--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে (১১ আগষ্ট) উচ্চতম ন্যায়ালয়ে কয় যে আদালতলৈ অহা বৃহৎ সংখ্যক চৰকাৰী গোচৰ বেছিভাগেই ভিত্তিহীন। এনে গোচৰৰ বাবে আদালতৰ কামৰ বোজা বাঢ়িছে।ন্যায়াধীশ পি এছ নৰসিংহ, ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ বি আৰ গাভাইৰ বিচাৰপীঠে কয় যে ৭০ শতাংশ চৰকাৰী গোচৰ ভিত্তিহীন আৰু তেওঁলোকে এই প্ৰতিশ্ৰুতিক লৈ প্ৰশ্ন উত্থাপন কৰে, য’ত কোৱা হৈছিল যে গোচৰৰ ওপৰত নীতি নিৰ্ধাৰণ কৰা হ’ব যাতে আদালতৰ ওপৰত গোচৰৰ বোজা কমি যায় আৰু খৰচো নিয়ন্ত্ৰণ কৰিব পাৰি।

কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা এক বিবিধ আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই মন্তব্য কৰে। বিবিধ আৱেদন দাখিল কৰা গোচৰটো ইতিমধ্যে আদালতে খাৰিজ কৰিছে। শুকুৰবাৰে যেতিয়া বিষয়টো শুনানি গ্ৰহণ কৰা হয় তেতিয়া ন্যায়াধীশ গাভাইয়ে আনকি ইংগিত দিয়ে যে আদালতে কেন্দ্ৰীয় চৰকাৰক জৰিমনা বিহাৰ বাবে প্ৰৱল কাৰণ আদালতৰ দৃষ্টিত কেন্দ্ৰই প্ৰকৃততে বিবিধ আবেদনৰ আঁত ধৰি পুনৰীক্ষণ আবেদন দাখিল কৰিছে।

ন্যায়াধীশ গাভায়ে অতিৰিক্ত ছলিচিটৰ জেনেৰেল এ এছ জি ঐশ্বৰ্য ভাটীক কয়, “আপোনাৰ পৰা কিমান খৰচ আদায় কৰিব লাগে? ইতিমধ্যে খাৰিজ কৰা আবেদনক বিবিধ আবেদনৰ জৰিয়তে কেনেকৈ পুনৰুজ্জীৱিত কৰিব পাৰি? আমি এই প্ৰথাক সঠিক বুলি নাভাবো কাৰণ আদালতে ইতিমধ্যে এই আবেদন খাৰিজ কৰিছে। এনে গোচৰৰ ৭০ শতাংশই ভিত্তিহীন। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে সমাধান বিচাৰি পাব পাৰে। আমি কেৱল বাতৰি কাকতত পঢ়িবলৈ পাওঁ যে গোচৰটোৰ সন্দৰ্ভত নীতিৰ কাম চলি আছে, কিন্তু সত্যটো প্ৰকৃততে বেলেগ৷”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস