--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভিতৰত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে চৰণজিৎ সিং চান্নীৰ দাবী তীব্ৰতৰ হৈছে৷ আম আদমী পাৰ্টীয়ে ভগৱন্ত মানক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পাছৰে পৰা কংগ্ৰেছ দলৰ মাজতো মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিষয়টোৱে নতুন গতি লাভ কৰিছে৷ পঞ্জাবৰ শাসনাধীষ্ঠিত প্ৰদেশ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী চৰণজিৎ সিং চান্নী হ’ব পাৰে পঞ্জাবত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী৷

ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী মহিন্দ্ৰই কৈছে যে কংগ্ৰেছ হাইকমাণ্ডে শীঘ্ৰে চান্নীক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা উচিত। ইয়াৰ পূৰ্বে, আন এজন মন্ত্ৰী ৰাণা গুৰজিৎ সিঙেও এই দাবী উত্থাপন কৰিছিল। মহিন্দ্ৰাই কৈছে যে কংগ্ৰেছে মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ বিষয়ে কোনো বিভ্ৰান্তি ৰাইজৰ মাজত থাকিবলৈ দিয়া উচিত নহয়। তেওঁ কয়, ‘দলটোৱে এই বিষয়ে কোনো বিভ্ৰান্তি ৰখা উচিত নহয়।’ চৰণজিৎ সিং চান্নীক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰা উচিত কাৰণ তেওঁ সকলোৱে আশা কৰাতকৈ নিজকে অধিক কাৰ্যদক্ষ হিচাপে প্ৰমাণ কৰিছে। মহিন্দ্ৰই চান্নীক মুখ্যমন্ত্ৰী প্ৰাৰ্থী দাবী কৰি আন ৰাজনৈতিক দলসমূহৰ উদাহৰণো ব্যক্ত কৰিছে৷ তেওঁ কয়, ‘আম আদমী পাৰ্টীয়ে ভগৱন্ত মানক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰি তুলিছে। শিৰোমণি অকালি দলে সুখবীৰ সিং বাদলৰ নেতৃত্বত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে৷ এনে পৰিস্থিতিত, কংগ্ৰেছ দলে কোনো অভাৱ প্ৰকাশ কৰা উচিত নহয়। অৱশ্যে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী উপস্থাপনৰ বিষয়টো এৰাই চলিছে। কংগ্ৰেছ দলে বাৰে বাৰে দাবী কৰিছে যে তেওঁলোকে নৱজ্যোত সিং সিদ্ধু, চৰণজিৎ চান্নী আৰু সুনীল জাখৰৰ নেতৃত্বত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। কংগ্ৰেছ দলৰ ভিতৰত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক কেন্দ্ৰ কৰি চাপৰ ৰাজনীতি স্পষ্ট হৈ পৰিছে৷ কিয়নো, নৱজ্যোত সিং সিদ্ধুৱেও পঞ্জাৱ মডেলৰ জৰিয়তে নিজকে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ইতিমধ্যে প্ৰক্ষেপ কৰিছে। অনাগত দিনত স্পষ্ট হ’ব, কোন হ’ব পঞ্জাব কংগ্ৰেছৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী৷ সেই সিদ্ধান্তৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰিব ৰাজ্যখনত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু