--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ২০ ফেব্ৰুৱাৰীৰ পৰা ১০ মাৰ্চলৈ অনুষ্ঠিত হ’ব পঞ্জাব বিধানসভাৰ নিৰ্বাচন৷ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পঞ্জাবৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা পঞ্জাব প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৰ প্ৰতি আহিছে আন এক বিপদ৷ সিদ্ধুৰ বাবে আশংকা ঘনীভূত কৰি সিদ্ধুৰ প্ৰবাসী ভগ্নী সুমন তুৰে অভিযোগ কৰিছে যে সিদ্ধুৱে মাকক এৰি দিছিল৷ সিদ্ধুৰ প্ৰবাসী ভগ্নী বুলি দাবী কৰা সুমন তুৰে অভিযোগ কৰাৰ পাছত এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে৷ অভিযোগ অনুসৰি, সিদ্ধুৱে তেওঁলোকৰ মাকক এৰি দিছিল আৰু তেওঁক নিঃস্ব হিচাপে মৰিবলৈ এৰি দিছিল। সুমন তুৰৰ অভিযোগমৰ্মে সিদ্ধু এজন নিষ্ঠুৰ ব্যক্তি, যিয়ে তেওঁলোকৰ দেউতাকৰ মৃত্যুৰ পাছত ১৯৮৬ চনত তেওঁক আৰু তেওঁৰ মাতৃক ঘৰৰ পৰা বিতাড়িত কৰিছিল। তেওঁলোকৰ মাতৃয়ো ১৯৮৯ চনত দিল্লী ৰে’ল ষ্টেচনত সকৰুণভাৱে মৃত্যুক সাবটি লৈছিল৷ চণ্ডিগড়ত এখন সংবাদমেলত সুমন তুৰে সিদ্ধুৰ বিৰুদ্ধে এই চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে৷ সিদ্ধুৱে লগতে কয়, তেওঁৰ অভিযোগ প্ৰমাণ কৰিবলৈ তেওঁৰ ওচৰত নথি-পত্ৰ আছে। সিদ্ধুৰ ডাঙৰ ভগ্নীয়ে কৈছিল যে সিদ্ধুৱে আগতে দাবী কৰিছিল যে তেওঁলোকৰ মাক-দেউতাক দুবছৰ বয়সত পৃথক হৈছিল, কিন্তু সেয়া মিছা। সুমন তুৰে পৰিয়ালটোৰ এখন ফটোও দেখুৱাই কয়, এই ফটোখনত সিদ্ধুক দুবছৰীয়া দেখাইছে নেকি? সিদ্ধুৰ ভনীয়েকে প্ৰকাশ কৰিছিল যে তেওঁলোকৰ দেউতাকৰ মৃত্যুৰ পাছতে সিদ্ধুৱে তেওঁক আৰু তেওঁলোকৰ মাকক সম্পত্তি দখল কৰিবলৈ তেওঁলোকৰ ঘৰৰ পৰা বাহিৰলৈ লৈ গৈছিল। তেতিয়াৰ পৰা তেওঁ তুৰৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰিছিল আৰু তুৰক স্বীকাৰ কৰাৰ কথা অস্বীকাৰ কৰিছিল। সুমনে কৈছিল যে তেওঁ আগতীয়া তথ্য লৈ যোৱা ২০ জানুৱাৰীত সিদ্ধুৰ বাসগৃহলৈ গৈছিল কিন্তু সিদ্ধুৱে লগ কৰিবলৈ অস্বীকাৰ কৰিছিল। অৱশ্যে, এইপৰ্যন্ত প্ৰবাসী ভগ্নীৰ এইসমূহ অভিযোগৰ উত্তৰ নাই নৱজ্যোৎ সিং সিদ্ধুৱে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু