--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক : পুনৰ নৃশংস সামৰিক সন্ত্ৰাসৰ বলি হ’বলগীয়া হ’ল ম্যানমাৰ। বিগত ফেব্ৰুৱাৰী মাহত সামৰিক অভ্যুত্থানৰ জৰিয়তে দেশখনৰ শাসন নিজৰ অধীনলৈ নিছিল সামৰিক জুণ্টা চৰাকাৰে। তাৰ পাছৰ পৰাই দেশখনত অব্যাহত আছে সামৰিক বাহিনীৰ নৃশংস দমন আৰু নিৰ্বিচাৰ হত্যালীলা। যোৱা শুকুৰবাৰেও দেশখনত সামৰিক বাহিনীয়ে ৩০জনকৈ লোকক নৃশংসভাৱে হত্যা কৰি জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে। দেশখনৰ মানৱ অধিকাৰ সংস্থা, স্থানীয় সংবাদ মাধ্যম আৰু স্থানীয় লোকসকলে এই নৃশংস ঘটনাটো পোহৰলৈ আনিছে। দেশখনৰ সংঘৰ্ষজৰ্জৰ কেয়াহ প্ৰদেশৰ হাপৰুছো নামৰ চহৰখনৰ সমীপৱৰ্তী মো ছো গাঁৱত এই ঘটনা সংঘটিত হৈছে।

মানৱ অধিকাৰ সংস্থাই প্ৰকাশ কৰা মতে তেওঁলোকে ৩০টাৰো অধিক অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই মৃতদেহসমূহ বিভিন্ন বয়সৰ লোকৰ বুলি জানিব পৰা গৈছে। মহিলা আৰু শিশুৰ মৃতদেহো ইয়াৰ মাজত আছে।
সেনাৰ এই নৃশংস হত্যাকাণ্ডক লৈ এতিয়া সৰ্বত্ৰে গৰিহনাৰ জোঁৱাৰ উঠিছে। সেনাৰ এই বৰ্বৰতাৰ বিৰুদ্ধে উঠিছে ধিক্কাৰ ধ্বনি। মন কৰিবলগীয়া যে, সামৰিক অভ্যুত্থানৰ পাছতে দেশখনৰ গণতান্ত্ৰিক নেতাসকলক বন্দী কৰি ৰাখিছে সেনাই। শান্তিৰ নোবেলজয়ী গণতান্ত্ৰিক নেত্ৰী আং ছাং ছ্যুকীকো ৰখা হৈছে কাৰাগাৰত। সেনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সাধাৰণ লোকৰ ওপৰত বৰ্বৰ আক্ৰমণ সংঘটিত কৰিছে। শুকুৰবাৰৰ এই ঘটনাই সেনাৰ বৰ্বৰতাৰ সকলো সীমা যেন অতিক্ৰম কৰিছে।

স্থানীয় সংবাদ মাধ্যম আৰু মানৱ অধিকাৰ সংগঠনসমূহে এই বৰ্বৰ ঘটনাৰ আলোকচিত্ৰ প্ৰকাশ কৰিছে। জ্বলাই দিয়া মৃতদেহৰ অৱশেষ আৰু কেইবাখনো অগ্নিদগ্ধ বাহনৰ ফটো শ্বেয়াৰ কৰা হৈছে ছ’চিয়েল মিডিয়াত। দেশখনৰ সেনাবিৰোধী সৰ্বহৎ সশস্ত্ৰ বাহিনী কাৰেন্নী নেচনেল ডিফেন্স ফ’ৰ্চ-এ প্ৰকাশ কৰিছে যে, মৃত লোকসকল সেনাই দাবী কৰাৰ দৰে তেওঁলোকৰ সদস্য নহয়। তেওঁলোকে সংঘাতজৰ্জৰ অঞ্চলটোৰ পৰা আঁতৰি গৈ নিৰাপদ আশ্ৰয়ৰ সন্ধান কৰিব বিচৰা সাধাৰণ লোকহে।

এই সশস্ত্ৰ সংগঠনটোৰ এজন কমাণ্ডাৰে প্ৰকাশ কৰিছে যে, সামৰিক বাহিনীয়ে শিশু মহিলাকে ধৰি বিভিন্ন বয়সৰ লোকক অতি বৰ্বৰভাৱে জ্বলাই দিয়ে। এজন স্থানীয় লোকেও এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, তেওঁলোক নিশা দপদপকৈ জ্বলি উঠা জুই দেখা পাইছিল যদিও গুলীৰ শব্দ শুনি তাৰ কাষ চাপিবলৈ সাহ কৰা নাছিল। সেনাই মৃত্যু হোৱা লোকসকলক সন্ত্ৰাসবাদী বুলি দাবী কৰিছে আৰু তেওঁলোকৰ সংঘৰ্ষত মৃত্যু হোৱা বুলি দাবী কৰিছে যদিও ইয়াৰ সত্যতা অস্বীকাৰ কৰিছে বিভিন্ন মানৱ অধিকাৰ সংগঠন আৰু সংবাদ মাধ্যমে।

আৰু পঢ়কঃ কন্যাৰ বিয়া;স্মৃতি ইৰাণীয়ে জোঁৱাইক ক’লে-পাগল পৰিয়াললৈ তোমাক স্বাগতম!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু