--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পৃথিৱীৰ আটাইতকৈ বৰ্ষীয়ান মানুহগৰাকী এই পৃথিৱীত নাই৷ আজিৰ পৰা এসপ্তাহৰ আগতে লোকজনৰ মৃত্যু হৈছে৷ চীনা বিষয়াসকলৰ মতে, পৃথিৱীৰ আটাইতকৈ বৃদ্ধ ব্যক্তি আলমিহান চাইতি এই পৃথিৱীত নাই৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১৩৫ বছৰ। তেওঁৰ নাম আনকি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছতো সন্নিৱিষ্ট হোৱা নাছিল। চীনা চৰকাৰে ইয়াক লৈ দুখপ্ৰকাশ কৰে। গিনিছ বুকত ৰেকৰ্ড থকা পৃথিৱীৰ আটাইতকৈ বৰ্ষীয়ান মহিলাগৰাকীৰ বয়স ১১৮ বছৰ। তেওঁৰ পৰৱৰ্তী ৰেকৰ্ড বৰ্তমান জাপানৰ কেন তানাকাৰ যাৰ বয়স আছিল ১১৪৷

পৃথিৱীৰ আটাইতকৈ বৃদ্ধ ব্যক্তি আলমিহান চাইটিৰ জন্ম ১৮৮৬ চনৰ ২৫ জুনত হৈছিল। সেই সময়ত, ৰজা ৰাজবংশে চীনশাসন কৰিছিল। চীনা চৰকাৰে দাবী কৰে যে, আলমিহান চাইতি বিশ্বৰ আটাইতকৈ বৃদ্ধ মহিলা। তেওঁ মৃত্যুলৈকে প্ৰতি সপ্তাহত এক কিলোগ্ৰাম চকলেট খাইছিল, লগতে তেওঁ মৃত্যুলৈকে ধূমপান আৰু সুৰাপানো কৰিছিল। দুখৰ বিষয় যে তেওঁৰ পৰিয়াল বা চীনা কৰ্তৃপক্ষই তেওঁৰ বয়সৰ বিষয়ে কোনো প্ৰমাণ পত্ৰ দিব নোৱাৰিলে, যাৰ বাবে গীণিজ বুকত তেওঁৰ নাম সন্নিৱিষ্ট নহ’ল৷ উল্লেখ্য যে, আলমিহানৰ পৰিয়ালেও কেতিয়াও গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ কতৃপক্ষৰ সৈতে যোগাযোগ কৰা নাছিল।

১৬ ডিচেম্বৰত আলমিহান চাইটিৰ মৃত্যু হয়। তেওঁ জীৱনত দুবাৰকৈ কৰ্কট ৰোগক পৰাস্ত কৰিছে। আলমিহানে ১৭ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হৈছিল। সংবাদ মাধ্যমৰ অনুসৰি, ১৯৭৬ চনত তেওঁৰ স্বামীৰ মৃত্যু হয়। চকলেটৰ প্ৰতি থকা প্ৰেমৰ উপৰিও, আলমিহানে গান ভাল পোৱাৰ লগতে বিভিন্ন বাদ্যযন্ত্ৰ বজাব জানিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু