--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলিছে পূৰ্ণপৰ্যায়ত৷ প্ৰায় সাজু হৈ উঠিছে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাস৷ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ বুলি সাজু হৈছে হেমা মালিনীও৷ অভিষেকৰ পূৰ্বেই অযোধ্যাত হেমা মালিনীয়ে পৰিৱেশন কৰিব ৰামায়ণ ভিত্তিক নৃত্য-নাটিকা৷ 

বলীউডৰ ড্ৰীমগাৰ্ল হেমা মালিনীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ বাৰ্তাত কোৱা হৈছে যে তেওঁ ৰাম মন্দিৰৰ বাবে অযোধ্যা ভ্ৰমণ কৰিব অচিৰেই৷

হেমা মালিনীয়ে কয়, মই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত প্ৰথমবাৰৰ বাবে অযোধ্যালৈ গৈ আছোঁ৷ জানুৱাৰীৰ ১৭ তাৰিখে মই অযোধ্যা ধামত ৰামায়ণ আধাৰিত এখন নৃত্য-নাটিকা উপস্থাপন কৰিম৷

বিগত বৰ্ষৰ নৱেম্বৰতো হেমা মালিনীয়ে তেওঁৰ লোকসভা সমষ্টিত সন্ত মীৰাবাঈৰ ৫২৫সংখ্যক জয়ন্তী উদযাপনত এখন নৃত্য-নাটিকা উপস্থাপন কৰিছিল৷ তেওঁক অলপতে মুম্বাইত অনুষ্ঠিত ইৰা খান-নুপুৰ শিখৰৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানতো দেখা গৈছিল। তেওঁক অভিনেত্ৰী ৰেখাৰ কাষত প’জ দিয়া দেখা গৈছিল।

এইগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী হেমা মালিনীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু পৰৱৰ্তী সময়ত ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। হেমা মালিনী এগৰাকী প্ৰশিক্ষিত ভাৰত নাট্যমৰ নৃত্যশিল্পী। তেওঁৰ কন্যা এষা দেওল আৰু আহানা দেউল প্ৰশিক্ষিত ওড়ীশী নৃত্যশিল্পী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু