--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভিটামিন ডি পাবলৈ সুষম আহাৰ অতি প্ৰয়োজনীয়। বিভিন্ন ধৰণৰ খাদ্য খাদ্যতালিকাত ৰাখিব লাগে। গৰুৰ গাখীৰ ৰাখিব পাৰি। যদি গাখীৰ প্ৰিয় নহয় তেন্তে  পনিৰে ভিটামিন-ডিৰ উৎস হিচাপে কাম কৰিব। যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে প্ৰথমে খোৱা-বোৱাত গুৰুত্ব দিব লাগিব। সাৱধান হ’ব লাগিব যাতে বিভিন্ন পুষ্টিকৰ উপাদানবোৰ দেহত সঠিকভাৱে মিলি যায়। ভিটামিন সেই তালিকাৰ ভিতৰত পৰে। 

ভাল ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰখাৰ পৰা আৰম্ভ কৰি স্বাভাৱিক কোষ উৎপাদন প্ৰক্ৰিয়ালৈকে – ভিটামিনৰ প্ৰয়োজনীয়তাৰ তালিকাখন দীঘলীয়া। যদি আপুনি সেইবোৰৰ মাজৰ পৰা এটা বাছি ল’বলগীয়া হয়। তেতিয়া অৱশ্যেই ভিটামিন ডি প্ৰথম শাৰীত পৰিব।

ভিটামিন ডি (Vitamin D) মানৱ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় অণুপুষ্টিকৰ পদাৰ্থ। হাড় আৰু দাঁতৰ গঠন ভালকৈ ৰখাৰ বাবে এই ভিটামিন অতি প্ৰয়োজনীয়।

ভিটামিন ডিৰ অভাৱত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। পিঠিৰ কান্ধৰ বিষ, চুলি সৰা, ঘাঁ ভাল হোৱাত পলম হোৱা, হাড় দুৰ্বল হোৱা আদি সমস্যা দেখা যায়।

বেছিভাগ ক্ষেত্ৰতে এটা নিৰ্দিষ্ট বয়সৰ পিছত মহিলাৰ হাড়বোৰ দ্ৰুতগতিত অৱক্ষয় হ’বলৈ আৰম্ভ কৰে। বেছিভাগ মহিলাই ভিটামিন ডিৰ অভাৱত ভোগে। যদি আপুনি সেইবোৰ প্ৰতিৰোধ কৰিব বিচাৰে তেন্তে প্ৰথমে প্ৰয়োজনীয় পৰিমাণৰ ভিটামিন ডি পোৱাৰ দিশটো চাব লাগে।

ছালত পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলে ভিটামিন ডি উৎপন্ন হয়। বিশেষজ্ঞসকলে কয় যে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলেই প্ৰাকৃতিকভাৱে ভিটামিন ডি তৈয়াৰ কৰিব পাৰি। ছালৰ স্বাস্থ্যৰ বাবে ভাল।

ইয়াৰ উপৰিও শৰীৰত কেলচিয়ামৰ মাত্ৰা বৃদ্ধি, হাড় গঠন, শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত ভূমিকা পালন কৰে।

বহুতে কুহুম নোহোৱাকৈ কণী খায়। অতিৰিক্ত চৰ্বিৰ পৰা হাত সাৰিবলৈ এই কাম কৰা হয় যদিও ই বিপুল পৰিমাণৰ পুষ্টিকৰ উপাদানৰ পৰা বঞ্চিত হয়। কণীৰ কুহুমত পৰ্যাপ্ত পৰিমাণে ভিটামিন ডি থাকে। ফলত কণীৰ কুহুম বাদ দিয়াটো সদায় ভাল নহ’বও পাৰে। খাদ্যত কণী ৰখাটোও প্ৰয়োজনীয়। কাৰণ কণী প্ৰটিনৰ এক অতি গুৰুত্বপূৰ্ণ উৎস।

নিৰামিষভোজীৰ বাবে কাঠফুলা হৈছে প্ৰটিনৰ অন্যতম নিৰ্ভৰযোগ্য উৎস। ইয়াৰ উপৰিও কাঠফুলাত ভিটামিন ডিৰ এক উত্তম উৎসও। কোৱা হয় যে পানীত ভালদৰে ধুই কিছু সময় ৰ’দত ৰাখিলে কাঠফুলা ভিটামিন ডিৰ পৰিমাণ বাঢ়ি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক