--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক শিহৰণকাৰী ঘটনা। কেতিয়াও কোনেও ভাবিব নোৱাৰা ঘটনা এটাই ঘটিছে কোষ্টা ৰিকাত। পিতৃ-মাত-ৰ সন্মুখতে এটা ঘঁৰিয়ালে ৮ বছৰীয়া পুত্ৰ সন্তানক টানি নি গিলি থোৱাৰ ঘটনাই বহুতকে শোকাহত কৰি তুলিছে। মাক দেউতাকৰ সৈতে পৰিয়ালটোৰ  চাৰিজন ভাই-ভনীয়ে  কোষ্টা ৰিকাৰ লিমন চহৰৰ মতিনা নদীলৈ মাছ ধৰিবলৈ গৈছিল। নৈত মাছ ধৰি থকাৰ সময়তে  ৮ বছৰীয়া জুলিঅ'ক  আঁঠুৰ ওপৰত কামুৰি ধৰে এটা ঘঁৰিয়ালে। 

শিশুটিয়ে ভয়তে আটাহ পাৰি আছিল যদিও মাক-দেউতাকে তেওঁক বচোৱাৰ কোনো সময়েই নাপালে।  শিশুটিক মুহূৰ্তৰ ভিতৰতে ঘঁৰিয়ালটোৱে  গভীৰ পানীৰ মাজলৈ  লৈ যায়।। জুলিঅ'ক  আৰু বিচাৰি পোৱা নগ'ল।শিশুটিৰ মাক- দেউতাক আৰু  আৰু আন  ভাই-ভনীসকলে ঘটনাটো মাথো চাই ৰ’বলৈহে বাধ্য হ’ল। 
এই শোকাৱহ ঘটনাটো ঘটিছিল আজিৰে পৰা এমাহ পূৰ্বে, অৰ্থাৎ ৩০ অক্টোৱৰত।    দুপৰীয়া ২ বজাত সংঘটিত এই ঘটনাৰ খবৰ বন জুইৰ দৰে বিয়পি পৰাত নৈৰ কাষত বহু লোকে ভিৰ কৰিছিল । 
শিশুটিক টানি নিয়াৰ পিছত ঘঁৰিয়ালটোক  পুনৰ দেখা পোৱা যোৱা নাছিল। এমাহৰ পিছত আজি এজন মৎস্য চিকাৰীয়ে এটা ঘঁৰিয়াল হত্যা কৰে। 

ঘঁৰিয়ালটোৰ পেটৰ পৰা পেটত মানুহৰ হাড় আৰু চুলিৰ অংশৰ লগতে শিশুটিয়ে পিন্ধা কাপোৰৰ অৱশিষ্ট উদ্ধাৰ হয়।  ফলত সকলোৱে  নিশ্চিতহৈ পৰে  যে টানি নিয়াৰ পিছতে ঘঁৰিয়ালটোৱে  ৮ বছৰীয়া জুলিঅ'ক ভক্ষণ কৰিছিল।  ঘটনাটোৱে অঞ্চলটোত এক আলোড়নৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে