--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ৫০ কোটি বছৰৰ পাছত পৃথিৱীখন ‘মৃত্যু’ হ’ব বুলি বিশ্বাস কৰা হয়। বিজ্ঞানীসকলে অনুমান কৰিছে যে সূৰ্য্যই ক্ৰমান্বয়ে প্ৰসাৰিত হৈ কোনো এটা সময়ত পৃথিৱীখনক আগুৰি ধৰিব। কিন্তু বিজ্ঞানীসকলে বিশ্বাস কৰে যে তাৰ বহু আগতেই পৃথিৱীত জীৱনৰ অন্ত পৰিব। নিউ আলটাছ নামৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ ৱেবছাইটৰ এক প্ৰতিবেদন অনুসৰি নতুন গৱেষণাৰ পৰা দেখা গৈছে যে বায়ুমণ্ডলত থকা অধিকাংশ অক্সিজেন এক বিলিয়ন বছৰৰ ভিতৰত শেষ হৈ যাব!

পৃথিৱীৰ প্ৰায় ২১ শতাংশ বায়ুমণ্ডল অক্সিজেনেৰে গঠিত। পৃথিৱীত জীৱনৰ অন্যতম প্ৰধান কাৰণ অক্সিজেন। কিন্তু জৰ্জিয়া টেক আৰু টোহো বিশ্ববিদ্যালয়ৰ গৱেষকসকলে পৃথিৱীৰ বায়ুমণ্ডলত কিমান দিনলৈ অক্সিজেনৰ মাত্ৰা থাকিব সেয়া বুজিবলৈ গৱেষণা কৰিছিল। বিশ্ববিদ্যালয় দুখনৰ গৱেষকসকলে পৃথিৱীৰ জলবায়ু, জৈৱিক আৰু ভূতাত্ত্বিক প্ৰক্ৰিয়া, সূৰ্য্যৰ উজ্জ্বলতাকে ধৰি কেইবাটাও বিষয়ত পৰীক্ষা-নিৰীক্ষা চলাইছিল। গৱেষকৰ দলটোৱে সময়ৰ লগে লগে বায়ু আৰু পানীত অক্সিজেনৰ মাত্ৰা কেনেদৰে সলনি হয় সেই সম্পৰ্কেও গৱেষণা কৰে।

সকলো পৰীক্ষা-নিৰীক্ষা কৰি গৱেষকসকলে লক্ষ্য কৰিলে যে পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ আয়ুস সম্ভৱতঃ ১ বিলিয়ন বছৰৰ অলপ বেছি। বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা ১ বিলিয়ন বছৰৰ পাছত দ্ৰুতগতিত হ্ৰাস পাব। গৱেষকসকলেও অনুমান কৰিছে যে প্ৰায় ১১ কোটি বছৰৰ পিছত বায়ুমণ্ডলৰ অক্সিজেনৰ মাত্ৰা মাত্ৰ এক শতাংশলৈ হ্ৰাস পাব পাৰে।

বিজ্ঞানীসকলে কয় যে সূৰ্য্যই অক্সি জেন ক্ষয়ৰ মূল কাৰণ হ’ব। তেওঁলোকৰ মতে, ‘বৃদ্ধাৱস্থা’ৰ উপৰিও সূৰ্যৰ তাপ আৰু উজ্জ্বলতা বৃদ্ধি পাব, যাৰ ফলত পৃথিৱীৰ পৃষ্ঠৰ উষ্ণতা বহুগুণে বৃদ্ধি পাব। পৃথিৱী উষ্ণ হোৱাৰ লগে লগে অতিৰিক্ত উত্তাপৰ বাবে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডো ভাঙি যাব। এই দুটা কাৰণৰ বাবে উদ্ভিদ জীয়াই থাকিব নোৱাৰে।

উদ্ভিদ হৈছে পৃথিৱীৰ অক্সিজেনৰ প্ৰধান উৎস। কিন্তু গছ-গছনি ধ্বংস হ’লে সালোক সংশ্লেষণৰ জৰিয়তে কোনো নতুন অক্সিজেন উৎপন্ন হ’ব নোৱাৰে। ফলত বায়ুমণ্ডলত থকা অক্সিজেন অলপ অলপকৈ শেষ হৈ যাব। কিন্তু পৃথিবীৰ বায়ুমণ্ডলত আৰম্ভণিৰে পৰা অক্সিজেন সমৃদ্ধ নাছিল। পৃথিৱীৰ পৰিবেশও সুখকৰ নাছিল।

গৱেষণাৰ মতে প্ৰায় ৪ বিলিয়ন বছৰ আগতে পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ অভাৱ আছিল। কিন্তু ২৪ কোটি বছৰৰ আগৰ পৰা অক্সিজেনৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ ফলত বহুকোষী জীৱনৰ উত্থানৰ বাট মুকলি হ’ল। কিন্তু বৰ্তমান পৃথিৱীৰ অক্সিজেনৰ মাত্ৰা কমি যোৱা নাই। নিঃসন্দেহে মানুহে আৰু কোটি কোটি বছৰ জীয়াই থাকিব বুলি আশা কৰা হৈছে।

বিজ্ঞানীসকলৰ মতে, এই সময়ৰ ভিতৰত মানুহে বহিঃ মহাকাশত আন এখন বাসযোগ্য স্থান বিচাৰি উলিয়াব লাগিব। যদি নাই, তেন্তে হয়তো চিৰদিনৰ বাবে মচি পেলোৱা হ’ব মানৱ জাতিৰ অস্তিত্ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক