--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘যেতিয়ালৈকে দেউতা নিৰ্বাচনত বিজয়ী নহয়, তেতিয়ালৈকে মই বিয়াত নবহো’ এই মন্তব্য নৱজ্যোৎ সিং সিদ্ধুৰ জীয়ৰী ৰাবিয়া সিদ্ধুৰ৷ পঞ্জাবক নিৰ্বাচনী গৰম বতাহে কোবাই থকাৰ সময়তে এতিয়া সিদ্ধুৰ হৈ প্ৰচাৰত নামিছে ৰাবিয়া। পিতৃৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি ৰাবিয়াই ‘ইম’চনেল কাৰ্ড’ খেলা পৰিলক্ষিত হয়। পিতৃৰ বিজয় বাৰ্তা নহালৈকে তেওঁ বিয়াৰ পৰা বিৰত থাকিম বুলি কৰা ঘোষণাই এতিয়া চৰ্চা লাভ কৰিছে। উল্লেখ্য যে, পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী নৱজ্যোৎ সিং সিদ্ধুৱে অমৃতসৰত পূব সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। দৰাচলতে, কিছুদিন পূৰ্বে, নৱজ্যোৎ সিং সিদ্ধুৱে কৈছিল যে, 'মোৰ ছোৱালীৰ বিয়াৰ বাবেও মোৰ ওচৰত ধন নাই।' এই সন্দৰ্ভত ৰাবিয়াই তেওঁ পিতৃ আৱেগিক হৈ এনেকৈ মন্তব্য কৰা বুলি কৈছিল। লগতে ৰাবিয়াই কয় যে, 'মই নিজেই কৈছোঁ যে দেউতা নিজিকালৈকে মই বিয়াত নবহো। তেওঁৰ দেউতাকে এতিয়াও তেওঁক যিকোনো কামৰ বাবে উৎসাহিত কৰে। দেউতাই মোৰ বাবে সকলো। এইটো কেনেকৈ হ'ব পাৰে যে তেওঁলোকৰ ওচৰত মোৰ বিয়াৰ বাবে টকা নাই?' আনহাতে, বৰ্তমানৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীক পুনৰ মুখ্যমন্ত্ৰীৰ পদত অধিস্থিত কৰাৰ সন্দৰ্ভত ৰাবিয়া সিদ্ধুৱে সংবাদ প্ৰতিষ্ঠান এএনআইক কয় যে, হাইকমাণ্ডৰ হাতত সকলো কৰ্তৃত্ব আছে। সম্ভৱতঃ হাইকমাণ্ডৰ কিছু বাধ্যবাধকতা আছে। কিন্তু আপুনি এজন সৎ মানুহক বেছি দিন ৰখাই থ’ব নোৱাৰে৷ শিৰোমণি অকালি দলৰ অমৃতসৰ পূবৰ প্ৰাৰ্থী বিক্ৰমজিৎ সিং মাজিথিয়াকো সমালোচনা কৰে ৰাবিয়াই৷ আনহাতে, ৰাবিয়াৰ অভিযোগ, মাজিথা অঞ্চলত দোকানতেই মুকলি কৈ বিক্ৰী কৰা হয় ড্ৰাগছ। লগতে তেওঁ এই বুলিও কয় যে, 'যিসকলে তেওঁলোকৰ সন্তানৰ বিষয়ে চিন্তা কৰে তেওঁলোকে কি বিচাৰে চাব লাগে। মোৰ দেউতা সত্যৰ পথত আছে। আজি এই যুদ্ধ সত্য আৰু অসত্যৰ মাজত। সিদ্ধান্ত লোৱাটো মানুহৰ ওপৰত নিৰ্ভৰ কৰে।' সংবাদ মাধ্যমৰ প্ৰকাশ পোৱা অনুসৰি, ৰাবিয়াই তেওঁৰ পিতৃৰ সপক্ষে প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী চান্নীকো কটাক্ষ কৰে। ৰাবিয়াই কয় যে, তেওঁৰ পিতৃয়ে পঞ্জাবৰ আৰ্হি তৈয়াৰ কৰিবলৈ ১৪বছৰ লৈছে। ৰবিয়াৰ মতে, তেওঁৰ পিতৃ নৱজ্যোৎ সিন্ধুৱে পঞ্জাৱত বহু হতাশা দেখিছে আৰু ভাল সময়ো দেখিছে। যাৰবাবে তেওঁ আৱেগিক হৈ পৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু