--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত যেন ৰক্ষা নহ’ল৷  উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত গোধৰা কাৰাগাৰত আত্মসমৰ্পণ কৰিলে বিলকিছ বানোৰ ১১ ধৰ্ষণকাৰীয়ে৷  দেওবাৰে নিশালৈকে ১১  জন ধৰ্ষণকাৰীয়ে কাৰাগাৰত উপস্থিত হৈ আত্মসমৰ্পন কৰে৷উচ্চতম ন্যায়ালয়ে ধৰ্ষণকাৰীসকলক দেওবাৰে  নিশা ১২ বজাৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল। ধৰ্ষণকাৰীসকল দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত কাৰাগাৰলৈ গৈ আত্মসমৰ্পন কৰে৷ 

উল্লেখ্য বৃহস্পতিবাৰে, বিলকিছৰ তিনিজন ধৰ্ষণকাৰীয়ে আত্মসমৰ্পণৰ বাবে অধিক সময় বিচাৰি উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। তিনিজন অভিযুক্ত গোবিন্দভাই, ৰমেশ চন্দনা আৰু মিতেশ ভট্টই আত্মসমৰ্পণ কৰিবলৈ অধিক সময় বিচাৰিছিল। প্ৰথম এজনে   এইবুলি  অজুহাত দেখুৱাইছিল যে তেওঁৰ মাক- দেউতাক অসুস্থ । চোৱাচিতা কৰিবলৈ কোনো নাই। গতিকে তেওঁলোকে অতিৰিক্ত ৪-৬ সপ্তাহ বিচাৰে। আন এটা অজুহাত আছিলএজনৰ  পুত্ৰৰ বিয়া। সেয়ে  অতিৰিক্ত ৬  সপ্তাহ লাগে। তৃতীয়জনৰ  অজুহাত আছিল যে শস্য চপাবলৈ  অতিৰিক্ত ছসপ্তাহ লাগিব।

অৱশ্যে, উচ্চতম ন্যায়ালয়ে আবেদন কেইখননাকচ কৰিছিল। ন্যায়ালয়ে কৈছিল যে এই আবেদনসমূহত কোনো গ্ৰহণযোগ্যতা নাই। সেয়ে আত্মসমৰ্পণৰ দিন  পিছুৱাই দিয়াৰো কোনো ভিত্তি নাই। কেৱল এনেবোৰ  কাৰণতে কাকো কাৰাগাৰলৈ যোৱাত পৰা বাধা দিব নোৱাৰি। আদালতে পিছত স্পষ্ট কৰিছিল যে বিলকিছ গোচৰৰ  ১১ জন  ধৰ্ষণকাৰীয়ে দেওবাৰৰ ভিতৰত আত্মসমৰ্পণ কৰিব লাগিব। অৱশেষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ১১ ধৰ্ষকে দেওবাৰে নিশা ১১.৩০ বজাত  গোধৰা কাৰাগাৰত উপস্থিত হয়৷ 

২০০২ চনৰ গোধৰাৰ বিলকিছ বানো দলবদ্ধ ধৰ্ষণৰ গোচৰত আজীৱন কাৰাদণ্ডৰে দণ্ডিত ১১ জন দোষীয়ে ১৫ আগষ্টত গোধৰা উপ-কাৰাগাৰৰ পৰা ওলাই গৈছিল। গুজৰাট চৰকাৰে ইয়াৰ ৰেহাই নীতিৰ অধীনত তেওঁলোকক মুক্তি দিয়াৰ অনুমতি দিয়াৰ পিছত ধৰ্ষণকাৰীসকলে হাঁহি হাঁহি কাৰাগাৰৰ পৰা ওলাই গৈছিল। ১১ জন অভিযুক্ত ক্ৰমে  ৰাধেশ্যাম শ্বাহ, যশৱন্ত চতুৰ্ভাই নাই, কেশুভাই দানিয়া, বাকাভাই দানিয়া, ৰাজিভাই চোনি, ৰমেশভাই চৌহান, শৈলেশভাই ভট্ট, বিপিন চন্দ্ৰ যোশী, গোবিন্দভাই নাই, মিতেশ ভট্ট, প্ৰদীপ মোধিয়াক সোমবাৰে কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল। ২০০৮ চনৰ ২১ জানুৱাৰীত মুম্বাইৰ  চিবিআইৰ বিশেষ  আদালতে এঘাৰজন অভিযুক্তক দলবদ্ধ ধৰ্ষণ আৰু বিলকিছৰ পৰিয়ালৰ সাতজন সদস্যৰ হত্যাৰ অভিযোগত আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।  তেওঁলোক দোষী সাব্যস্ত হোৱাৰ পিছত বোম্বাই উচ্চ ন্যায়ালয়েও তেওঁলোকৰ শাস্তি বাহাল   ৰাখিছিল।

বিলকিছৰ বয়স তেতিয়া  ২০ বছৰ আছিল আৰু তেওঁ কেইবামাহৰ গৰ্ভৱতী আছিল । সেই সময়তে তেওঁক  পৰিচিত লোকেই ধৰ্ষণ কৰিছিল। ধৰ্ষণকাৰীসকলৰ এজনক বিলকিছে  'চাচা' (খুৰা) আৰু আনসকলক দাদা  বুলি মাতিছিল।বিলকিছক  দলবদ্ধ ধৰ্ষণ কৰাৰ পিছত ঘটনাটো গাপ দিবলৈ তেওঁৰ  পৰিয়ালৰ সাত জন  সদস্যসকলকো হত্যা কৰা হৈছিল। ২০০২ চনৰ ৩ মাৰ্চত বিলকিছৰ  তিনি বছৰীয়া কন্যাকো ধৰ্ষণকাৰীয়ে হত্যা কৰিছিল।

ধৰ্ষণৰ পিছত জ্ঞান ঘূৰাই পাই  বিলকিছে এগৰাকী জনজাতীয় মহিলাৰ পৰা কাপোৰ খুজি  লৈছিল আৰু অভিযোগ পঞ্জীয়ন কৰিবলৈ দাহোদ জিলাৰ লিমখেদা আৰক্ষী থানালৈ গৈছিল। তাত থকা হেড কনিষ্টবলজনে তথ্যবোৰ ভুলকৈ লিখিছিল আৰু ঘটনাটোক গাপ দিব বিচাৰিছিল বুলি অভিযোগ  উঠি আহিছে। 

ন্যায়ৰ সন্ধানত বিলকিছৰ  অগ্নিপৰীক্ষাৰ আৰম্ভ হৈছিল।  বিলকিছে  মৃত্যুৰ ভাবুকি পাইছিল। ফলত উচ্চতম ন্যায়ালয়ে ২০০৪  চনত গুজৰাটৰ পৰা মুম্বাইলৈ বিচাৰটো স্থানান্তৰিত কৰিছিল ।২০০৮ চনৰ জানুৱাৰী মাহত মুম্বাইৰ এখন বিশেষ চিবিআই আদালতে এগৰাকী গৰ্ভৱতী মহিলাক ধৰ্ষণৰ ষড়যন্ত্ৰ, হত্যা, বেআইনী সমাবেশ আৰু অন্যান্য অভিযোগত ২০ জন অভিযুক্তৰ ভিতৰত ১১ জনক ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰিছিল।

 অভিযুক্তজনক বচাবলৈ "অশুদ্ধ তথ্য " লিপিবদ্ধ কৰাৰ বাবে হেড কনিষ্টবলজনকো দোষী সাব্যস্ত কৰা হৈছিল। প্ৰমাণৰ অভাৱত ২০ জন অভিযুক্তৰ ভিতৰত ৭ জনক নিৰ্দোষী সাব্যস্ত কৰা হৈছিল। গোচৰটো চলি থকাৰ সময়তে এজন অভিযুক্তৰ মৃত্যু হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু