--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঋণ ঋণ মাথোঁ ঋণ৷ এতিয়া ঋণ লৈয়ে চলি আছে অসম চৰকাৰ৷ ইতিমধ্যে প্ৰায় এক লাখ টকাৰ ঋণৰ বোজাৰে ৰাজ্যবাসী বিপৰ্যস্ত হৈ থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰণালয়ে প্ৰকাশ কৰা অৰ্থনৈতিক সমীক্ষাত প্ৰকাশিত তথ্যত বহনক্ষম উন্নয়ন, শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰৰ সফলতাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শেষৰ তিনিখন ৰাজ্যৰ ভিতৰত স্থান পাইছে অসমে৷ যোৱা বছৰ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হোৱা তামিলনাডুৰ ৰাজ্য চৰকাৰে বিগত ন মাহত অভূতপূৰ্ব উন্নয়ন আৰু প্ৰগতিৰ নতুন ধাৰাৰে অৰ্থনৈতিক সমীক্ষাত দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ অসমতো একে সময়তে যোৱা বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ অথচ, এই ন মাহে অসমত উন্নয়নৰ নামত একো পদক্ষেপেই চকুত পৰা নাই৷ মাথোঁ চমক সৃষ্টি প্ৰচাৰেৰে জনসাধাৰণক ভ্ৰান্ত কৰি ৰাখিছে বৰ্তমানৰ অসম চৰকাৰে৷ ঋণৰ পাছত ঋণ লৈ হিতাধিকাৰী সজাই গৈছে ৰাজ্যবাসীক৷ পাঁচশ, এহেজাৰ টকাত আবদ্ধ কৰি ৰাখিছে জনতাৰ জীৱন৷ পৰিসীমিক হৈ পৰিছে কৰ্ম-সংস্কৃতি৷ নতুন নিযুক্তিৰ পৰিৱেশ নাই৷ নাই উন্নয়নৰ কোনো ৰোডমেপ৷ মাথোঁ ঋণ লৈ আঁচনিভোগীক সন্তুষ্ট কৰি গৈছে চৰকাৰে৷ এতিয়া প্ৰশ্ন হৈছে, ঋণ লৈ চৰকাৰ চলোৱা এই প্ৰৱণতাৰ পৰা সামগ্ৰিকভাৱে অসমবাসী উপকৃত হৈছেনে? চৰকাৰে ঋণ লৈ হিতাধিকাৰীক ভোটাৰ কৰি ৰখা মানসিকতাৰ বাবে অসমৰ সমাজ জীৱনতেইবা কি প্ৰভাৱ পৰিছে! অসমৰ মুখ্যমন্ত্ৰীয়ে ঋণ লৈ ঋণ লোৱা বিষয়টোকে ন্যায় প্ৰদান কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়৷ বিগত ন মাহে কেইবাবাৰো ঋণ লৈছে অসম চৰকাৰে৷ এতিয়া পুনৰ ৬০০ কোটি টকাৰ ঋণ বিচাৰি ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়া কৰ্তৃপক্ষৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে৷ বিশেষকৈ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবেই অসম চৰকাৰে ঋণ লৈ থাকিবলগীয়া হৈছে৷ উল্লেখযোগ্য যে, ঋণী মহিলাসকলক আৰ্থিকভাৱে সকাহ দিবলৈ ৰাজ্য চৰকাৰৰ ব্যয় হ’ব প্ৰায় ১২ হেজাৰ কোটি টকা৷ যাৰ বাবে চলিত বৰ্ষত ১৪ হেজাৰ কোটি টকাৰ ঋণ লোৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাৰ মজিয়াত ঘোষণা কৰিছিল৷ উন্নয়ন আৰু শিক্ষা-স্বাস্থ্যৰ দিশত পিছ পৰি ৰোৱা অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ মৌলিক সমস্যাবোৰৰ সলনি তুলুঙা বিষয়বোৰতে সময় পাৰ কৰে৷ যিবোৰ বিষয় আৰু চৰ্চাই অসমবাসীৰ মৌলিক প্ৰয়োজন পূৰ নকৰে, তেনে বিষয়বোৰতে অহৰ্নিশে ব্যস্ত থাকে মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু শাসকীয় পক্ষৰ বিধায়কসকল৷ আনকি, সস্তীয়া কথা-বতৰাৰে ৰাইজকো অতি কৌশলেৰে মৌলিক প্ৰশ্নসমূহৰ পৰা আঁতৰাই ৰাখে চৰকাৰে৷ তাৰ সলনি শ্বেৰমান আলী আহমেদৰ ইচ্ছাকৃত সাম্প্ৰদায়িক কথা-বতৰা বা ভূপেন বৰাৰ কবিতা আদি বিষয়ক লৈয়ে ব্যস্ত থাকে মুখ্যমন্ত্ৰীগৰাকী৷ অথচ, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি জনসাধাৰণৰ আশা-প্ৰত্যাশাৰ শেষ নাথাকে৷ শাসনভাৰ গ্ৰহণ কৰাৰ পাছতেই ‘ডাইনেমিক’, গতিশীল মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীগৰাকীক একাংশ গায়ক আৰু দুই-একে অভিহিত কৰিছিল৷ তেনে এগৰাকী ডাইনেমিক মুখ্যমন্ত্ৰীৰ দৃষ্টি হ’ব লাগিছিল পৰ্বতৰ চূড়াত৷ মুখ্যমন্ত্ৰীৰ দৃষ্টি আৰু দৰ্শন হ’ব লাগিছিল সূৰ্যৰ পিনে ধাৱিত৷ কেৰালা মুখ্যমন্ত্ৰীয়ে যি কাম কৰি দেখুৱাইছে কেৰালাত৷ দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে বিবেচিত কেৰালাই দৃষ্টান্ত দেখুৱাইছে৷ বহনক্ষম উন্নয়ন, বিকাশৰ বিষয়েৰেই কেৰালাবাসীক নতুন দিনৰ স্বপ্ন দেখুৱাইছে কেৰালাৰ মুখ্যমন্ত্ৰীৰ৷ অথচ, ইয়াৰ বিপৰীতে অসমৰ স্থিতি৷ সস্তীয়া তুলুঙা বিষয়ত মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত হৈ থকাতো অসমৰ ৰাইজে নিবিচাৰে৷ অথচ, ৰাইজে নিবিচাৰিলেও মুখ্যমন্ত্ৰীয়ে শ্বেৰমান আলী, ভূপেন বৰাৰ কবিতা ইত্যাদি বিষয়তহে ব্যস্ত ৰাখে নিজক৷ যাৰ ফলত উন্নয়ন, বিকাশৰ বিষয় অলক্ষিতে হৈ ৰয় অৱহেলিত৷ বিপৰীতে, ঋণ লৈ প্ৰজন্মৰ পাছত প্ৰজন্মক কোঙা কৰি থৈ যাব খোজা হৈছে সন্তৰ্পণে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু