--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতৰ বহু ঠাইত উষ্ণতা এতিয়া অতি নিম্নগামী হৈছে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটোও প্ৰয়োজন হৈ পৰিছে। কাৰণ অলপ অসাৱধানতাই আপোনাক অসুস্থ কৰি তুলিব পাৰে। এনে পৰিস্থিতিত যদি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়, তেন্তে বহু ৰোগৰ পৰা হাত সাৰিব পাৰি। সেয়েহে ৰোগৰ পৰা হাত সাৰিবলৈ কোনবোৰ ঘৰুৱা খাদ্যবস্তু সেৱন কৰিব লাগে জানো আহক।

 দালচেনীঃ-বিভিন্ন ধৰণৰ খাদ্য বনাওঁতে প্ৰায় প্ৰতি ঘৰতে দালচেনী ব্যৱহাৰ কৰা হয়। এই দালচেনীয়ে শীতকালত ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰে। দালচেনিৰ চাহত ব্যৱহাৰ কৰিলেও বিপাকীয় ক্ৰিয়া উন্নত কৰাত সহায় কৰে।

গুড়ঃ-শীতকাল আৰম্ভ হোৱাৰ লগে লগে সকলোতে গুড় ব্যৱহাৰ কৰা হয়। গুড়ৰ চাহ, গুড়ৰ পৰা তৈয়াৰী খাদ্যবস্তু ব্যৱহাৰ কৰা হয়। গুড়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰাৰ লগতে চেনিৰ দৰে কোনো ক্ষতি নকৰে।

কেশৰঃ-কেশৰৰ প্ৰভাৱ গৰম বুলি কোৱা হয়। গৰম গাখীৰেই হওক বা শীতকালত চাহেই হওক, অলপ কেশৰ দিলে সোৱাদৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে।

আদাঃ-ঘৰতে হওক বা বাহিৰতেই হওক শীতকালত আদাৰ চাহ খাবলৈ সকলোৱে ভাল পায়। শীতকালত আদাৰ ব্যৱহাৰে আমাক বহু ৰোগৰ পৰা ৰক্ষা কৰে। চাহৰ লগত আদা ব্যৱহাৰ কৰিব পাৰি, মৌৰ লগত খাব পাৰি বা কিছুমান মানুহে পোৰা আদাও ব্যৱহাৰ কৰিবলৈ ভালপায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক