--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘পাপ্পু’ৰ পৰা ‘শ্বেহজাদে’লৈকে বহুকেইটা উপহাসমূলক নামেৰে বছৰ বছৰ ধৰি বিজেপিৰ প্ৰধান লক্ষ্য হৈ আহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বিগত দশকত প্ৰতিটো নিৰ্বাচনতে এয়া দেখা গৈছিল। কিন্তু এই লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ আসনৰ সংখ্যাৰ বঢ়াৰ লগে লগে ৰাহুল গান্ধীক লৈ বিশেষ চৰ্চা চলিছে৷ এটা দশকৰ ভিতৰত এয়া দলটোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন৷

গান্ধীয়ে কাৰ্যতঃ  ভাৰত জোডো যাত্ৰাৰ জৰিয়তে নিজৰ অভিযান আৰম্ভ কৰিছিল। এই সময়ছোৱাত গান্ধী দেশৰ জনতাৰ মাজলৈ সোমাই গৈছিল৷ ইয়াৰ ভিডিঅ’সমূহ ভাইৰেল হৈ পৰিছিল৷

আনহাতে, প্ৰিয়ংকা গান্ধীৰ কথা ক’বলৈ গ’লে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি বহুতে আশা কৰিছিল৷ প্ৰতিদ্বন্দ্বিতা নকৰাত বিভিন্ন  প্ৰশ্ন উত্থাপন হৈছিল। কেইবাটাও সাক্ষাৎকাৰত কৈছিল যে এইটো এটা সচেতন সিদ্ধান্ত আছিল। যদি তেওঁ আৰু ৰাহুল দুয়োজনেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে তেওঁলোকে মাত্ৰ এটা সমষ্টিত প্ৰচাৰৰ সৈতে বান্ধ খাই পৰিব বুলি উল্লেখ কৰিছিল৷

ৰাহুল গান্ধীয়ে সমগ্ৰ দেশ ভ্ৰমণ কৰাৰ সময়তে প্ৰিয়ংকাই পৰিয়ালৰ দুৰ্গ আমেথি আৰু ৰায়েবাৰেলীত কংগ্ৰেছৰ প্ৰচাৰ অভিযানৰ নেতৃত্ব দিয়াৰ দায়িত্ব গ্ৰহণ কৰে। গান্ধী পৰিয়ালৰ আনুগত্যশীল কিশোৰী লাল শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক পৰাস্ত কৰি এক বিশেষ জায়েণ্ট কীলাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে৷ ইয়াৰ দ্বাৰা ২০১৯ চনৰ ৰাহুল গান্ধীৰ পৰাজয়ৰ মধুৰ প্ৰতিশোধ লোৱা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু