--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেছিভাগ ভাৰতী লোকে চফৰ সৈতে মিচিৰি খাবলৈ ভাল পায়। ৰেষ্টুৰেণ্টত খাদ্য খোৱাৰ পিছত প্ৰায়ে চফৰ সৈতে সৰু সৰু মিচিৰিৰ টুকুৰা দিয়া হয়। আপুনি কেতিয়াবা ভাবিছেনে যে এনে কিয় কৰা হয়? ইয়াৰ আঁৰৰ কাৰণ আমি জানো আহক। 

ভাৰতীয় খাদ্য আৰু উপাসনাত মিচিৰিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰত যি সমস্যাৰ সৃষ্টি নহওক কিয়, মিচিৰিয়ে সহজেই নিৰাময় কৰে। আয়ুৰ্বেদৰ মতে মিচিৰি খালে বহু উপকাৰ পোৱা যায়।

১) কাহ আৰু চৰ্দিত উপকাৰীঃ  শীতকালত মিচিৰি বহু ধৰণে ব্যৱহাৰ কৰা হয়। মিচিৰি খালেও পানীলগা ভাল হয়। লগতে কাহ আৰু চৰ্দি নাইকিয়া হয়। এতিয়া প্ৰশ্ন উত্থাপন হয় যে ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। প্ৰথমে মিচিৰিৰ পাউদাৰ বনাওক। তাত জালুকৰ গুড়ি মিহলাই লওক। ঘিউ অধিক দি মিশ্ৰণ এটা প্ৰস্তুত কৰক আৰু তাৰ পিছত কাহ হ’লেই লাহে লাহে ব্যৱহাৰ কৰি থাকিব।

২) নাকৰ পৰা তেজ ওলোৱাৰ ক্ষেত্ৰতঃ কিছুমান লোকৰ প্ৰায়ে নাকৰ পৰা ৰক্তক্ষৰণ আৰম্ভ হয়। পৰিৱৰ্তিত বতৰত মিচিৰি পানীত মিহলাই খাব পাৰে। ইয়াৰ দ্বাৰা তাৎক্ষণিক সকাহ পোৱা যাব।

৩) পাচনত উপকাৰীঃ পেটৰ লগত জড়িত যিকোনো ধৰণৰ সমস্যা দূৰ কৰাত মিচিৰি পানী অতি উপকাৰী। মিচিৰি পিহি গুড়ি বনাই তাৰ পিছত চফৰ লগত খাব। ইয়াৰ ফলত পেটটো ঠাণ্ডা হৈ থাকে। ইয়াৰ উপৰিও ওজনো নিয়ন্ত্ৰণত থাকে।

৪) মিচিৰিয়ে মুখৰ ঘাও আঁতৰায়ঃ শীতকালত গৰম খাদ্য খোৱাৰ ফলত মুখৰ ঘা হয়। ইয়াৰ বাবে প্ৰথমে মিচিৰিৰ পাউদাৰ বনাই তাত ইলাচিৰ গুড়ি মিহলাই লওক। তাৰ পিছত ফোহাত লাহে লাহে লগাব। ফোহাৰ পৰা তৎক্ষণাত সকাহ পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক