--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত যেন ৰক্ষা নহ’ল৷  উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত গোধৰা কাৰাগাৰত আত্মসমৰ্পণ কৰিলে বিলকিছ বানোৰ ১১ ধৰ্ষণকাৰীয়ে৷  দেওবাৰে নিশালৈকে ১১  জন ধৰ্ষণকাৰীয়ে কাৰাগাৰত উপস্থিত হৈ আত্মসমৰ্পন কৰে৷উচ্চতম ন্যায়ালয়ে ধৰ্ষণকাৰীসকলক দেওবাৰে  নিশা ১২ বজাৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল। ধৰ্ষণকাৰীসকল দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত কাৰাগাৰলৈ গৈ আত্মসমৰ্পন কৰে৷ 

উল্লেখ্য বৃহস্পতিবাৰে, বিলকিছৰ তিনিজন ধৰ্ষণকাৰীয়ে আত্মসমৰ্পণৰ বাবে অধিক সময় বিচাৰি উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। তিনিজন অভিযুক্ত গোবিন্দভাই, ৰমেশ চন্দনা আৰু মিতেশ ভট্টই আত্মসমৰ্পণ কৰিবলৈ অধিক সময় বিচাৰিছিল। প্ৰথম এজনে   এইবুলি  অজুহাত দেখুৱাইছিল যে তেওঁৰ মাক- দেউতাক অসুস্থ । চোৱাচিতা কৰিবলৈ কোনো নাই। গতিকে তেওঁলোকে অতিৰিক্ত ৪-৬ সপ্তাহ বিচাৰে। আন এটা অজুহাত আছিলএজনৰ  পুত্ৰৰ বিয়া। সেয়ে  অতিৰিক্ত ৬  সপ্তাহ লাগে। তৃতীয়জনৰ  অজুহাত আছিল যে শস্য চপাবলৈ  অতিৰিক্ত ছসপ্তাহ লাগিব।

অৱশ্যে, উচ্চতম ন্যায়ালয়ে আবেদন কেইখননাকচ কৰিছিল। ন্যায়ালয়ে কৈছিল যে এই আবেদনসমূহত কোনো গ্ৰহণযোগ্যতা নাই। সেয়ে আত্মসমৰ্পণৰ দিন  পিছুৱাই দিয়াৰো কোনো ভিত্তি নাই। কেৱল এনেবোৰ  কাৰণতে কাকো কাৰাগাৰলৈ যোৱাত পৰা বাধা দিব নোৱাৰি। আদালতে পিছত স্পষ্ট কৰিছিল যে বিলকিছ গোচৰৰ  ১১ জন  ধৰ্ষণকাৰীয়ে দেওবাৰৰ ভিতৰত আত্মসমৰ্পণ কৰিব লাগিব। অৱশেষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ১১ ধৰ্ষকে দেওবাৰে নিশা ১১.৩০ বজাত  গোধৰা কাৰাগাৰত উপস্থিত হয়৷ 

২০০২ চনৰ গোধৰাৰ বিলকিছ বানো দলবদ্ধ ধৰ্ষণৰ গোচৰত আজীৱন কাৰাদণ্ডৰে দণ্ডিত ১১ জন দোষীয়ে ১৫ আগষ্টত গোধৰা উপ-কাৰাগাৰৰ পৰা ওলাই গৈছিল। গুজৰাট চৰকাৰে ইয়াৰ ৰেহাই নীতিৰ অধীনত তেওঁলোকক মুক্তি দিয়াৰ অনুমতি দিয়াৰ পিছত ধৰ্ষণকাৰীসকলে হাঁহি হাঁহি কাৰাগাৰৰ পৰা ওলাই গৈছিল। ১১ জন অভিযুক্ত ক্ৰমে  ৰাধেশ্যাম শ্বাহ, যশৱন্ত চতুৰ্ভাই নাই, কেশুভাই দানিয়া, বাকাভাই দানিয়া, ৰাজিভাই চোনি, ৰমেশভাই চৌহান, শৈলেশভাই ভট্ট, বিপিন চন্দ্ৰ যোশী, গোবিন্দভাই নাই, মিতেশ ভট্ট, প্ৰদীপ মোধিয়াক সোমবাৰে কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল। ২০০৮ চনৰ ২১ জানুৱাৰীত মুম্বাইৰ  চিবিআইৰ বিশেষ  আদালতে এঘাৰজন অভিযুক্তক দলবদ্ধ ধৰ্ষণ আৰু বিলকিছৰ পৰিয়ালৰ সাতজন সদস্যৰ হত্যাৰ অভিযোগত আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।  তেওঁলোক দোষী সাব্যস্ত হোৱাৰ পিছত বোম্বাই উচ্চ ন্যায়ালয়েও তেওঁলোকৰ শাস্তি বাহাল   ৰাখিছিল।

বিলকিছৰ বয়স তেতিয়া  ২০ বছৰ আছিল আৰু তেওঁ কেইবামাহৰ গৰ্ভৱতী আছিল । সেই সময়তে তেওঁক  পৰিচিত লোকেই ধৰ্ষণ কৰিছিল। ধৰ্ষণকাৰীসকলৰ এজনক বিলকিছে  'চাচা' (খুৰা) আৰু আনসকলক দাদা  বুলি মাতিছিল।বিলকিছক  দলবদ্ধ ধৰ্ষণ কৰাৰ পিছত ঘটনাটো গাপ দিবলৈ তেওঁৰ  পৰিয়ালৰ সাত জন  সদস্যসকলকো হত্যা কৰা হৈছিল। ২০০২ চনৰ ৩ মাৰ্চত বিলকিছৰ  তিনি বছৰীয়া কন্যাকো ধৰ্ষণকাৰীয়ে হত্যা কৰিছিল।

ধৰ্ষণৰ পিছত জ্ঞান ঘূৰাই পাই  বিলকিছে এগৰাকী জনজাতীয় মহিলাৰ পৰা কাপোৰ খুজি  লৈছিল আৰু অভিযোগ পঞ্জীয়ন কৰিবলৈ দাহোদ জিলাৰ লিমখেদা আৰক্ষী থানালৈ গৈছিল। তাত থকা হেড কনিষ্টবলজনে তথ্যবোৰ ভুলকৈ লিখিছিল আৰু ঘটনাটোক গাপ দিব বিচাৰিছিল বুলি অভিযোগ  উঠি আহিছে। 

ন্যায়ৰ সন্ধানত বিলকিছৰ  অগ্নিপৰীক্ষাৰ আৰম্ভ হৈছিল।  বিলকিছে  মৃত্যুৰ ভাবুকি পাইছিল। ফলত উচ্চতম ন্যায়ালয়ে ২০০৪  চনত গুজৰাটৰ পৰা মুম্বাইলৈ বিচাৰটো স্থানান্তৰিত কৰিছিল ।২০০৮ চনৰ জানুৱাৰী মাহত মুম্বাইৰ এখন বিশেষ চিবিআই আদালতে এগৰাকী গৰ্ভৱতী মহিলাক ধৰ্ষণৰ ষড়যন্ত্ৰ, হত্যা, বেআইনী সমাবেশ আৰু অন্যান্য অভিযোগত ২০ জন অভিযুক্তৰ ভিতৰত ১১ জনক ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰিছিল।

 অভিযুক্তজনক বচাবলৈ "অশুদ্ধ তথ্য " লিপিবদ্ধ কৰাৰ বাবে হেড কনিষ্টবলজনকো দোষী সাব্যস্ত কৰা হৈছিল। প্ৰমাণৰ অভাৱত ২০ জন অভিযুক্তৰ ভিতৰত ৭ জনক নিৰ্দোষী সাব্যস্ত কৰা হৈছিল। গোচৰটো চলি থকাৰ সময়তে এজন অভিযুক্তৰ মৃত্যু হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান