--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সহপাঠী ছাত্ৰীৰ  'অশ্লীল' ফটো তুলি ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ অভিযোগত   নিলম্বিত হ’ল মেডিকেল পাঠ্যক্ৰৰ এগৰাকী ছাত্ৰী।  উত্তৰ প্ৰদেশৰ গাজীপুৰ হোমিঅ'পেথি চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী  শিক্ষাৰ্থীৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে।   

এগৰাকী ছাত্ৰীয়ে   মহাবিদ্যালয়ৰ হোষ্টেলৰ একেটা কোঠাতে বাস কৰা আন এগৰাকী ছাত্ৰীৰ  আপত্তিজনক ছবি আৰু ভিডিঅ' এজন জ্যেষ্ঠ শিক্ষাৰ্থীলৈ প্ৰেৰণ কৰিছিল। মহাবিদ্যালয় কৰ্তৃপক্ষই ঘটনাটো সন্দৰ্ভত এজন ছাত্ৰসহ দুগৰাকী ছাত্ৰীক   নিলম্বন কৰিছে।

অভিযুক্ত ছাত্ৰীগৰাকীক  মন্তাশা কাজমী বুলি চিনাক্ত কৰা হৈছে। তেওঁ গাজীপুৰ হোমিঅ'পেথি চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী। তেওঁ মহম্মদ আমিৰলৈ সহপাঠীৰ আপত্তিজনক ছবি আৰু ভিডিঅ’ প্ৰেৰণ কৰিছিল।

শেহতীয়াকৈ, অভিযোগকাৰীয়ে ধৰা পেলাইছিল  যে তেওঁৰ ব্যক্তিগত সময়ৰ ছবি আৰু ভিডিঅ' শ্বেয়াৰ কৰা হৈছে। তেওঁ ঘটনাটোত বিধ্বস্ত হৈ পৰিছিল। অৱশেষত তেওঁ  মহাবিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত এই বিষয়ত  এটা অভিযোগ দাখিল কৰে।  অভিযোগৰ ওপৰত আধাৰ কৰি  কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰে। অভিযুক্ত মানতাশা কাজমী আৰু মহম্মদ আমিৰক পিছত চিনাক্ত কৰা হয়। 

অনুসন্ধানত প্ৰকাশ পাইছে যে মহাবিদ্যালয় খনত  ইয়াৰ পূৰ্বেও এনে ঘটনা ঘটিছিল। আপত্তিজনক ফটো আৰু ভিডিঅ' তুলি ছাত্ৰ-ছাত্ৰীসকলক ব্লেকমেইল কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী