--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্চকৰ সময় বহু কামৰ বাবে শুভ বুলি গণ্য কৰা নহয়। হিন্দু ধৰ্ম আৰু জ্যোতিষশাস্ত্ৰত পঞ্চক যুগৰ ৫ দিনৰ বাবে বহু নিয়ম দিয়া হৈছে, য’ত কিছুমান বস্তু কিনা আৰু কিছুমান শুভ কাম কৰাটো কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিন্তু এই মাহৰ পঞ্চক ৰাইজৰ বাবে অধিক অশান্তিৰ কাৰণ হৈ উঠিব পাৰে। আচলতে আজি ২৭ ডিচেম্বৰ ২০২২ তাৰিখে মঙলবাৰৰ পৰা আৰম্ভ হোৱা পঞ্চক ৩১ ডিচেম্বৰ পৰ্যন্ত চলিব আৰু সেয়া সাধাৰণ পঞ্চক নহয়, অগ্নি পঞ্চক হ'ব। অৱশ্যে এই সময়ছোৱাত মানুহে ২০২২ বৰ্ষৰ বিদায় আৰু ২০২৩ বৰ্ষক আদৰণি জনোৱাৰ উদযাপনত নিমগ্ন হ’ব। কিন্তু সকলোৱে কিছু সাৱধানতা অৱলম্বন কৰা উচিত কাৰণ অগ্নি পঞ্চকৰ সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা অধিক।

পঞ্চক ডিচেম্বৰ ২০২২

কুম্ভ আৰু মীন ৰাশিত চন্দ্ৰই ট্ৰেনজিট কৰিলে পঞ্চক হয়। ইয়াৰ বাহিৰেও যেতিয়া ধনীষ্ঠা নক্ষত্ৰ, শতভিষ নক্ষত্ৰ, ৰেৱতী নক্ষত্ৰ, উত্তৰ ভদ্ৰপদ আৰু পূৰ্বভদ্ৰপদৰ তৃতীয় পদত চন্দ্ৰ যাত্ৰা কৰে, তেতিয়াও পঞ্চক সংঘটিত হয়। এইবাৰ মঙলবাৰৰ পৰা আৰম্ভ হৈছে পঞ্চকৰ আৰম্ভণি, যিটো হ’ব অগ্নি পঞ্চক। হিন্দু পঞ্জিকাৰ তথ্য অনুসৰি এইবাৰৰ পঞ্চক ২৭ ডিচেম্বৰ, ২০২২ তাৰিখ মঙলবাৰে পুৱা ৩:৩১ বজাৰ পৰা আৰম্ভ হ’ব, যিটো ৩১ ডিচেম্বৰ, ২০২২ শনিবাৰে পুৱা ১১:৪৭ বজাত শেষ হ’ব। এই সময়ত সাৱধান হওক।

পঞ্চকৰ সময়ত এইবোৰ কথাত ধ্যান ৰাখক

- পঞ্চকৰ সময়ত কাঠ বা কাঠৰ সামগ্ৰী কিনাটো অশুভ বুলি গণ্য কৰা হয়। এই সময়ছোৱাত যিকোনো ধৰণৰ ইন্ধন সংগ্ৰহ কৰাটোও ভাল বুলি গণ্য কৰা নহয়।

- পঞ্চকৰ সময়ত বিচনা বা খাট আদি কিনিব নালাগে। তেনে মানে হ’ল নিজৰ হাতেৰে জীৱনৰ বিপদবোৰক নিমন্ত্ৰণ কৰা।

- পঞ্চকৰ সময়ত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা, ঘৰৰ মেৰামতি কাম কৰাও অতি অশুভ বুলি গণ্য কৰা হয়। পঞ্চকৰ সময়ত নিৰ্মাণ আৰম্ভ হোৱা ঘৰটোত বসবাস কৰা পৰিয়ালটোৱে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

- পঞ্চকৰ সময়ত দক্ষিণ দিশত যাত্ৰা কৰিব নালাগে কাৰণ দক্ষিণ দিশক যমৰাজৰ দিশ বুলি গণ্য কৰা হয়। গতিকে এই দিশত যাত্ৰা কৰিলে যাত্ৰাত দুৰ্ঘটনা বা দুখ-কষ্টৰ সম্ভাৱনা অতি বেছি।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ