--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ পোহৰলৈ আহিল চীনৰ দুষ্কাৰ্য। চীনা সৈন্যই এলএচি পাৰ হৈ বিভিন্ন সময়ত ভাৰতৰ ভূমিত তাণ্ডৱ চলাবলৈ চেষ্টা কৰি থকাৰ ঘটনাই প্ৰায় নিয়মীয়াকৈ সংবাদ শিৰোনাম দখল কৰি আহিছে। বিগত দুটামান বছৰৰ ভিতৰতে চীনা সেনাবাহিনী পিএলএৰ সৈতে ভাৰতীয় সৈন্যৰ ৰক্তক্ষয়ী সংঘাতৰ সূত্ৰপাত ঘটিছে। কেৱল এয়াই নহয়, ভাৰতৰ ভূমি আৰু সীমান্তৰ বিবদমান আৰু স্পৰ্শকাতৰ অঞ্চলত স্থায়ী নিৰ্মাণকাৰ্যৰ জৰিয়তে চীনে ভাৰতৰ ওপৰত চাপ বৃদ্ধিৰ চেষ্টা চলাই থকাটোও নতুন কথা নহয়। এই সকলোৰে সীমা চেৰাই গৈ পিএলএই ভাৰতৰ ভূমিৰ পৰাই সীমান্তৱৰ্তী অঞ্চলৰ যুৱকক অপহৰণ কৰি নিয়াৰ ঘটনা সংঘটিত হৈছে আৰু ই চীনা সৈন্যৰ কুটিল চৰিত্ৰৰ কথা পুনৰ প্ৰকট কৰি তুলিছে। অলপতে অৰুণাচলৰ পৰা সন্ধানহীন হৈছিল এজন ১৭ বছৰীয়া কিশোৰ। কিশোৰজন নিৰুদ্দিষ্ট হোৱা বুলি প্ৰচাৰ হোৱাৰ পাছতে অৰুণাচলৰ সাংসদ টিপিৰ গাৱে দাবী কৰিছিল যে, কিশোৰজনক চীনা সৈন্যই অপহৰণ কৰিছে। সীমান্তৰ অৰণ্য অঞ্চলৰ পৰা চীনা সৈন্যই কিশোৰজনক অপহৰণ কৰি নিয়া বুলি দাবী কৰিছিল টিপিৰ গাৱে। সাংসদগৰাকীৰ এই দাবীৰ পাছতে তাৎপৰ্যপূৰ্ণভাৱে চীনৰ পিএলএই কিশোৰজনক উদ্ধাৰ কৰা বুলি ভাৰতীয় সেনাৰ আগত প্ৰকাশ কৰে। মন কৰিবলগীয়া কথাটো হ’ল যে, ক’ত কিদৰে চীনা সৈন্যই কিশোৰজনক উদ্ধাৰ কৰিছিল সেই সকলো কথা অস্পষ্ট হৈ ৰৈছিল। ১৮জানুৱাৰীত সন্ধানহীন হোৱাৰ পাছত ২৭জানুৱাৰীত পিএলএই ভাৰতৰ হাতত অৰ্পন কৰে কিশোৰজনক। তাৰ পাছতে চীনা সৈন্যৰ দুষ্কাৰ্যৰ কথা পোহৰলৈ আহিছে। কিশোৰজন সীমান্তৱৰ্তী অঞ্চলৰ পৰা সন্ধানহীন হোৱা বুলি দাবী কৰি হৈছিল। কিন্তু মন নিজৰ পৰিচিত অঞ্চল এটাৰ পৰা কিশোৰজন কেনেকৈ সন্ধানহীন হ’ব পাৰে সেয়া অস্পষ্ট এক বিষয় আছিল। এতিয়া ঘৰলৈ ঘূৰি অহা মিৰাম টাৰ্নন নামৰ কিশোৰজনে ভালেমান বিস্ফোৰক কথা প্ৰকাশ কৰিছে। কিদৰে চিকাৰ কৰিবলৈ বন্ধু বৰ্গৰ সৈতে অৰণ্যলৈ যোৱাৰ সময়ত তেওঁক চীনা সৈন্যই ধৰি লৈ গৈছিল আৰু কেম্পলৈ নি নানা নিৰ্যাতন চলাইছিল সেইকথা প্ৰকাশ কৰিছে কিশোৰজনে। তেওঁ কয়, ‘প্ৰথমে মই ধৰিব পৰা নাছিলোঁ যে, সেয়া চীনা সৈন্য আছিল নে ভাৰতীয় সৈন্য আছিল? তেওঁলোকে মোক হাত বান্ধি লৈ গৈছিল আৰু তাৰ পাছত মোক হেণ্ডকাফ লগাই দিছিল। তেওঁলোকে গভীৰ অৰণ্যৰ মাজত থকা কেম্পলৈ নি মোক শাৰীৰিক মানসিক নিৰ্যাতন চলাইছিল। আনকি ইলেক্ট্ৰিক শ্বকো দিছিল। অৱশ্যে প্ৰথম দিনাহে তেওঁলোকে নিৰ্যাতন চলায়। দ্বিতীয় দিনাৰ পৰা মাৰপিট কৰা নাছিল আৰু মোক খোৱা লোৱাও দিছিল। কিশোৰজনক ভাৰতৰ হেঁচাৰ বাবে মুকলি কৰি দিলেও কোনো কাৰণ নোহোৱাকৈ এনেকৈ আটক কৰি লৈ যোৱাটো এক অবাঞ্চিত বিষয় হিচাপে বিবেচিত হৈছে। চীন সৈন্যই পূ্ৰ্বেও এনে কাৰ্য সংঘটিত কৰিছে যদিও এইক্ষেত্ৰত ভাৰতৰ ভূমিকা প্ৰায় নিষ্ক্ৰিয় বুলিব পাৰি। পাকিস্তানৰ বিৰুদ্ধে সদা সৰৱ ভাৰত চৰকাৰেও চীনৰ বিৰুদ্ধে কোনো ধৰণৰ মাত নমতাটো ৰহস্যৰ বিষয় হৈ ৰৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু