--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জনসম্পৰ্কৰক্ষী বিষয়া সনাতন দাসে শ্বহীদ স্মাৰকক্ষেত্ৰ বন্ধ হৈ থাকিবলগীয়া এই সময়ছোৱাত ৰাইজৰ সহযোগিতা কামনা কৰে।

ডিজিটেল ডেস্ক: গুৱাহাটীৰ বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ অহা ১৮ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈকে কিছু যাৱতীয় কাম-কাজ কৰাৰ বাবে চাৰি দিন ৰাইজৰ বাবে বন্ধ থাকিব।


এই কথা সদৰী কৰিছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে। কালি প্ৰাধিকৰণৰ জনসম্পৰ্কৰক্ষী বিষয়া সনাতন দাসে শ্বহীদ স্মাৰকক্ষেত্ৰ বন্ধ হৈ থাকিবলগীয়া এই সময়ছোৱাত ৰাইজৰ সহযোগিতা কামনা কৰে।


উল্লেখ্য যে এই স্মাৰক ক্ষেত্ৰ বিশেষ, কিয়নো ৮৬০গৰাকী শ্বহীদৰ স্মৃতিত এই ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। অত্যাধুনিক ৰূপে সাজি তোলা এই সৌধটোত আছে ছাউণ্ড এণ্ড লাইটৰ ব্যৱস্থা।


এতিয়াও বহু শ্বহীদৰ ছবি সংগৃহীত হোৱা নাই, তাৰ বাবে সকলো প্ৰতিমূৰ্ত্তি স্থাপন কৰা সম্ভৱ হোৱা নাই।


এই নতুন স্মাৰকক্ষেত্ৰই অসমৰ সু-স্মৃতি সংৰক্ষণ আৰু দেশৰ ত্যাগীসকলক স্মৰণ কৰিবলৈ ভবিষ্যৎ প্রজন্মক উৎসাহিত কৰিব। ঐতিহাসিক অসম আন্দোলনত মাতৃভূমিৰ বাবে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদৰ স্মৃতি যুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰে এই পদক্ষেপ লয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন