--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত শেষ হ’ল মায়াৱতীৰ বহুজন সমাজ পাৰ্টিৰ যুগ। উত্থান হৈছে নতুন দলিত নেতা চন্দ্ৰশেখৰ আজাদৰ। যাক তেওঁৰ অনুগামীসকলৰ বাবে ‘ৰাৱণ’ নামেৰে জনা যায়।

মাত্ৰ দুবছৰ পূৰ্বে বিধানসভা নিৰ্বাচনত গোৰখপুৰত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে জামিন হেৰুৱা ৰাৱনে এককভাৱে লাখ লাখ ভোটত জয়ী হ’বলৈ গৈ আছে নগিনা লোকসভা সমষ্টিত। দ্বিতীয় আৰু তৃতীয় স্থানত আছে বিজেপি আৰু সমাজবাদী পাৰ্টি।

বিগত দশক ধৰি বিভিন্ন ৰাজ্যৰ দলিত আৰু পিছপৰা লোকৰ অধিকাৰৰ যুঁজত অংশগ্ৰহণ কৰি আহিছে ৰাৱনৰ সামাজিক সংগঠন ভীম আৰ্মীয়ে। উত্তৰ ভাৰতত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনতো চন্দ্ৰশেখৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শ্বাহীনবাগ ৰেলীত যোগদান কৰি জেললৈ যায়। ২০২০ চনৰ মাৰ্চ মাহত তেওঁ গঠন কৰিছিল ৰাজনৈতিক দল ‘আজাদ সমাজ পাৰ্টী’। বিগত বৰ্ষত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত গোৰখপুৰ (চহৰ) সমষ্টিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে পৰাস্ত হৈছিল চন্দ্ৰশেখৰ।

উত্তৰ প্ৰদেশৰ ৰাজনীতিত মায়াৱতীৰ কাৰ্য্যকলাপ বিগত কেইবছৰমানৰ পৰা হ্ৰাস পাইছে। জল্পনা-কল্পনা কৰা হৈছিল যে তেওঁ এইবাৰ বিজেপি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ত যোগদান কৰা নাছিল যাতে বিভিন্ন দুৰ্নীতিৰ গোচৰত কেন্দ্ৰীয় সংস্থাৰ লক্ষ্য হৈ নপৰে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশ পৰাজিত হোৱা বিএছপিয়ে ২০১৯ চনত অখিলেশৰ এছ পিৰ সৈতে মিত্ৰতা কৰি ১০খন আসন লাভ কৰিছিল। এইবাৰ আকৌ মায়াৱতীৰ বেগ খালী হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ