--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতকালত বিভিন্ন সেউজীয়া শাক-পাচলিৰে বজাৰ ভৰি পৰাৰ সমান্তৰালকৈ ফুলকবি অত্যধিক বজাৰত দেখা পোৱা যায়। এই সময়ছোৱাত শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৰে ফুলকবি প্ৰথম পছন্দ। ফুলকবিৰ ৱাৰ্মিং ইফেক্ট থাকে, যি স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ফুলকবি খাবলৈ যিমান সোৱাদ, সিমানেই স্বাস্থ্যৰ বাবে উপকাৰী। ফুলকবি খালে স্বাস্থ্যৰ পক্ষে কি কি উপকাৰ পোৱা যায় জানো আহক।

 গাঁঠিৰ বিষত ফুলকবি উপকাৰী-

ফুলকবিয়ে ঠাণ্ডা দিনত শৰীৰ গৰম কৰি ৰখাৰ লগতে শক্তি প্ৰদান কৰে। বহু লোকৰ শীতকালত গাঁঠিৰ বিষৰ সমস্যা হয়। ফুলকবিয়ে গাঁঠিৰ বিষত উপশম দিয়াৰ উপৰি পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। তদুপৰি ফুলকবিত থকা কেলচিয়ামে হাড় মজবুত কৰে।

 ফুলকবিয়ে হাড় মজবুত কৰে-

ফুলকবিত ভিটামিন-চি, আঁহ, প্ৰটিন, ফছফৰাছ আদি উপাদান পোৱা যায়, যিয়ে শৰীৰক বহুখিনি উপকৃত কৰে। ইয়াৰ উপৰি ফুলকবিত অতি কম পৰিমাণৰ কেলৰি পোৱা যায়, যিয়ে আপোনাৰ ওজন নিয়ন্ত্ৰণতো সহায় কৰিব পাৰে। ফুলকবিত থকা ভিটামিন-বিয়ে গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী। কিন্তু মনত ৰাখিবলগীয়া কথাটো এয়ে যে ফুলকবি বেছিকৈ খালে গেছ, এচিডিটি আদি সমস্যাৰো সন্মুখীন হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী