--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভিটামিন ডি পাবলৈ সুষম আহাৰ অতি প্ৰয়োজনীয়। বিভিন্ন ধৰণৰ খাদ্য খাদ্যতালিকাত ৰাখিব লাগে। গৰুৰ গাখীৰ ৰাখিব পাৰি। যদি গাখীৰ প্ৰিয় নহয় তেন্তে  পনিৰে ভিটামিন-ডিৰ উৎস হিচাপে কাম কৰিব। যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে প্ৰথমে খোৱা-বোৱাত গুৰুত্ব দিব লাগিব। সাৱধান হ’ব লাগিব যাতে বিভিন্ন পুষ্টিকৰ উপাদানবোৰ দেহত সঠিকভাৱে মিলি যায়। ভিটামিন সেই তালিকাৰ ভিতৰত পৰে। 

ভাল ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰখাৰ পৰা আৰম্ভ কৰি স্বাভাৱিক কোষ উৎপাদন প্ৰক্ৰিয়ালৈকে – ভিটামিনৰ প্ৰয়োজনীয়তাৰ তালিকাখন দীঘলীয়া। যদি আপুনি সেইবোৰৰ মাজৰ পৰা এটা বাছি ল’বলগীয়া হয়। তেতিয়া অৱশ্যেই ভিটামিন ডি প্ৰথম শাৰীত পৰিব।

ভিটামিন ডি (Vitamin D) মানৱ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় অণুপুষ্টিকৰ পদাৰ্থ। হাড় আৰু দাঁতৰ গঠন ভালকৈ ৰখাৰ বাবে এই ভিটামিন অতি প্ৰয়োজনীয়।

ভিটামিন ডিৰ অভাৱত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। পিঠিৰ কান্ধৰ বিষ, চুলি সৰা, ঘাঁ ভাল হোৱাত পলম হোৱা, হাড় দুৰ্বল হোৱা আদি সমস্যা দেখা যায়।

বেছিভাগ ক্ষেত্ৰতে এটা নিৰ্দিষ্ট বয়সৰ পিছত মহিলাৰ হাড়বোৰ দ্ৰুতগতিত অৱক্ষয় হ’বলৈ আৰম্ভ কৰে। বেছিভাগ মহিলাই ভিটামিন ডিৰ অভাৱত ভোগে। যদি আপুনি সেইবোৰ প্ৰতিৰোধ কৰিব বিচাৰে তেন্তে প্ৰথমে প্ৰয়োজনীয় পৰিমাণৰ ভিটামিন ডি পোৱাৰ দিশটো চাব লাগে।

ছালত পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলে ভিটামিন ডি উৎপন্ন হয়। বিশেষজ্ঞসকলে কয় যে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলেই প্ৰাকৃতিকভাৱে ভিটামিন ডি তৈয়াৰ কৰিব পাৰি। ছালৰ স্বাস্থ্যৰ বাবে ভাল।

ইয়াৰ উপৰিও শৰীৰত কেলচিয়ামৰ মাত্ৰা বৃদ্ধি, হাড় গঠন, শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত ভূমিকা পালন কৰে।

বহুতে কুহুম নোহোৱাকৈ কণী খায়। অতিৰিক্ত চৰ্বিৰ পৰা হাত সাৰিবলৈ এই কাম কৰা হয় যদিও ই বিপুল পৰিমাণৰ পুষ্টিকৰ উপাদানৰ পৰা বঞ্চিত হয়। কণীৰ কুহুমত পৰ্যাপ্ত পৰিমাণে ভিটামিন ডি থাকে। ফলত কণীৰ কুহুম বাদ দিয়াটো সদায় ভাল নহ’বও পাৰে। খাদ্যত কণী ৰখাটোও প্ৰয়োজনীয়। কাৰণ কণী প্ৰটিনৰ এক অতি গুৰুত্বপূৰ্ণ উৎস।

নিৰামিষভোজীৰ বাবে কাঠফুলা হৈছে প্ৰটিনৰ অন্যতম নিৰ্ভৰযোগ্য উৎস। ইয়াৰ উপৰিও কাঠফুলাত ভিটামিন ডিৰ এক উত্তম উৎসও। কোৱা হয় যে পানীত ভালদৰে ধুই কিছু সময় ৰ’দত ৰাখিলে কাঠফুলা ভিটামিন ডিৰ পৰিমাণ বাঢ়ি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু