--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক : পুনৰ নৃশংস সামৰিক সন্ত্ৰাসৰ বলি হ’বলগীয়া হ’ল ম্যানমাৰ। বিগত ফেব্ৰুৱাৰী মাহত সামৰিক অভ্যুত্থানৰ জৰিয়তে দেশখনৰ শাসন নিজৰ অধীনলৈ নিছিল সামৰিক জুণ্টা চৰাকাৰে। তাৰ পাছৰ পৰাই দেশখনত অব্যাহত আছে সামৰিক বাহিনীৰ নৃশংস দমন আৰু নিৰ্বিচাৰ হত্যালীলা। যোৱা শুকুৰবাৰেও দেশখনত সামৰিক বাহিনীয়ে ৩০জনকৈ লোকক নৃশংসভাৱে হত্যা কৰি জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে। দেশখনৰ মানৱ অধিকাৰ সংস্থা, স্থানীয় সংবাদ মাধ্যম আৰু স্থানীয় লোকসকলে এই নৃশংস ঘটনাটো পোহৰলৈ আনিছে। দেশখনৰ সংঘৰ্ষজৰ্জৰ কেয়াহ প্ৰদেশৰ হাপৰুছো নামৰ চহৰখনৰ সমীপৱৰ্তী মো ছো গাঁৱত এই ঘটনা সংঘটিত হৈছে।

মানৱ অধিকাৰ সংস্থাই প্ৰকাশ কৰা মতে তেওঁলোকে ৩০টাৰো অধিক অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই মৃতদেহসমূহ বিভিন্ন বয়সৰ লোকৰ বুলি জানিব পৰা গৈছে। মহিলা আৰু শিশুৰ মৃতদেহো ইয়াৰ মাজত আছে।
সেনাৰ এই নৃশংস হত্যাকাণ্ডক লৈ এতিয়া সৰ্বত্ৰে গৰিহনাৰ জোঁৱাৰ উঠিছে। সেনাৰ এই বৰ্বৰতাৰ বিৰুদ্ধে উঠিছে ধিক্কাৰ ধ্বনি। মন কৰিবলগীয়া যে, সামৰিক অভ্যুত্থানৰ পাছতে দেশখনৰ গণতান্ত্ৰিক নেতাসকলক বন্দী কৰি ৰাখিছে সেনাই। শান্তিৰ নোবেলজয়ী গণতান্ত্ৰিক নেত্ৰী আং ছাং ছ্যুকীকো ৰখা হৈছে কাৰাগাৰত। সেনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সাধাৰণ লোকৰ ওপৰত বৰ্বৰ আক্ৰমণ সংঘটিত কৰিছে। শুকুৰবাৰৰ এই ঘটনাই সেনাৰ বৰ্বৰতাৰ সকলো সীমা যেন অতিক্ৰম কৰিছে।

স্থানীয় সংবাদ মাধ্যম আৰু মানৱ অধিকাৰ সংগঠনসমূহে এই বৰ্বৰ ঘটনাৰ আলোকচিত্ৰ প্ৰকাশ কৰিছে। জ্বলাই দিয়া মৃতদেহৰ অৱশেষ আৰু কেইবাখনো অগ্নিদগ্ধ বাহনৰ ফটো শ্বেয়াৰ কৰা হৈছে ছ’চিয়েল মিডিয়াত। দেশখনৰ সেনাবিৰোধী সৰ্বহৎ সশস্ত্ৰ বাহিনী কাৰেন্নী নেচনেল ডিফেন্স ফ’ৰ্চ-এ প্ৰকাশ কৰিছে যে, মৃত লোকসকল সেনাই দাবী কৰাৰ দৰে তেওঁলোকৰ সদস্য নহয়। তেওঁলোকে সংঘাতজৰ্জৰ অঞ্চলটোৰ পৰা আঁতৰি গৈ নিৰাপদ আশ্ৰয়ৰ সন্ধান কৰিব বিচৰা সাধাৰণ লোকহে।

এই সশস্ত্ৰ সংগঠনটোৰ এজন কমাণ্ডাৰে প্ৰকাশ কৰিছে যে, সামৰিক বাহিনীয়ে শিশু মহিলাকে ধৰি বিভিন্ন বয়সৰ লোকক অতি বৰ্বৰভাৱে জ্বলাই দিয়ে। এজন স্থানীয় লোকেও এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, তেওঁলোক নিশা দপদপকৈ জ্বলি উঠা জুই দেখা পাইছিল যদিও গুলীৰ শব্দ শুনি তাৰ কাষ চাপিবলৈ সাহ কৰা নাছিল। সেনাই মৃত্যু হোৱা লোকসকলক সন্ত্ৰাসবাদী বুলি দাবী কৰিছে আৰু তেওঁলোকৰ সংঘৰ্ষত মৃত্যু হোৱা বুলি দাবী কৰিছে যদিও ইয়াৰ সত্যতা অস্বীকাৰ কৰিছে বিভিন্ন মানৱ অধিকাৰ সংগঠন আৰু সংবাদ মাধ্যমে।

আৰু পঢ়কঃ কন্যাৰ বিয়া;স্মৃতি ইৰাণীয়ে জোঁৱাইক ক’লে-পাগল পৰিয়াললৈ তোমাক স্বাগতম!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ