--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৰ্ণাটকৰ বিদ্যালয়, মহাবিদ্যালয়ত আৰম্ভ হোৱা হিজাব বিতৰ্কই এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়া গছকিছে। ৰাষ্ট্ৰীয় পৰ্যায়তে এই বিতৰ্কত এতিয়া সীমাবদ্ধ হৈ থকা নাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ এই বিতৰ্ক বিয়পিছে। জনপ্ৰিয় লেখিকা তছলিমা নাছৰিন তথা শান্তিৰ ন’বেলজয়ী মালালা ইউছুফজাইৰ পাছত এইবাৰ এই সন্দৰ্ভত মাত মাতিছে এগৰাকী তাৰকা ফুটবলাৰে। মানচেষ্টাৰ ইউনাইটেডৰ তাৰকা ফুটবলাৰ প’ল প’গবাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, হিজাবক লৈ মুছলমান ছাত্ৰীৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাটো দেশৰ বাবে অস্বস্তিকৰ বিবেচিত হৈছে।  ইফালে, হিজাব বিতৰ্কই এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়া গছকিছে। কৰ্ণাটকৰ এগৰাকী যুৱতীয়ে এই সম্পৰ্কীয় বিষয় উত্থাপনেৰে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। কৰ্ণাটক উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে বিদ্যালয়ত ধৰ্মীয় বস্ত্ৰ পৰিধান নকৰিবলৈ উপদেশ দিছিল। হিজাব পিন্ধাৰ ওপৰত শিক্ষানুষ্ঠানে নিষেধাজ্ঞা আৰোপ কৰা সম্পৰ্কীয় এটা গোচৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ নকৰালৈকে ধৰ্মীয় আভূষণ পিন্ধিবলৈ ছাত্ৰীসকলক বাৰণ কৰিছিল উচ্চ ন্যায়ালয়ে। তাৰ পাছতে উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ এই বিষয়টো লৈ যোৱা হয়। কিন্তু উচ্চতম ন্যায়ালয়ে জৰুৰী শুনানি গ্ৰহণ কৰাৰ জৰিয়তে এই বিষয়টোত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে। উপযুক্ত সময়তহে সৰ্বোচ্চ ন্যায়ালয়ে বিষয় এটাত হস্তক্ষেপ কৰাৰ কথা দোহাৰে উচ্চতম ন্যায়ালয়ে। ইফালে, মুখ্য ন্যায়াধীশ এন ভি ৰমনাই এই বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিয়পাই নিদিবলৈ আহ্বান জনাইছে। ‘বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিয়পাই নিদিব। আমি উপযুক্ত সময়তহে বিষয়টোত হস্তক্ষেপ কৰিম।’ দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই এই মন্তব্য কৰে। এই বিষয়টো সম্পৰ্কীয় এখন আবেদনৰ জৰুৰী শুনানিৰ অনুৰোধ অগ্ৰাহ্য কৰি ন্যায়াধীশ ৰমনাই এই মন্তব্য কৰে। উল্লেখ্য যে, কৰ্ণাটকৰ যুৱতীগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ এটা আদেশৰ বিৰোধিতা কৰি আবেদন দাখিল কৰিছিল। উচ্চ ন্যায়ালয়ে কৈছিল যে, ৰাজ্যখনৰ শিক্ষানুষ্ঠানবোৰ এতিয়া খুলিব পাৰিব যদিও শান্তিৰ স্বাৰ্থতে এতিয়া কোনো ধৰ্মীয় পোছাক স্কুল চৌহদত পৰিদান কৰিব নোৱাৰিব। স্মৰ্তব্য যে, শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰিবলৈ বাধা দিয়াক লৈয়েই এই বিতৰ্কৰ সূত্ৰপাত হৈছিল। কৰ্ণাটৰ উডুপি জিলাৰ কেইগৰাকীমান শিক্ষাৰ্থীক হিজাব পিন্ধিবলৈ বাধা দিছিল বিদ্যালয় কৰ্তৃপক্ষই। ইয়াৰ আঁৰত একাংশ সোপন্থী সংগঠনে ভূমিকা গ্ৰহণ কৰিছিল বুলি প্ৰকাশ পাইছিল। এই বিতৰ্কই পাছত সাম্প্ৰদায়িক সংঘাতৰ ৰূপ ধাৰণ কৰে আৰু এতিয়া ই দেশৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে। আজি মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইতো ভালেমান লোকে বিক্ষোভ প্ৰদৰ্শন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু