--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলিছে পূৰ্ণপৰ্যায়ত৷ প্ৰায় সাজু হৈ উঠিছে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাস৷ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ বুলি সাজু হৈছে হেমা মালিনীও৷ অভিষেকৰ পূৰ্বেই অযোধ্যাত হেমা মালিনীয়ে পৰিৱেশন কৰিব ৰামায়ণ ভিত্তিক নৃত্য-নাটিকা৷ 

বলীউডৰ ড্ৰীমগাৰ্ল হেমা মালিনীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ বাৰ্তাত কোৱা হৈছে যে তেওঁ ৰাম মন্দিৰৰ বাবে অযোধ্যা ভ্ৰমণ কৰিব অচিৰেই৷

হেমা মালিনীয়ে কয়, মই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত প্ৰথমবাৰৰ বাবে অযোধ্যালৈ গৈ আছোঁ৷ জানুৱাৰীৰ ১৭ তাৰিখে মই অযোধ্যা ধামত ৰামায়ণ আধাৰিত এখন নৃত্য-নাটিকা উপস্থাপন কৰিম৷

বিগত বৰ্ষৰ নৱেম্বৰতো হেমা মালিনীয়ে তেওঁৰ লোকসভা সমষ্টিত সন্ত মীৰাবাঈৰ ৫২৫সংখ্যক জয়ন্তী উদযাপনত এখন নৃত্য-নাটিকা উপস্থাপন কৰিছিল৷ তেওঁক অলপতে মুম্বাইত অনুষ্ঠিত ইৰা খান-নুপুৰ শিখৰৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানতো দেখা গৈছিল। তেওঁক অভিনেত্ৰী ৰেখাৰ কাষত প’জ দিয়া দেখা গৈছিল।

এইগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী হেমা মালিনীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু পৰৱৰ্তী সময়ত ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। হেমা মালিনী এগৰাকী প্ৰশিক্ষিত ভাৰত নাট্যমৰ নৃত্যশিল্পী। তেওঁৰ কন্যা এষা দেওল আৰু আহানা দেউল প্ৰশিক্ষিত ওড়ীশী নৃত্যশিল্পী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement