--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশিষ্ট অতিথি ড° দিগন্ত বিশ্ব শৰ্মাই সাহিত্যৰ প্ৰতি ৰুচি আৰু পঢ়ুৱৈ সৃষ্টি কৰা এগৰাকী যুগদ্রষ্টা সাহিত্যিকলৈ অসম প্রকাশন ভাৰতী বঁটা প্ৰদান কৰা হৈছে বুলি কয়।

ডিজিটেল ডেস্ক: বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ দ্বাৰা সংস্কাৰক্ষম আৰু ভাৰতীয় জীৱনাদৰ্শৰ অনুৰূপ শিক্ষা প্ৰদানৰ বাবে অসম প্রকাশন ভাৰতীয়ে পাঠ্যপুথিৰ উপৰি ব্যক্তি জীৱনৰ বাবে লাগতিয়াল কিতাপো প্রতিবছৰে প্রকাশ কৰি আহিছে।


সমাজৰ বিভিন্নজনৰ সাহিত্য সৃষ্টিক উৎসাহিত কৰাৰ লগতে সামাজিক, সাংস্কৃতিক ক্ষেত্রলৈ আগবঢ়োৱা কৰ্মৰ স্বীকৃতি স্বৰূপে প্রকাশন ভাৰতীয়ে প্ৰদান কৰি অহা 'অসম প্রকাশন ভাৰতী বঁটা ২০২৫' এই বর্ষত প্ৰদান কৰা হয় ৭৫০ খনতকৈ অধিক গ্ৰন্থ ৰচনাৰে অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰা ৰহস্য সম্রাটখ্যাত ৰঞ্জু হাজৰিকাক।


গুৱাহাটী মহানগৰীৰ জু-ৰোডস্থিত অসম প্রকাশন ভাৰতীৰ সভাগৃহত অনুষ্ঠিত গাম্ভীর্যপূর্ণ এই বঁটা প্রদান অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উপদেষ্টা ড° দেৱব্ৰত দাস, মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচার্য ড° হিতেশ ডেকা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অনুবাদক, অধ্যাপক, সুবক্তা ড° দিগন্ত বিশ্ব শর্মা।


বিশিষ্ট অতিথি ড° দিগন্ত বিশ্ব শৰ্মাই সাহিত্যৰ প্ৰতি ৰুচি আৰু পঢ়ুৱৈ সৃষ্টি কৰা এগৰাকী যুগদ্রষ্টা সাহিত্যিকলৈ অসম প্রকাশন ভাৰতী বঁটা প্ৰদান কৰা হৈছে বুলি কয়। তেওঁ কয় যে ৰহস্য সাহিত্যই কল্পনা শক্তি বৃদ্ধিৰ ক্ষেত্রত ইতিবাচক ভূমিকা পালন কৰে। অতিথি ড° দেৱব্ৰত দাসে ৰঞ্জু হাজৰিকাৰ সমগ্ৰ সৃষ্টিৰাজিক এটা পুথিভঁৰাললৈ ৰূপান্তৰ কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে হস্তান্তৰ কৰাৰ বাবেও চিন্তা কৰা প্ৰয়োজনীয় বুলি কয়।


মুখ্য বক্তা ড° হিতেশ ডেকাই আমাৰ ভৱিষ্যৎ প্রজন্মই হাজৰিকাৰ সাহিত্য অধ্যয়ন কৰাৰ লগতে ইয়াৰ ব্যৱহাৰৰ দ্বাৰা ভাষাটো জীয়াই ৰখাৰ কথা উল্লেখ কৰি বক্তব্য প্রকাশ কৰে। বঁটা প্ৰদান অনুষ্ঠানটিত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্রী ড° পৱন তিৱাৰী, পূৰ্বোত্তৰ ক্ষেত্ৰ মন্ত্ৰী ড° জগদীন্দ্ৰ ৰায়চৌধুৰী, শিশু শিক্ষা সমিতি, অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী, সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশী, অসম প্রকাশন ভাৰতীৰ সভাপতি ড° সুশীল কুমাৰ শৰ্মা, বিদ্যা ভাৰতী পৰিয়ালৰ যথেষ্ট সংখ্যক শুভাকাংক্ষী, অধিকাৰী আৰু কাৰ্যকৰ্তাই উপস্থিত থাকে।


অনুষ্ঠানটোৰ আঁত ধৰে অসম প্ৰকাশন ভাৰতীৰ সচিব দীপাংকৰ বৰাই। বঁটাপ্ৰাপক ৰঞ্জু হাজৰিকাক বঁটা হিচাপে স্বাভিমানৰ প্ৰতীক অসমীয়া গামোচা, এটা স্মাৰক, এখন ফলক, অংগবস্ত্ৰ আৰু নগদ ২৫,০০০ টকা আগবঢ়োৱা হয়। এই বঁটা প্রদান অনুষ্ঠানৰ লগত সংগতি ৰাখি প্রকাশন ভাৰতীৰ দ্বাৰা প্ৰকাশিত 'অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰী' আৰু 'পঞ্চ পৰিৱৰ্তন' গ্ৰন্থ দুখনো উন্মোচন কৰা হয়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ