশ্যবোৰ আঁতৰ কৰিব লাগে য'ত ৰাম-সীতা, হনুমান আৰু ৰাৱণক বিকৃত ৰূপত  দেখুওৱা হৈছে। "


হিন্দু সেনাই অভিযোগ কৰিছে যে ছবিখনত দেখুওৱা ধৰ্মীয় চৰিত্ৰসমূহৰ মহৰ্ষি বাল্মীকিয় ৰচনা কৰা  'ৰামায়ণ' বা 'ৰামচৰিতমানস'ৰ বৰ্ণনাৰ সৈতে একো মিল নাই। ছবি খনত হিন্দু ব্ৰাহ্মণ ৰাৱণক বিকৃত কৰি দেখুওৱা ভয়ানক মুখখনে  হিন্দু সভ্যতাক সম্পূৰ্ণ অপমান কৰিছে।  ছবি খন তথ্যৰ বিকৃতিৰ বাহিৰে আন একো নহয় বুলি অভিযোগত কোৱা হৈছে।

 কৃতি চানন আৰু প্ৰভাস অভিনীত ছবিখনে  দৰ্শকৰ পৰা মিশ্ৰিত সমালোচনাৰ সন্মুখীন হৈছে। ছবি খনৰ সংলাপকলৈয়ো বহুতে সমালোচনামুখৰ হৈ পৰা দেখা গৈছে। বক্স অফিচৰ প্ৰতিবেদন অনুসৰি আৰম্ভণিৰ দিনাই প্ৰভাস-কৃতিৰ ছবিখনে ৭০ কোটি টকা অৰ্জন কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু