--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া মানুহে মাছ খাই খুব ভালপায়। মাছ ভাজি, জোল কৰি, ভাপত দি অথবা পুৰি বিভিন্ন ব্যঞ্জনেৰে মাছ তৃপ্তিৰে খায় অসমৰ লোকে। কিন্তু মাছৰ সোৱাদ লৈ থাকোতে যদি হঠাতে ডিঙিত মাছৰ কাঁইট লাগি ধৰে তেন্তে মানুহৰ অৱস্থা কাহিল হয়। হঠাতে মাছৰ কাঁইট ডিঙিত লাগি ধৰিলে কি কৰিব লাগে,সেয়া জানি থোৱাটো ভাল। জানো আহক ডিঙিত লাগি ধৰা মাছৰ কাঁইট আঁতৰোৱাৰ সহজ উপায়।

১) মাছৰ কাঁইট আঁতৰ কৰাৰ আটাইতকৈ সহজ উপায়টো হৈছে, শুকান ভাত অলপ লাড়ু কৰি লৈ গিলি দিব লাগে। ইয়াৰ পিছত অলপ পানী খাব লাগে। এনে কৰিলে মাছৰ কাঁইট গুচি যায়।

২) ভাত নাথাকিলে ৰুটি নোচোবোৱাকৈয়ে গিলি দিলেও সুফল পোৱা যায়। 

৩) মাছৰ কাঁইট লাগি ধৰিলে এটা কল যদি সম্পূৰ্ণ খাই দিয়ে মাছৰ কাঁইট আঁতৰি যাব।

৪) নেমুত পাতলকৈ নিমখ মিহলি কৰি চুহি থাকিলেও কাঁইট আঁতৰি যায়। 

৫) ব্ৰেড গাখীৰত তিয়াই খালেও ভাল কাম কৰে।

৬) নিমখে কাঁইটক কোমল কৰে। গতিকে প্ৰথমে অলপ পানী গৰম কৰক আৰু পানীত নিমখ দিয়ক। এই গৰম নিমখীয়া পানী খালে ডিঙিত লাগি থকা মাছৰ কাঁইটবোৰ সহজে আঁতৰ হ’ব।

৭) পানীৰ সৈতে ভিনেগাৰ মিহলি কৰক। ভিনেগাৰৰ ডিঙিত বিন্ধা মাছৰ কাঁইট কোমল কৰাৰ ক্ষমতা আছে।গতিকে পানীৰ সৈতে ভিনেগাৰ মিহলি কৰিলে কাঁইট সহজে ডিঙিৰ পৰা আঁতৰ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক