--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এনে অৱস্থাত এক অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছে পঞ্জাব কংগ্ৰেছৰ ভিতৰচ’ৰাত। এইবাৰো আগৰকেইবাৰৰ দৰে এই অবাঞ্চিত পৰিস্থিতি সৃষ্টি কৰাৰ মূল ভূমিকা গ্ৰহণ কৰিছে দলটোৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৱে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে মন্তব্য কৰিছিল যে, সিদ্ধু হৈছে অতি স্থিৰতাহীন লোক। তেওঁৰ এই মন্তব্য বাৰম্বাৰ সত্য বুলি সিদ্ধুৱে তেওঁৰ কামৰ জৰিয়তে প্ৰমাণ কৰি আহিছে। বাৰম্বাৰ পঞ্জাব প্ৰদেশ কংগ্ৰেছত অস্থিৰতা সৃষ্টি কৰি আহিছে সিদ্ধুৱে। এইবাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূ্ৰ্বেই তেওঁ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত লিপ্ত হৈছে আৰু পুনৰ বিতৰ্কৰ কেন্দ্ৰ হৈ পৰিছে। এনে আভ্যন্তৰীণ কলহ আৰু অস্থিৰতাই দলৰ কি ক্ষতি সাধিব পাৰে তালৈ ভ্ৰুক্ষেপ নকৰাকৈ সিদ্ধুৱে কেৱল নিজৰ স্বাৰ্থৰ কথাহে ভবাটোৱে তেওঁৰ ৰাজনৈতিক অপৰিপক্বতাৰো পৰিচায়ক হৈ পৰিছে। মূলতঃ সিদ্ধুৰ সৈতে হোৱা সংঘাতৰ বাবেই মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে মুখ্যমন্ত্ৰিত্ব আৰু কংগ্ৰেছ দল দুয়োটা ত্যাগ কৰি নতুন দল ঘোষণা কৰে। বিজেপিৰে মিত্ৰতাৰ জৰিয়তে তেওঁ নিৰ্বাচনত অৱতীৰ্ণও হৈছে। তেওঁ নিৰ্বাচনত খুব প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰিব নোৱাৰিলেও কংগ্ৰেছ দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাত তেওঁৰ এটা ভূমিকা নিশ্চয় থাকিব আৰু ইয়াৰ ফলত আম আদমী পাৰ্টী ৰাজ্যখনত উপকৃত হৈছে। পঞ্জাবৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্য এখনত কংগ্ৰেছে নিজৰ ক্ষমতা ধৰি ৰাখিব নোৱাৰিলে এয়া দলটোৰ বাবে বৃহৎ ক্ষতি হিচাপে বিবেচিত হ’ব। সিদ্ধুৱে প্ৰথমে অমৰিন্দৰ সিং আৰু এতিয়া চৰনজিৎ সিং চন্নীৰ সৈতে সংঘাতত লিপ্ত হৈছে আৰু কংগ্ৰেছৰ বাবে ঘৰ বিভীষণত পৰিণত হৈছে। মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীত্বকেন্দ্ৰিক দৌৰত সিদ্ধুও যে এজন প্ৰতিযোগী সেইকথা তেওঁ স্পষ্টকৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। তেওঁ শেহতীয়াকৈ সমালোচনাৰ সন্মুখীন হৈ মন্তব্য কৰিছে যে, মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী সম্পৰ্কত দলৰ নেতা ৰাহুল গান্ধীয়ে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত তেওঁ মানি ল’ব। কিন্তু এদিন আগেয়ে সিদ্ধুৱে মন্তব্য কৰিছিল যে, তেওঁ সহ-অভিনেতা বা ছাপ’ৰ্টিং এক্টৰ নহয়। অৰ্থাৎ তেওঁ স্পষ্টকৈ কৈছিল যে, মুখ্যমন্ত্ৰীৰ আসনৰ বাবে তেওঁ লক্ষ্য স্থিৰ কৰিছে। এখন ৰাজ্যৰ শাসকীয় দলৰ সভাপতি এগৰাকীয়ে এনে মন্তব্য কৰাটো নিশ্চয় শোভাদায়ক কথা নহয়। কিয়নো দলটোৰ প্ৰথম লক্ষ্য হোৱা উচিত আছিল শাসন নিজৰ হাতৰ মুঠিত ৰখা। বহিঃশত্ৰুৰ কথা পাহৰি গৈ দলৰ ভিতৰতে ভিন ভিন কাৰণত যুঁজ-বাগৰ কৰি থকা সিদ্ধুৰ এই স্বভাৱেই যে এদিন দলটোৰ পতন মাতিব সেইকথা এতিয়া স্পষ্ট হৈ পৰিছে। আৰু নৱজ্যোৎ সিং সিদ্ধুৱে তেওঁৰ অদক্ষতা আৰু অস্থিৰ চৰিত্ৰৰ কথা বাৰম্বাৰ প্ৰমাণ কৰি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু