--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু বিশ্বাস অনুসৰি সোমবাৰৰ দিনটো ভগৱান শিৱৰ নামত উচৰ্গা কৰা হয়। বহুতে সোমবাৰে ভগৱান শিৱক পূজা কৰে আৰু লগতে ব্ৰতো ৰাখে। এনে কৰিলে ভগৱান শিৱই তেওঁৰ ভক্তসকলৰ আকাংক্ষিত মনৰ কামনা পূৰণ কৰে। সোমবাৰৰ দিনটোত কি উপায় গ্ৰহণ কৰিলে ভগৱান শিৱ সহজে সন্তুষ্ট হয় জানি লওক। সোমবাৰে শুদ্ধ অন্তৰেৰে শিৱক আৰাধানা কৰিলে ভক্তৰ জীৱনৰ দুখ, স্বাস্থ্য সম্পৰ্কীয় সমস্যা আৰু আৰ্থিক বাধাৰ দৰে সমস্যাৰ অন্ত পৰে। 

সোমবাৰৰ প্ৰতিকাৰ

সোমবাৰে পুৱা সোনকালে স্নান কৰি পূজা কৰাৰ পিছত ১০৮ বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব লাগে। সোমবাৰে পুৱা শিৱ মন্দিৰলৈ গৈ শিৱলিংগত গাখীৰ ঢালিব লাগে আৰু একে সময়তে ‘ঔম নমঃ শিৱায়’ জপ কৰি থাকিব লাগে। ইয়াৰ বাহিৰেও সোমবাৰে পূজাত বেলপাত, নভঙা চাউল ব্যৱহাৰ কৰিব লাগে। পূজাত হালধীয়া চন্দন ব্যৱহাৰ কৰিব লাগে। যিসকল লোকৰ বিবাহত বাধা আহিছে তেওঁলোকে সোমবাৰে ৰাতিপুৱাই সাৰ পাই স্নান কৰি ভগৱান শিৱক পূজা কৰিব লাগে।

সোমবাৰে কেতিয়াও ক’লা কাপোৰ পিন্ধি ভগৱান শিৱক পূজা নকৰিব। সোমবাৰে পিঁয়াজ, নহৰু, মাছ, মাংস, কণী খাব নালাগে। যদি আপুনি সোমবাৰে ব্ৰতত থাকে তেন্তে এই দিনটোত কোনো ভুল কাম নকৰিবলৈ চেষ্টা কৰক। কাকো খং নকৰিব। 

ভগৱান শিৱৰ পূজাত তুলসী ব্যৱহাৰ কৰিব নালাগে। নাৰিকল অৰ্পণ কৰাৰ সময়ত এটা কথা মনত ৰাখিব যে শিৱক নাৰিকল অৰ্পণ কৰাটো শুভ কিন্তু কেতিয়াও নাৰিকলৰ পানী আগবঢ়াব নালাগে। ভগৱান শিৱক পূজা কৰা দিনা আপুনি সেউজীয়া, ৰঙা, বগা, কমলা বা হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব। এনে উপায় অৱলম্বন কৰি সহজতে শিৱক সন্তুষ্ট কৰিব পাৰি। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক