--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু বিশ্বাস অনুসৰি সোমবাৰৰ দিনটো ভগৱান শিৱৰ নামত উচৰ্গা কৰা হয়। বহুতে সোমবাৰে ভগৱান শিৱক পূজা কৰে আৰু লগতে ব্ৰতো ৰাখে। এনে কৰিলে ভগৱান শিৱই তেওঁৰ ভক্তসকলৰ আকাংক্ষিত মনৰ কামনা পূৰণ কৰে। সোমবাৰৰ দিনটোত কি উপায় গ্ৰহণ কৰিলে ভগৱান শিৱ সহজে সন্তুষ্ট হয় জানি লওক। সোমবাৰে শুদ্ধ অন্তৰেৰে শিৱক আৰাধানা কৰিলে ভক্তৰ জীৱনৰ দুখ, স্বাস্থ্য সম্পৰ্কীয় সমস্যা আৰু আৰ্থিক বাধাৰ দৰে সমস্যাৰ অন্ত পৰে। 

সোমবাৰৰ প্ৰতিকাৰ

সোমবাৰে পুৱা সোনকালে স্নান কৰি পূজা কৰাৰ পিছত ১০৮ বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব লাগে। সোমবাৰে পুৱা শিৱ মন্দিৰলৈ গৈ শিৱলিংগত গাখীৰ ঢালিব লাগে আৰু একে সময়তে ‘ঔম নমঃ শিৱায়’ জপ কৰি থাকিব লাগে। ইয়াৰ বাহিৰেও সোমবাৰে পূজাত বেলপাত, নভঙা চাউল ব্যৱহাৰ কৰিব লাগে। পূজাত হালধীয়া চন্দন ব্যৱহাৰ কৰিব লাগে। যিসকল লোকৰ বিবাহত বাধা আহিছে তেওঁলোকে সোমবাৰে ৰাতিপুৱাই সাৰ পাই স্নান কৰি ভগৱান শিৱক পূজা কৰিব লাগে।

সোমবাৰে কেতিয়াও ক’লা কাপোৰ পিন্ধি ভগৱান শিৱক পূজা নকৰিব। সোমবাৰে পিঁয়াজ, নহৰু, মাছ, মাংস, কণী খাব নালাগে। যদি আপুনি সোমবাৰে ব্ৰতত থাকে তেন্তে এই দিনটোত কোনো ভুল কাম নকৰিবলৈ চেষ্টা কৰক। কাকো খং নকৰিব। 

ভগৱান শিৱৰ পূজাত তুলসী ব্যৱহাৰ কৰিব নালাগে। নাৰিকল অৰ্পণ কৰাৰ সময়ত এটা কথা মনত ৰাখিব যে শিৱক নাৰিকল অৰ্পণ কৰাটো শুভ কিন্তু কেতিয়াও নাৰিকলৰ পানী আগবঢ়াব নালাগে। ভগৱান শিৱক পূজা কৰা দিনা আপুনি সেউজীয়া, ৰঙা, বগা, কমলা বা হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব। এনে উপায় অৱলম্বন কৰি সহজতে শিৱক সন্তুষ্ট কৰিব পাৰি। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত