--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চীনৰ অৰ্থনীতিক নৱ জীৱন প্ৰদান কৰা লোকজন আৰু নাই। আমেৰিকা, জাপান আদি দেশৰ অৰ্থনীতিৰ সমানে সমানে চীনৰ অৰ্থনীতিকো আগুৱাই নিয়া দেশ খনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ বুধবাৰে মৃত্যু ঘটে।  ১৯৮৯ চনত সেনাই তিয়েনানমেন স্কোৱেৰl গণতন্ত্ৰপন্থী প্ৰতিবাদক চূৰ্ণ-বিচূৰ্ণ কৰা ঘটনাৰ সাক্ষী প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ মৃত্যুৰ সময়ত বয়স হৈছিল  ৯৬ বছৰ।  লিউকোমিয়াত ভুগি থকা জেমিনৰ একাধিক অংগ বিকল হোৱাৰ ফলত ছাংহাইত তেওঁৰ মৃত্যু হয়। তেওঁ এগৰাকী প্ৰাক্তন মেয়ৰ আৰু কমিউনিষ্ট পাৰ্টিৰ সচিবো আছিল।

১৯৮৯ চনৰ অস্থিৰতাৰ পিছত বিভক্ত  হৈ পৰা  কমিউনিষ্ট পাৰ্টিৰ নেতৃত্ব দিয়া  জিয়াঙে চীনক নতুন  ইতিহাস লিখাৰ সুযোগ দিছিল।  তেওঁ সাধন কৰা পৰিৱৰ্তনসমূহৰ ভিতৰত আছে বজাৰমুখী সংস্কাৰৰ পুনৰুজ্জীৱিতকৰণ, ১৯৯৭ চনত ব্ৰিটিছ শাসনৰ পৰা হংকং উদ্ধাৰ কৰা আৰু ২০০১ চনত বেইজিঙক বিশ্ব বাণিজ্য সংস্থাত প্ৰৱেশ কৰোৱা আদি।
জেমিনে দেশ খনৰ  মানৱ অধিকাৰ কৰ্মী , শ্ৰমিক নেতা আৰু গণতন্ত্ৰপন্থী কৰ্মীসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। 
জিয়াঙে ২০০৪ চনত ৰাষ্ট্ৰপতি পদ ত্যাগ কৰিছিল । কিন্তু ২০১২ চনত ক্ষমতা দখল কৰা বৰ্তমানৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ উত্থানৰ বাবে হোৱা বিবাদত পৰ্দাৰ আঁৰত থাকি  এক শক্তি হিচাবে কাম কৰিছিল।

চলিত বৰ্ষৰ অক্টোবৰ মাহত জিয়াঙৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে। চীনৰ কমিউনিষ্ট পাৰ্টীৰ সাধাৰণ সম্পাদক হিচাপে বিগত  ১৩  বছৰত জিয়াঙে পুঁজিপতিসকলক শাসকীয় দললৈ স্বাগতম জনায় আৰু চীনে ডব্লিউটিঅ'ত যোগদান কৰাৰ পিছত বিদেশী বিনিয়োগ বৃদ্ধি পাবলৈ ধৰে। তেওঁৰ নেতৃত্বতে চীনে অৰ্থনৈতিক দিশত দোপত দোপে আগুৱাই যায়। 

এসময়ত  চাবোন কাৰখানাৰ মেনেজাৰ হিচাবে কাম কৰা  জিয়াঙে কমিউনিষ্ট যুগৰ প্ৰথম সুশৃংখল উত্তৰাধিকাৰৰ সৈতে তেওঁৰ কেৰিয়াৰ আগুৱাই  নিছিল। জিয়াঙৰ জন্ম ১৯২৬ চনৰ ১৭ আগষ্টত ইয়াংঝৌ চহৰত হৈছিল। ১৯৪৭ চনত ছাংহাইৰ জিয়াওটং বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক যান্ত্ৰিক বিভাগৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত, জিয়াঙে খাদ্য প্ৰস্তুত কাৰখানাত কাম কৰে। তাৰ পিছত তেওঁ  চাবোন নিৰ্মাণ আৰু চীনৰ আটাইতকৈ ডাঙৰ অটোমোবাইল কাৰখানাতো কাম কৰে।

১৯৮৩  চনত তেওঁক ইলেক্ট্ৰনিক্স উদ্যোগৰ মন্ত্ৰী হিচাপে মনোনীত কৰা হয়।.১৯৮৫-৮৯ চনত ছাংহাইৰ মেয়ৰ হিচাপে জিয়াঙে  কাৰ্যনিৰ্বাহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক