--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতৰ আগমনৰ লগে লগে তাপমাত্ৰা হ্ৰাস পোৱাৰ লগতে বায়ুৰ আৰ্দ্ৰতাও কমে। আৰ্দ্ৰ জলবায়ুত বহু লোকৰ উশাহ-নিশাহত সমস্যা হয়। শিশুৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ লোক এই সময়ত চৰ্দি-কাহত আক্ৰান্ত হোৱা দেখা যায়। যিসকলৰ এলাৰ্জী বা হাঁপানীৰ সমস্যা আছে, তেওঁলোকৰ ক্ষেত্ৰত আৰু অধিক হোৱা দেখা যায়।

 শীতকালত কিয় সমস্যা বাঢ়ে?

শীতকালত উশাহ লোৱাত কষ্ট বৃদ্ধি হোৱাৰ আঁৰত কেইবাটাও কাৰণ আছে। এই সময়ছোৱাত বতাহত আৰ্দ্ৰতাৰ পৰিমাণ বহুত কমি যায়। ফলত ধূলিৰ পৰিমাণ বাঢ়ি যায়, ফলত এই ধূলি শ্বাসনলী আৰু হাওঁফাওঁত প্ৰৱেশ কৰি উশাহ-নিশাহৰ সমস্যা বৃদ্ধি কৰে। ইয়াৰ বাহিৰেও শীতকালত বিভিন্ন প্ৰকাৰৰ ফুল ফুলে। ফুলৰ অণুবোৰো বায়ুপথত প্ৰৱেশ কৰি এলাৰ্জীৰ সমস্যা আৰু অধিক ভয়াৱহ কৰি তোলে। নিউমোনিয়াৰ পৰা সাধাৰণ চৰ্দিলৈকে শ্বাস-প্ৰশ্বাসজনিত বিভিন্ন ৰোগৰ পৰা অহা বীজাণু কম উষ্ণতাত সক্ৰিয় হৈ উঠে। ফলত সংক্ৰমণ বৃদ্ধি পায় আৰু সেই সংক্ৰমণৰ ফলত উশাহ-নিশাহৰ সমস্যা হ’ব পাৰে।

১. covid নিয়ম শিথিল হোৱাৰ পাছত বহু লোকে মাস্ক পৰিধান ত্যাগ কৰিছে। কিন্তু এই মাস্কে আমাক covidৰ বাহিৰে আন বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। গতিকে বাহিৰলৈ ওলাই যোৱাৰ সময়ত সদায় মাস্ক ব্যৱহাৰ কৰিব লাগে। বহুতে ভাবে যে মাস্ক পৰিধান কৰিলে উশাহ-নিশাহত সমস্যা  হয়। কিন্তু মাস্ক পৰিধান কৰিলে কেতিয়াও অক্সিজেনৰ মাত্ৰা একেবাৰেই কমি নাযায়।

 ২. চৌপাশ পৰিষ্কাৰ কৰি ৰাখক। ঘৰৰ বাহিৰৰ ৰাস্তাবোৰ চাফা কৰিলেই নহ’ব। ঘৰৰ ভিতৰৰ অংশও এই সময়ত পৰিষ্কাৰ কৰি ৰাখিব লাগে। অন্যথা ঘৰৰ ধূলিয়েও উশাহ-নিশাহৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

 ৩. যিসকলে ধূমপান কৰে, এই সময়ত অন্ততঃ ধূমপান কৰাৰ অভ্যাস ত্যাগ কৰিব লাগে। যিসকলৰ উশাহ-নিশাহৰ সমস্যা আছে, শীতকালত ধূমপান কৰিলে হাওঁফাওঁত অতিৰিক্ত চাপ পৰে। ইয়াৰ উপৰি এজন ব্যক্তিয়ে ধূমপান কৰিলে আনজনৰ বাবেও সমস্যাৰ সৃষ্টি কৰিব পাৰে।

 ৪. স্বাস্থ্যসন্মত খাদ্য খোৱাৰ চেষ্টা কৰক। শীতকালত পোৱা শাক-পাচলি, বিভিন্ন প্ৰকাৰৰ নেমু, আমলখিৰ পৰা ব্ৰকলিলৈকে আৰু কচুৰ দৰে শাক আদিয়ে শৰীৰক শক্তিশালী কৰি তোলে। শীতকালত ছৱনপ্ৰাছ আদিও খোৱা অভ্যাস গঢ়ি তুলিব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু