--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চীনৰ অৰ্থনীতিক নৱ জীৱন প্ৰদান কৰা লোকজন আৰু নাই। আমেৰিকা, জাপান আদি দেশৰ অৰ্থনীতিৰ সমানে সমানে চীনৰ অৰ্থনীতিকো আগুৱাই নিয়া দেশ খনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ বুধবাৰে মৃত্যু ঘটে।  ১৯৮৯ চনত সেনাই তিয়েনানমেন স্কোৱেৰl গণতন্ত্ৰপন্থী প্ৰতিবাদক চূৰ্ণ-বিচূৰ্ণ কৰা ঘটনাৰ সাক্ষী প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ মৃত্যুৰ সময়ত বয়স হৈছিল  ৯৬ বছৰ।  লিউকোমিয়াত ভুগি থকা জেমিনৰ একাধিক অংগ বিকল হোৱাৰ ফলত ছাংহাইত তেওঁৰ মৃত্যু হয়। তেওঁ এগৰাকী প্ৰাক্তন মেয়ৰ আৰু কমিউনিষ্ট পাৰ্টিৰ সচিবো আছিল।

১৯৮৯ চনৰ অস্থিৰতাৰ পিছত বিভক্ত  হৈ পৰা  কমিউনিষ্ট পাৰ্টিৰ নেতৃত্ব দিয়া  জিয়াঙে চীনক নতুন  ইতিহাস লিখাৰ সুযোগ দিছিল।  তেওঁ সাধন কৰা পৰিৱৰ্তনসমূহৰ ভিতৰত আছে বজাৰমুখী সংস্কাৰৰ পুনৰুজ্জীৱিতকৰণ, ১৯৯৭ চনত ব্ৰিটিছ শাসনৰ পৰা হংকং উদ্ধাৰ কৰা আৰু ২০০১ চনত বেইজিঙক বিশ্ব বাণিজ্য সংস্থাত প্ৰৱেশ কৰোৱা আদি।
জেমিনে দেশ খনৰ  মানৱ অধিকাৰ কৰ্মী , শ্ৰমিক নেতা আৰু গণতন্ত্ৰপন্থী কৰ্মীসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। 
জিয়াঙে ২০০৪ চনত ৰাষ্ট্ৰপতি পদ ত্যাগ কৰিছিল । কিন্তু ২০১২ চনত ক্ষমতা দখল কৰা বৰ্তমানৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ উত্থানৰ বাবে হোৱা বিবাদত পৰ্দাৰ আঁৰত থাকি  এক শক্তি হিচাবে কাম কৰিছিল।

চলিত বৰ্ষৰ অক্টোবৰ মাহত জিয়াঙৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে। চীনৰ কমিউনিষ্ট পাৰ্টীৰ সাধাৰণ সম্পাদক হিচাপে বিগত  ১৩  বছৰত জিয়াঙে পুঁজিপতিসকলক শাসকীয় দললৈ স্বাগতম জনায় আৰু চীনে ডব্লিউটিঅ'ত যোগদান কৰাৰ পিছত বিদেশী বিনিয়োগ বৃদ্ধি পাবলৈ ধৰে। তেওঁৰ নেতৃত্বতে চীনে অৰ্থনৈতিক দিশত দোপত দোপে আগুৱাই যায়। 

এসময়ত  চাবোন কাৰখানাৰ মেনেজাৰ হিচাবে কাম কৰা  জিয়াঙে কমিউনিষ্ট যুগৰ প্ৰথম সুশৃংখল উত্তৰাধিকাৰৰ সৈতে তেওঁৰ কেৰিয়াৰ আগুৱাই  নিছিল। জিয়াঙৰ জন্ম ১৯২৬ চনৰ ১৭ আগষ্টত ইয়াংঝৌ চহৰত হৈছিল। ১৯৪৭ চনত ছাংহাইৰ জিয়াওটং বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক যান্ত্ৰিক বিভাগৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত, জিয়াঙে খাদ্য প্ৰস্তুত কাৰখানাত কাম কৰে। তাৰ পিছত তেওঁ  চাবোন নিৰ্মাণ আৰু চীনৰ আটাইতকৈ ডাঙৰ অটোমোবাইল কাৰখানাতো কাম কৰে।

১৯৮৩  চনত তেওঁক ইলেক্ট্ৰনিক্স উদ্যোগৰ মন্ত্ৰী হিচাপে মনোনীত কৰা হয়।.১৯৮৫-৮৯ চনত ছাংহাইৰ মেয়ৰ হিচাপে জিয়াঙে  কাৰ্যনিৰ্বাহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে