--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতকালত খাদ্যৰ সন্দৰ্ভত সকলোৱে বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত। বয়োজ্যেষ্ঠসকলে কয় যে শীতৰ দিনত ঠাণ্ডাৰ প্ৰভাৱ পৰা বস্তুৰ পৰা আঁতৰি থাকিব লাগে, কাৰণ ইয়াৰ ফলত চৰ্দি-জ্বৰ, কাহ আদি হ’ব পাৰে। এনে ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হয় যে শীতকালত দৈ খাব পাৰিনে? আচলতে দৈ ঠাণ্ডা। দৈত কাৰ্ব কম আৰু প্ৰটিন, ভিটামিন, খনিজ আৰু প্ৰ’বায়’টিকৰ অধিক উৎস বুলি কোৱা হয়। ইয়াৰ সেৱনে হজম শক্তি উন্নত কৰে। কিন্তু বহুতে শীতকালত দৈ খোৱাৰ পৰা বিৰত থাকে কাৰণ চৰ্দি আৰু কাহ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ঠাণ্ডা বতৰত দৈ সেৱন কৰাটো সঁচাকৈয়ে ক্ষতিকাৰক নেকি?

 পুষ্টিবিদসকলৰ মতে দৈক অতি পুষ্টিকৰ খাদ্যৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়, যিয়ে শৰীৰক বহু উপকাৰ প্ৰদান কৰে। শীতকালত দৈ খোৱা উচিত নে অনুচিত সেই বিষয়ে বহুদিন ধৰি বিতৰ্ক অব্যাহত আছে যদিও কিছুমান বিশেষ কথাৰ যত্ন ল’লে শীতকালতো দৈ সেৱন কৰিব পাৰি।

 শীতকালত দৈ খাব পাৰিবনে?

 ডায়েটিচিয়ান ডাঃ অৰ্চনা সিঙে কয় যে দৈক স্বাস্থ্যসন্মত খাদ্য হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়া হয়। ইয়াত অধিক পৰিমাণৰ ভাল বেক্টেৰিয়া থাকে যিবোৰ ভাল হজম বজাই ৰখাত অতি উপকাৰী হ’ব পাৰে। ইয়াৰ উপৰি দৈত যথেষ্ট পৰিমাণে কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ভিটামিন-বি থাকে, যিবোৰ আমাৰ শৰীৰৰ বাবে অত্যন্ত দৰকাৰী।

 ডাঃ অৰ্চনাৰ মতে শীতকালত দৈ খোৱাৰ আগতে ইয়াৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ফ্ৰীজত থৈ দৈ নাখাব, দুপৰীয়া সেৱন কৰিলে অধিক উপকাৰী। যদি কাহৰ সমস্যা আছে তেন্তে দৈ খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। যদিও ই শৰীৰৰ বাবে বিশেষভাৱে উপকাৰী, তথাপিও কিছুমান কথাৰ গুৰুত্ব মনোযোগ দিয়াৰ প্ৰয়োজন আছে।

 দৈ স্বাস্থ্যৰ বাবে উপকাৰী-

দৈ হৈছে এক কিম্বন কৰা দুগ্ধজাত সামগ্ৰী য’ত অধিক প্ৰটিন থাকে, কম কাৰ্ব, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। অংগসমূহৰ সঠিক কাম-কাজৰ বাবে এই পুষ্টিকৰ উপাদানটো গুৰুত্বপূৰ্ণ। দৈয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য, ৰোগ প্ৰতিৰোধ ক্ষমতা, তেজত ছুগাৰ নিয়ন্ত্ৰণ, ছাল আৰু চুলিৰ স্বাস্থ্য, ওজন নিয়ন্ত্ৰণ আৰু পাচনতন্ত্ৰ শক্তিশালী কৰি ৰাখে বুলি অধ্যয়নত দেখা গৈছে। কিছুমান গৱেষণাৰ পৰা কোৱা হৈছে যে দৈনিক খাদ্য তালিকাত দৈ অন্তৰ্ভুক্ত কৰিলে শৰীৰক বহু দিশ সুস্থ কৰি ৰখাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু