--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সহপাঠী ছাত্ৰীৰ  'অশ্লীল' ফটো তুলি ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ অভিযোগত   নিলম্বিত হ’ল মেডিকেল পাঠ্যক্ৰৰ এগৰাকী ছাত্ৰী।  উত্তৰ প্ৰদেশৰ গাজীপুৰ হোমিঅ'পেথি চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী  শিক্ষাৰ্থীৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে।   

এগৰাকী ছাত্ৰীয়ে   মহাবিদ্যালয়ৰ হোষ্টেলৰ একেটা কোঠাতে বাস কৰা আন এগৰাকী ছাত্ৰীৰ  আপত্তিজনক ছবি আৰু ভিডিঅ' এজন জ্যেষ্ঠ শিক্ষাৰ্থীলৈ প্ৰেৰণ কৰিছিল। মহাবিদ্যালয় কৰ্তৃপক্ষই ঘটনাটো সন্দৰ্ভত এজন ছাত্ৰসহ দুগৰাকী ছাত্ৰীক   নিলম্বন কৰিছে।

অভিযুক্ত ছাত্ৰীগৰাকীক  মন্তাশা কাজমী বুলি চিনাক্ত কৰা হৈছে। তেওঁ গাজীপুৰ হোমিঅ'পেথি চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী। তেওঁ মহম্মদ আমিৰলৈ সহপাঠীৰ আপত্তিজনক ছবি আৰু ভিডিঅ’ প্ৰেৰণ কৰিছিল।

শেহতীয়াকৈ, অভিযোগকাৰীয়ে ধৰা পেলাইছিল  যে তেওঁৰ ব্যক্তিগত সময়ৰ ছবি আৰু ভিডিঅ' শ্বেয়াৰ কৰা হৈছে। তেওঁ ঘটনাটোত বিধ্বস্ত হৈ পৰিছিল। অৱশেষত তেওঁ  মহাবিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত এই বিষয়ত  এটা অভিযোগ দাখিল কৰে।  অভিযোগৰ ওপৰত আধাৰ কৰি  কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰে। অভিযুক্ত মানতাশা কাজমী আৰু মহম্মদ আমিৰক পিছত চিনাক্ত কৰা হয়। 

অনুসন্ধানত প্ৰকাশ পাইছে যে মহাবিদ্যালয় খনত  ইয়াৰ পূৰ্বেও এনে ঘটনা ঘটিছিল। আপত্তিজনক ফটো আৰু ভিডিঅ' তুলি ছাত্ৰ-ছাত্ৰীসকলক ব্লেকমেইল কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস