--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 5G ইণ্টাৰনেট ব্যৱহাৰ কৰা কোটি কোটি ভাৰতীয় গ্ৰাহকে বৃহৎ জোকাৰণিৰ সন্মুখীন হ’ব পাৰে। যদি আপুনি বিনামূলীয়াকৈ 5G ব্যৱহাৰ কৰে তেন্তে এই বছৰ এই অফাৰ শেষ হ’ব পাৰে। যদি এনেকুৱা হয় তেন্তে মানুহে 5G ব্যৱহাৰ কৰিবলৈ অতিৰিক্ত ধন দিব লাগিব। দেশৰ দুটা বৃহৎ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলে বন্ধ কৰিব পাৰে৷

এইবাৰ মোবাইল ৰিচাৰ্জ কৰা লোকৰ পকেটৰ ওপৰতো বোজা বাঢ়িব পাৰে। ইটিৰ প্ৰতিবেদন অনুসৰি নতুন ৰিচাৰ্জ প্লেনসমূহ বৰ্তমানৰ ৪জি ৰিচাৰ্জ হাৰৰ তুলনাত কমেও ৫-১০% ব্যয়বহুল হ’ব পাৰে।

২০২২ চনৰ অক্টোবৰ মাহত ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলে ভাৰতত 5G সেৱা আৰম্ভ কৰে। তেতিয়াৰ পৰা দুয়োটা কোম্পানীয়ে কেৱল বৰ্তমানৰ 4Gৰ দামত 5G ইণ্টাৰনেট সেৱা আগবঢ়াইছে। সীমাহীন 5G ডাটাৰ বাবে ব্যৱহাৰকাৰীৰ পৰা কোনো পৃথক চাৰ্জ লোৱা নহয়। কিন্তু এতিয়া বিশ্বাস কৰা হৈছে যে- বিনামূলীয়া আনলিমিটেড 5G ইণ্টাৰনেট অফাৰৰ যুগ হয়তো শেষ হ’ব।

দেশৰ দুয়োটা আগশাৰীৰ টেলিকম কোম্পানীয়ে সমগ্ৰ দেশতে 5G সেৱাৰ কভাৰেজ প্ৰদানৰ পৰিকল্পনা কৰিছে।বৰ্তমান সমগ্ৰ দেশতে প্ৰায় ১২.৫ কোটি 5G ব্যৱহাৰকাৰী আছে।

২০২৪ চনৰ শেষৰ ফালে ভাৰতত ৫জি ব্যৱহাৰকাৰীৰ সংখ্যা ২০ কোটি অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলৰ 5G প্লেন বৰ্তমানৰ 5G প্লেনতকৈ ৫-১০ শতাংশ ব্যয়বহুল হ’ব পাৰে। ইয়াৰ উপৰিও দুয়োটা কোম্পানীয়ে ৩০-৪০ শতাংশ অধিক ডাটা আগবঢ়াব পাৰে, যাতে মানুহে 5G সেৱা গ্ৰহণ কৰে আৰু বজাৰৰ অংশীদাৰিত্বও বৃদ্ধি পাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক