--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভিতৰত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে চৰণজিৎ সিং চান্নীৰ দাবী তীব্ৰতৰ হৈছে৷ আম আদমী পাৰ্টীয়ে ভগৱন্ত মানক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পাছৰে পৰা কংগ্ৰেছ দলৰ মাজতো মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিষয়টোৱে নতুন গতি লাভ কৰিছে৷ পঞ্জাবৰ শাসনাধীষ্ঠিত প্ৰদেশ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী চৰণজিৎ সিং চান্নী হ’ব পাৰে পঞ্জাবত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী৷

ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী মহিন্দ্ৰই কৈছে যে কংগ্ৰেছ হাইকমাণ্ডে শীঘ্ৰে চান্নীক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা উচিত। ইয়াৰ পূৰ্বে, আন এজন মন্ত্ৰী ৰাণা গুৰজিৎ সিঙেও এই দাবী উত্থাপন কৰিছিল। মহিন্দ্ৰাই কৈছে যে কংগ্ৰেছে মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ বিষয়ে কোনো বিভ্ৰান্তি ৰাইজৰ মাজত থাকিবলৈ দিয়া উচিত নহয়। তেওঁ কয়, ‘দলটোৱে এই বিষয়ে কোনো বিভ্ৰান্তি ৰখা উচিত নহয়।’ চৰণজিৎ সিং চান্নীক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰা উচিত কাৰণ তেওঁ সকলোৱে আশা কৰাতকৈ নিজকে অধিক কাৰ্যদক্ষ হিচাপে প্ৰমাণ কৰিছে। মহিন্দ্ৰই চান্নীক মুখ্যমন্ত্ৰী প্ৰাৰ্থী দাবী কৰি আন ৰাজনৈতিক দলসমূহৰ উদাহৰণো ব্যক্ত কৰিছে৷ তেওঁ কয়, ‘আম আদমী পাৰ্টীয়ে ভগৱন্ত মানক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰি তুলিছে। শিৰোমণি অকালি দলে সুখবীৰ সিং বাদলৰ নেতৃত্বত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে৷ এনে পৰিস্থিতিত, কংগ্ৰেছ দলে কোনো অভাৱ প্ৰকাশ কৰা উচিত নহয়। অৱশ্যে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী উপস্থাপনৰ বিষয়টো এৰাই চলিছে। কংগ্ৰেছ দলে বাৰে বাৰে দাবী কৰিছে যে তেওঁলোকে নৱজ্যোত সিং সিদ্ধু, চৰণজিৎ চান্নী আৰু সুনীল জাখৰৰ নেতৃত্বত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। কংগ্ৰেছ দলৰ ভিতৰত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক কেন্দ্ৰ কৰি চাপৰ ৰাজনীতি স্পষ্ট হৈ পৰিছে৷ কিয়নো, নৱজ্যোত সিং সিদ্ধুৱেও পঞ্জাৱ মডেলৰ জৰিয়তে নিজকে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ইতিমধ্যে প্ৰক্ষেপ কৰিছে। অনাগত দিনত স্পষ্ট হ’ব, কোন হ’ব পঞ্জাব কংগ্ৰেছৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী৷ সেই সিদ্ধান্তৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰিব ৰাজ্যখনত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ