--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘পাপ্পু’ৰ পৰা ‘শ্বেহজাদে’লৈকে বহুকেইটা উপহাসমূলক নামেৰে বছৰ বছৰ ধৰি বিজেপিৰ প্ৰধান লক্ষ্য হৈ আহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বিগত দশকত প্ৰতিটো নিৰ্বাচনতে এয়া দেখা গৈছিল। কিন্তু এই লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ আসনৰ সংখ্যাৰ বঢ়াৰ লগে লগে ৰাহুল গান্ধীক লৈ বিশেষ চৰ্চা চলিছে৷ এটা দশকৰ ভিতৰত এয়া দলটোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন৷

গান্ধীয়ে কাৰ্যতঃ  ভাৰত জোডো যাত্ৰাৰ জৰিয়তে নিজৰ অভিযান আৰম্ভ কৰিছিল। এই সময়ছোৱাত গান্ধী দেশৰ জনতাৰ মাজলৈ সোমাই গৈছিল৷ ইয়াৰ ভিডিঅ’সমূহ ভাইৰেল হৈ পৰিছিল৷

আনহাতে, প্ৰিয়ংকা গান্ধীৰ কথা ক’বলৈ গ’লে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি বহুতে আশা কৰিছিল৷ প্ৰতিদ্বন্দ্বিতা নকৰাত বিভিন্ন  প্ৰশ্ন উত্থাপন হৈছিল। কেইবাটাও সাক্ষাৎকাৰত কৈছিল যে এইটো এটা সচেতন সিদ্ধান্ত আছিল। যদি তেওঁ আৰু ৰাহুল দুয়োজনেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে তেওঁলোকে মাত্ৰ এটা সমষ্টিত প্ৰচাৰৰ সৈতে বান্ধ খাই পৰিব বুলি উল্লেখ কৰিছিল৷

ৰাহুল গান্ধীয়ে সমগ্ৰ দেশ ভ্ৰমণ কৰাৰ সময়তে প্ৰিয়ংকাই পৰিয়ালৰ দুৰ্গ আমেথি আৰু ৰায়েবাৰেলীত কংগ্ৰেছৰ প্ৰচাৰ অভিযানৰ নেতৃত্ব দিয়াৰ দায়িত্ব গ্ৰহণ কৰে। গান্ধী পৰিয়ালৰ আনুগত্যশীল কিশোৰী লাল শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক পৰাস্ত কৰি এক বিশেষ জায়েণ্ট কীলাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে৷ ইয়াৰ দ্বাৰা ২০১৯ চনৰ ৰাহুল গান্ধীৰ পৰাজয়ৰ মধুৰ প্ৰতিশোধ লোৱা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ