--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰত মোদী ঢৌৰ সমানে দেশৰ ৰাজ্য চৰকাৰ সমূহৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ওপৰত শ্ৰেষ্ঠত্ব আৰোপৰ এক কাৰচাজি চলি আহিছে। হিন্দুত্ববাদী ৰাজনীতিৰ ধ্বজাবাহক যোগীৰ এই পৰিচয়  প্ৰচাৰত নামি পৰিছে বিশেষকৈ দেশৰ হিন্দুত্ববাদী মহল। কিন্তু যোগীৰ ওপৰত শ্ৰেষ্ঠত্ব আৰোপৰ এই সকলো প্ৰচাৰৰ আঁৰত থকা সত্যও ইতিমধ্যে ফাদিল হৈছে। সমুখলৈ আহিছে সুশাসন, বিকাশৰ আঁৰৰ প্ৰকৃত স্বৰূপ। দেশৰ ভিতৰতে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ ঢাক-ঢোল কোবোৱা যোগীৰ উত্তৰ প্ৰদেশে উন্নয়নৰ দিশত শীৰ্ষস্থান দখল কৰাত ব্যৰ্থ হ’লেও পিছে অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত উপনীত হৈছে। 

শেহতীয়াকৈ যোগীৰ এই সুশাসন আৰু বিকাশৰ আন এক ছবি প্ৰকাশ পাইছে। নিজকে দুৰন্ত দেশপ্ৰেমিক হিচাপে পৰিচয় দিয়া যোগীৰ সুশাসিত উত্তৰ প্ৰদেশত কিন্তু উপযুক্ত খাদ্যৰ পৰাই বঞ্চিত হৈছে দেশৰ সেৱাত নিয়োজিত নিৰাপত্তাৰক্ষী কৰ্মীসকল। উত্তৰ প্ৰদেশ আৰক্ষীত কৰ্মৰত এজন জোৱানে ফাদিল কৰিছে আৰক্ষী জোৱানসকলক আহাৰৰ নামত দিয়া নিম্নমানৰ তথা খোৱাৰ অযোগ্য খাদ্য ব্যৱস্থাৰ স্বৰূপ। এই বঞ্চনাৰ বিৰুদ্ধে অকলেই প্ৰতিবাদতো নামি পৰিছে জোৱানগৰাকী।

উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ পুলিচ লাইনত যোগান ধৰা নিম্নমানৰ খাদ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ৰাজহুৱাকৈ কান্দি উঠিছে জোৱানগৰাকী। মনোজ কুমাৰ নামৰ এই জোৱানগৰাকীয়ে অভিযোগ কৰিছে যে আৰক্ষী চাউনীত জোৱানসকলক খাদ্যৰ নামত প্ৰদান কৰা হৈছে অস্বাস্থ্যকৰ আধাসিজা ৰুটি আৰু পনীয়া দাইল। এনে নিম্নমানৰ খাদ্যৰ বিৰোধিতা কৰি আৰক্ষী অধীক্ষকৰ ওচৰত কেইবাবাৰো অভিযোগ কৰাৰ পাছতো এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেওঁ লগতে দাবী কৰে।

প্ৰতিবাদৰ সময়ত হাতত লৈ থকা খাদ্যৰ থালত থকা ৰুটি, ভাত আৰু দাইলৰ বাটি দেখুৱাই মনোজ কুমাৰে কয়, "আৰক্ষীয়ে ১২ ঘণ্টাৰ কৰ্তব্যৰ পিছত এই খাদ্য খাই আছে। আনকি এটা কুকুৰেও এনে অযোগ্য খাদ্য ভক্ষণ নকৰে। আমি এই খাদ্য খাব নোৱাৰো। যদি আমাৰ পেটত একো নাথাকে, তেন্তে আমি কেনেকৈ আমাৰ কৰ্তব্য পালন কৰিব পাৰোঁ?"

তেওঁ লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী আয়ুক্তৰ কেলেংকাৰীৰ বাবে এনেদৰে উপযুক্ত খাদ্যৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বুলি দাবী কৰে। আনহাতে তেওঁৰ লগতে আন নিম্ন পদস্থ আৰক্ষী কৰ্মচাৰীসকলক পৰিৱেশন কৰা খাদ্যৰ এই নিকৃষ্ট মানদণ্ডৰ বিষয়ে অভিযোগ কৰাৰ পিছত মেছ মেনেজাৰে কুমাৰক বৰ্খাস্ত কৰাৰ ভাবুকি দিছিল বুলিও দাবী কৰিছে। 

ইতিমধ্যে মনোজ কুমাৰৰ প্ৰতিবাদৰ এই দৃশ্য ভাইৰেল হৈ পৰিছে। ভাইৰেল হৈ পৰা ভিডিঅ’টোত কুমাৰে অভিযোগ কৰিছে যে আৰক্ষী বিভাগত তেওঁলোকৰ এই দুৰ্দশাৰ কথা শুনিবলৈ কোনো নাই। উচ্চপদস্থ বিষয়াই এই সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে বাবে তেওঁ এনেদৰে প্ৰতিবাদৰ আশ্ৰয় লয় বুলি কুমাৰে মন্তব্য কৰে। 

ইফালে কুমাৰৰ প্ৰতিবাদৰ সময়ত তেওঁৰ কাষেৰে পাৰ হৈ যোৱা এগৰাকী বিষয়াক কুমাৰে হাতত লৈ থকা প্লেটৰ ৰুটি খাই জোৱানসকলে কেনে ধৰণৰ খাদ্য খায় সেয়া পৰীক্ষা কৰিবলৈও আহ্বান জনায়। “তেওঁৰ সন্তানে এনে খাদ্য খাব পাৰিবনে? মই মাত্ৰ তেওঁক এই কথাষাৰেই সুধিব বিচাৰো।"— মনোজ কুমাৰে লগতে কয়। এনেদৰে কিছুসময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত মনোজ কুমাৰক অৱশেষত আন আৰক্ষী কৰ্মীসকলে প্ৰতিবাদৰ স্থানৰ পৰা তেওঁক আঁতৰাই নিয়ে। 

কুমাৰৰ প্ৰতিবাদৰ এই ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিজৰ দক্ষতাৰ জয়গান গোৱা যোগী আদিত্যনাথক এই বিষয়ত জবাবদিহি কৰিছে বিভিন্নজনে। এগৰাকী ‘বিশুদ্ধ দেশপ্ৰেমিক’ৰ ৰূপত নিজকে প্ৰতিষ্ঠা কৰিব বিচৰা যোগীৰ আমোলত দেশৰ সেৱাত নিয়োজিত আৰক্ষী কৰ্মীসকলৰ এনে দুৰ্দশাই যোগীৰ দক্ষতাৰ ওপৰত স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ