--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে (১১ আগষ্ট) উচ্চতম ন্যায়ালয়ে কয় যে আদালতলৈ অহা বৃহৎ সংখ্যক চৰকাৰী গোচৰ বেছিভাগেই ভিত্তিহীন। এনে গোচৰৰ বাবে আদালতৰ কামৰ বোজা বাঢ়িছে।ন্যায়াধীশ পি এছ নৰসিংহ, ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ বি আৰ গাভাইৰ বিচাৰপীঠে কয় যে ৭০ শতাংশ চৰকাৰী গোচৰ ভিত্তিহীন আৰু তেওঁলোকে এই প্ৰতিশ্ৰুতিক লৈ প্ৰশ্ন উত্থাপন কৰে, য’ত কোৱা হৈছিল যে গোচৰৰ ওপৰত নীতি নিৰ্ধাৰণ কৰা হ’ব যাতে আদালতৰ ওপৰত গোচৰৰ বোজা কমি যায় আৰু খৰচো নিয়ন্ত্ৰণ কৰিব পাৰি।

কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা এক বিবিধ আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই মন্তব্য কৰে। বিবিধ আৱেদন দাখিল কৰা গোচৰটো ইতিমধ্যে আদালতে খাৰিজ কৰিছে। শুকুৰবাৰে যেতিয়া বিষয়টো শুনানি গ্ৰহণ কৰা হয় তেতিয়া ন্যায়াধীশ গাভাইয়ে আনকি ইংগিত দিয়ে যে আদালতে কেন্দ্ৰীয় চৰকাৰক জৰিমনা বিহাৰ বাবে প্ৰৱল কাৰণ আদালতৰ দৃষ্টিত কেন্দ্ৰই প্ৰকৃততে বিবিধ আবেদনৰ আঁত ধৰি পুনৰীক্ষণ আবেদন দাখিল কৰিছে।

ন্যায়াধীশ গাভায়ে অতিৰিক্ত ছলিচিটৰ জেনেৰেল এ এছ জি ঐশ্বৰ্য ভাটীক কয়, “আপোনাৰ পৰা কিমান খৰচ আদায় কৰিব লাগে? ইতিমধ্যে খাৰিজ কৰা আবেদনক বিবিধ আবেদনৰ জৰিয়তে কেনেকৈ পুনৰুজ্জীৱিত কৰিব পাৰি? আমি এই প্ৰথাক সঠিক বুলি নাভাবো কাৰণ আদালতে ইতিমধ্যে এই আবেদন খাৰিজ কৰিছে। এনে গোচৰৰ ৭০ শতাংশই ভিত্তিহীন। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে সমাধান বিচাৰি পাব পাৰে। আমি কেৱল বাতৰি কাকতত পঢ়িবলৈ পাওঁ যে গোচৰটোৰ সন্দৰ্ভত নীতিৰ কাম চলি আছে, কিন্তু সত্যটো প্ৰকৃততে বেলেগ৷”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন