--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৰ্ণাটকৰ বিদ্যালয়, মহাবিদ্যালয়ত আৰম্ভ হোৱা হিজাব বিতৰ্কই এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়া গছকিছে। ৰাষ্ট্ৰীয় পৰ্যায়তে এই বিতৰ্কত এতিয়া সীমাবদ্ধ হৈ থকা নাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ এই বিতৰ্ক বিয়পিছে। জনপ্ৰিয় লেখিকা তছলিমা নাছৰিন তথা শান্তিৰ ন’বেলজয়ী মালালা ইউছুফজাইৰ পাছত এইবাৰ এই সন্দৰ্ভত মাত মাতিছে এগৰাকী তাৰকা ফুটবলাৰে। মানচেষ্টাৰ ইউনাইটেডৰ তাৰকা ফুটবলাৰ প’ল প’গবাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, হিজাবক লৈ মুছলমান ছাত্ৰীৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাটো দেশৰ বাবে অস্বস্তিকৰ বিবেচিত হৈছে।  ইফালে, হিজাব বিতৰ্কই এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়া গছকিছে। কৰ্ণাটকৰ এগৰাকী যুৱতীয়ে এই সম্পৰ্কীয় বিষয় উত্থাপনেৰে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। কৰ্ণাটক উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে বিদ্যালয়ত ধৰ্মীয় বস্ত্ৰ পৰিধান নকৰিবলৈ উপদেশ দিছিল। হিজাব পিন্ধাৰ ওপৰত শিক্ষানুষ্ঠানে নিষেধাজ্ঞা আৰোপ কৰা সম্পৰ্কীয় এটা গোচৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ নকৰালৈকে ধৰ্মীয় আভূষণ পিন্ধিবলৈ ছাত্ৰীসকলক বাৰণ কৰিছিল উচ্চ ন্যায়ালয়ে। তাৰ পাছতে উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ এই বিষয়টো লৈ যোৱা হয়। কিন্তু উচ্চতম ন্যায়ালয়ে জৰুৰী শুনানি গ্ৰহণ কৰাৰ জৰিয়তে এই বিষয়টোত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে। উপযুক্ত সময়তহে সৰ্বোচ্চ ন্যায়ালয়ে বিষয় এটাত হস্তক্ষেপ কৰাৰ কথা দোহাৰে উচ্চতম ন্যায়ালয়ে। ইফালে, মুখ্য ন্যায়াধীশ এন ভি ৰমনাই এই বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিয়পাই নিদিবলৈ আহ্বান জনাইছে। ‘বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিয়পাই নিদিব। আমি উপযুক্ত সময়তহে বিষয়টোত হস্তক্ষেপ কৰিম।’ দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই এই মন্তব্য কৰে। এই বিষয়টো সম্পৰ্কীয় এখন আবেদনৰ জৰুৰী শুনানিৰ অনুৰোধ অগ্ৰাহ্য কৰি ন্যায়াধীশ ৰমনাই এই মন্তব্য কৰে। উল্লেখ্য যে, কৰ্ণাটকৰ যুৱতীগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ এটা আদেশৰ বিৰোধিতা কৰি আবেদন দাখিল কৰিছিল। উচ্চ ন্যায়ালয়ে কৈছিল যে, ৰাজ্যখনৰ শিক্ষানুষ্ঠানবোৰ এতিয়া খুলিব পাৰিব যদিও শান্তিৰ স্বাৰ্থতে এতিয়া কোনো ধৰ্মীয় পোছাক স্কুল চৌহদত পৰিদান কৰিব নোৱাৰিব। স্মৰ্তব্য যে, শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰিবলৈ বাধা দিয়াক লৈয়েই এই বিতৰ্কৰ সূত্ৰপাত হৈছিল। কৰ্ণাটৰ উডুপি জিলাৰ কেইগৰাকীমান শিক্ষাৰ্থীক হিজাব পিন্ধিবলৈ বাধা দিছিল বিদ্যালয় কৰ্তৃপক্ষই। ইয়াৰ আঁৰত একাংশ সোপন্থী সংগঠনে ভূমিকা গ্ৰহণ কৰিছিল বুলি প্ৰকাশ পাইছিল। এই বিতৰ্কই পাছত সাম্প্ৰদায়িক সংঘাতৰ ৰূপ ধাৰণ কৰে আৰু এতিয়া ই দেশৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে। আজি মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইতো ভালেমান লোকে বিক্ষোভ প্ৰদৰ্শন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু