--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া মানুহে মাছ খাই খুব ভালপায়। মাছ ভাজি, জোল কৰি, ভাপত দি অথবা পুৰি বিভিন্ন ব্যঞ্জনেৰে মাছ তৃপ্তিৰে খায় অসমৰ লোকে। কিন্তু মাছৰ সোৱাদ লৈ থাকোতে যদি হঠাতে ডিঙিত মাছৰ কাঁইট লাগি ধৰে তেন্তে মানুহৰ অৱস্থা কাহিল হয়। হঠাতে মাছৰ কাঁইট ডিঙিত লাগি ধৰিলে কি কৰিব লাগে,সেয়া জানি থোৱাটো ভাল। জানো আহক ডিঙিত লাগি ধৰা মাছৰ কাঁইট আঁতৰোৱাৰ সহজ উপায়।

১) মাছৰ কাঁইট আঁতৰ কৰাৰ আটাইতকৈ সহজ উপায়টো হৈছে, শুকান ভাত অলপ লাড়ু কৰি লৈ গিলি দিব লাগে। ইয়াৰ পিছত অলপ পানী খাব লাগে। এনে কৰিলে মাছৰ কাঁইট গুচি যায়।

২) ভাত নাথাকিলে ৰুটি নোচোবোৱাকৈয়ে গিলি দিলেও সুফল পোৱা যায়। 

৩) মাছৰ কাঁইট লাগি ধৰিলে এটা কল যদি সম্পূৰ্ণ খাই দিয়ে মাছৰ কাঁইট আঁতৰি যাব।

৪) নেমুত পাতলকৈ নিমখ মিহলি কৰি চুহি থাকিলেও কাঁইট আঁতৰি যায়। 

৫) ব্ৰেড গাখীৰত তিয়াই খালেও ভাল কাম কৰে।

৬) নিমখে কাঁইটক কোমল কৰে। গতিকে প্ৰথমে অলপ পানী গৰম কৰক আৰু পানীত নিমখ দিয়ক। এই গৰম নিমখীয়া পানী খালে ডিঙিত লাগি থকা মাছৰ কাঁইটবোৰ সহজে আঁতৰ হ’ব।

৭) পানীৰ সৈতে ভিনেগাৰ মিহলি কৰক। ভিনেগাৰৰ ডিঙিত বিন্ধা মাছৰ কাঁইট কোমল কৰাৰ ক্ষমতা আছে।গতিকে পানীৰ সৈতে ভিনেগাৰ মিহলি কৰিলে কাঁইট সহজে ডিঙিৰ পৰা আঁতৰ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু