--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ৫০ কোটি বছৰৰ পাছত পৃথিৱীখন ‘মৃত্যু’ হ’ব বুলি বিশ্বাস কৰা হয়। বিজ্ঞানীসকলে অনুমান কৰিছে যে সূৰ্য্যই ক্ৰমান্বয়ে প্ৰসাৰিত হৈ কোনো এটা সময়ত পৃথিৱীখনক আগুৰি ধৰিব। কিন্তু বিজ্ঞানীসকলে বিশ্বাস কৰে যে তাৰ বহু আগতেই পৃথিৱীত জীৱনৰ অন্ত পৰিব। নিউ আলটাছ নামৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ ৱেবছাইটৰ এক প্ৰতিবেদন অনুসৰি নতুন গৱেষণাৰ পৰা দেখা গৈছে যে বায়ুমণ্ডলত থকা অধিকাংশ অক্সিজেন এক বিলিয়ন বছৰৰ ভিতৰত শেষ হৈ যাব!

পৃথিৱীৰ প্ৰায় ২১ শতাংশ বায়ুমণ্ডল অক্সিজেনেৰে গঠিত। পৃথিৱীত জীৱনৰ অন্যতম প্ৰধান কাৰণ অক্সিজেন। কিন্তু জৰ্জিয়া টেক আৰু টোহো বিশ্ববিদ্যালয়ৰ গৱেষকসকলে পৃথিৱীৰ বায়ুমণ্ডলত কিমান দিনলৈ অক্সিজেনৰ মাত্ৰা থাকিব সেয়া বুজিবলৈ গৱেষণা কৰিছিল। বিশ্ববিদ্যালয় দুখনৰ গৱেষকসকলে পৃথিৱীৰ জলবায়ু, জৈৱিক আৰু ভূতাত্ত্বিক প্ৰক্ৰিয়া, সূৰ্য্যৰ উজ্জ্বলতাকে ধৰি কেইবাটাও বিষয়ত পৰীক্ষা-নিৰীক্ষা চলাইছিল। গৱেষকৰ দলটোৱে সময়ৰ লগে লগে বায়ু আৰু পানীত অক্সিজেনৰ মাত্ৰা কেনেদৰে সলনি হয় সেই সম্পৰ্কেও গৱেষণা কৰে।

সকলো পৰীক্ষা-নিৰীক্ষা কৰি গৱেষকসকলে লক্ষ্য কৰিলে যে পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ আয়ুস সম্ভৱতঃ ১ বিলিয়ন বছৰৰ অলপ বেছি। বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা ১ বিলিয়ন বছৰৰ পাছত দ্ৰুতগতিত হ্ৰাস পাব। গৱেষকসকলেও অনুমান কৰিছে যে প্ৰায় ১১ কোটি বছৰৰ পিছত বায়ুমণ্ডলৰ অক্সিজেনৰ মাত্ৰা মাত্ৰ এক শতাংশলৈ হ্ৰাস পাব পাৰে।

বিজ্ঞানীসকলে কয় যে সূৰ্য্যই অক্সি জেন ক্ষয়ৰ মূল কাৰণ হ’ব। তেওঁলোকৰ মতে, ‘বৃদ্ধাৱস্থা’ৰ উপৰিও সূৰ্যৰ তাপ আৰু উজ্জ্বলতা বৃদ্ধি পাব, যাৰ ফলত পৃথিৱীৰ পৃষ্ঠৰ উষ্ণতা বহুগুণে বৃদ্ধি পাব। পৃথিৱী উষ্ণ হোৱাৰ লগে লগে অতিৰিক্ত উত্তাপৰ বাবে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডো ভাঙি যাব। এই দুটা কাৰণৰ বাবে উদ্ভিদ জীয়াই থাকিব নোৱাৰে।

উদ্ভিদ হৈছে পৃথিৱীৰ অক্সিজেনৰ প্ৰধান উৎস। কিন্তু গছ-গছনি ধ্বংস হ’লে সালোক সংশ্লেষণৰ জৰিয়তে কোনো নতুন অক্সিজেন উৎপন্ন হ’ব নোৱাৰে। ফলত বায়ুমণ্ডলত থকা অক্সিজেন অলপ অলপকৈ শেষ হৈ যাব। কিন্তু পৃথিবীৰ বায়ুমণ্ডলত আৰম্ভণিৰে পৰা অক্সিজেন সমৃদ্ধ নাছিল। পৃথিৱীৰ পৰিবেশও সুখকৰ নাছিল।

গৱেষণাৰ মতে প্ৰায় ৪ বিলিয়ন বছৰ আগতে পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ অভাৱ আছিল। কিন্তু ২৪ কোটি বছৰৰ আগৰ পৰা অক্সিজেনৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ ফলত বহুকোষী জীৱনৰ উত্থানৰ বাট মুকলি হ’ল। কিন্তু বৰ্তমান পৃথিৱীৰ অক্সিজেনৰ মাত্ৰা কমি যোৱা নাই। নিঃসন্দেহে মানুহে আৰু কোটি কোটি বছৰ জীয়াই থাকিব বুলি আশা কৰা হৈছে।

বিজ্ঞানীসকলৰ মতে, এই সময়ৰ ভিতৰত মানুহে বহিঃ মহাকাশত আন এখন বাসযোগ্য স্থান বিচাৰি উলিয়াব লাগিব। যদি নাই, তেন্তে হয়তো চিৰদিনৰ বাবে মচি পেলোৱা হ’ব মানৱ জাতিৰ অস্তিত্ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু