--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান জীৱনশৈলীত বেছিভাগ লোকেই কলেষ্টেৰলৰ সমস্যাত ভুগি আছে। আনহাতে শৰীৰত দুই প্ৰকাৰৰ কলেষ্টেৰল থাকে, ভাল কলেষ্টেৰল আৰু বেয়া কলেষ্টেৰল। ভাল কলেষ্টেৰলক হাই ডেনচিটি লাইপোপ্ৰটিন (HDL) বুলি কোৱা হয়। ই ৰক্ত সঞ্চালন আৰু কলা গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আনহাতে বেয়া কলেষ্টেৰলক কম ঘনত্বৰ লাইপোপ্ৰটিন (LDL) বুলি কোৱা হয়। যি হৃদযন্ত্ৰৰ ধমনীবোৰৰ ওপৰত জমা হয়। যাৰ কাৰণে হৃদযন্ত্ৰলৈ তেজ চলাচলত সমস্যা হয়।

 শৰীৰৰ কোষ, ভিটামিন আৰু হৰম’নৰ পৰিৱৰ্তনত কলেষ্টেৰলৰ গুৰুত্বপূৰ্ণ ভূমিকা।শৰীৰত কলেষ্টেৰলৰ বাবে বহুতো পৰিৱৰ্তন ঘটে। চেচুৰেটেড ফেটেৰে তৈয়াৰী বস্তু যেনে-পাম অইল, নাৰিকল তেল, ৰিফাইন অইল খালে কলেষ্টেৰল বৃদ্ধি পায়। বেয়া কলেষ্টেৰল বৃদ্ধি হ’লে হাৰ্টএটেক, হাৰ্ট ফেইলাৰ, ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যিসকল লোকৰ বি পি সমস্যা আছে, তেওঁলোকে খাদ্যাভ্যাসৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন। খাদ্য তালিকাত অধিক স্বাস্থ্যকৰ বস্তু অন্তৰ্ভুক্ত কৰিব লাগিব। যাতে বেয়া কলেষ্টেৰল বৃদ্ধি নহয়।

 অটমিলে বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। স্বাস্থ্যৰ বাবে ই অতি উপকাৰী। অটমিলত প্ৰচুৰ পৰিমাণে আঁহ থাকে আৰু এল ডি এল কমায়। পুৱাৰ ব্ৰেকফাষ্টত স্বাস্থ্যসন্মত খাদ্য অন্তৰ্ভুক্ত কৰক।

 মাছ, সৰিয়হৰ তেল, শণৰ গুটি, চিয়াত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে। এইবোৰত ভাল কলেষ্টেৰল পোৱা যায়। যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ভাল কলেষ্টেৰল বেছিকৈ এইবোৰ বস্তু যেনে-ছালমন, টুনা মাছত পোৱা যায়। চিয়া গুটি, ৰাগী, লিনচিড গুটি, জোৱাৰ, বাজৰা আদি গুটি থকা ফলবোৰ শীতকালত খোৱা উচিত। আখৰোটত ভাল কলেষ্টেৰল থাকে। ইয়াত প্ৰচুৰ পৰিমাণে মাল্টিভিটামিন আৰু এন্টিঅক্সিডেন্ট পোৱা যায়। কিন্তু আলমণ্ড অতিৰিক্তভাৱে খাব নালাগে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু