--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত শেষ হ’ল মায়াৱতীৰ বহুজন সমাজ পাৰ্টিৰ যুগ। উত্থান হৈছে নতুন দলিত নেতা চন্দ্ৰশেখৰ আজাদৰ। যাক তেওঁৰ অনুগামীসকলৰ বাবে ‘ৰাৱণ’ নামেৰে জনা যায়।

মাত্ৰ দুবছৰ পূৰ্বে বিধানসভা নিৰ্বাচনত গোৰখপুৰত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে জামিন হেৰুৱা ৰাৱনে এককভাৱে লাখ লাখ ভোটত জয়ী হ’বলৈ গৈ আছে নগিনা লোকসভা সমষ্টিত। দ্বিতীয় আৰু তৃতীয় স্থানত আছে বিজেপি আৰু সমাজবাদী পাৰ্টি।

বিগত দশক ধৰি বিভিন্ন ৰাজ্যৰ দলিত আৰু পিছপৰা লোকৰ অধিকাৰৰ যুঁজত অংশগ্ৰহণ কৰি আহিছে ৰাৱনৰ সামাজিক সংগঠন ভীম আৰ্মীয়ে। উত্তৰ ভাৰতত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনতো চন্দ্ৰশেখৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শ্বাহীনবাগ ৰেলীত যোগদান কৰি জেললৈ যায়। ২০২০ চনৰ মাৰ্চ মাহত তেওঁ গঠন কৰিছিল ৰাজনৈতিক দল ‘আজাদ সমাজ পাৰ্টী’। বিগত বৰ্ষত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত গোৰখপুৰ (চহৰ) সমষ্টিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে পৰাস্ত হৈছিল চন্দ্ৰশেখৰ।

উত্তৰ প্ৰদেশৰ ৰাজনীতিত মায়াৱতীৰ কাৰ্য্যকলাপ বিগত কেইবছৰমানৰ পৰা হ্ৰাস পাইছে। জল্পনা-কল্পনা কৰা হৈছিল যে তেওঁ এইবাৰ বিজেপি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ত যোগদান কৰা নাছিল যাতে বিভিন্ন দুৰ্নীতিৰ গোচৰত কেন্দ্ৰীয় সংস্থাৰ লক্ষ্য হৈ নপৰে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশ পৰাজিত হোৱা বিএছপিয়ে ২০১৯ চনত অখিলেশৰ এছ পিৰ সৈতে মিত্ৰতা কৰি ১০খন আসন লাভ কৰিছিল। এইবাৰ আকৌ মায়াৱতীৰ বেগ খালী হৈ পৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
অসম কন্যা নিয়ৰ পাৰিজাতলৈ শ্রেষ্ঠ মহিলা যুঁজাৰুৰ সন্মান
সীমান্তস্তম্ভ ধ্বংসৰে ভূমি দখলৰ অপচেষ্টা খাছি দুর্বৃত্তৰ
ফিডে মহিলা দবা বিশ্বকাপৰ খিতাপ দখল দিব্যা দেশমুখৰ
নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিলৰ দাবী গ্ৰেণ্ড মুফতি কাৰ্যালয়ৰ
অপাৰেচন মহাদেৱৰ সাফল্য ; ভাৰতীয় সেনাৰ আক্ৰমণত নিহত পেহেলগাম কাণ্ডত জড়িত ৩ সন্ত্রাসবাদী
কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থানত সংকটত চাকৰি; জটিল সমাজ ব্যৱস্থাত নতুন চিন্তা
ৰে’লৰ পৰা কম্বল, আঠুৱা, টাৱেল চুৰি কৰিলে ৫ বছৰ পৰ্যন্ত জে'ল! নিয়ম জানি লওক
মাটি খান্দোতে মুছলমানৰ ঘৰত ওলাল শিৱলিংগ! মন্দিৰৰ বাবে মাটি দান কৰিলে মুছলমান পৰিয়ালটোৱে