--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ শিক্ষাৰ্থীৰ উৎকৰ্ষ সাধনৰ বাবে সৰ্বোচ্চ কি কৰিব পাৰে? মুখ্যমন্ত্ৰী এগৰাকী ৰাজ্যখনৰ শিক্ষাৰ গুণগত মান উন্নত কৰা আৰু শিক্ষাৰ্থীৰ ভৱিষ্যতৰ বাবে কিমান উৎসৰ্গীকৃত হ’ব পাৰে, তাৰেই দৃষ্টান্ত দাঙি ধৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে৷ 

যিসময়ত অসমত বন্ধ হৈছে ইখনৰ পাছত সিখন চৰকাৰী বিদ্যালয়, বিদ্যালয় এৰিছে শিক্ষাৰ্থীয়ে৷ যিসময়ত অসমত দৈনিক কমিবলৈ ধৰিছে চৰকাৰী শিক্ষাৰ মান, সেইসময়তে ষ্টেলিনে দেখুৱাইছে নিদৰ্শন৷ ষ্টেলিনে শুকুৰবাৰে ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়সমূহত ‘মুখ্যমন্ত্ৰীৰ ব্ৰেকফাষ্ট’ আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভণি কৰিছে। নাগাপট্টিনম জিলাত কাৰ্যসূচীটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী ষ্টালিনে থিৰুক্কুৱালাইৰ পঞ্চায়ত ইউনিয়ন মধ্য বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ এটা দলৰ সৈতে একেলগে খাদ্য পৰিৱেশন কৰে আৰু তেওঁলোকৰ মাজত চকলেট বিতৰণ কৰে।

এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি ষ্টেলিনে কয়, মই বিশ্বাস কৰোঁ যে আজি উল্লেখনীয় দিন আৰু ইয়াত এই জলপান আঁচনিখন প্ৰৱৰ্তন কৰি গৌৰৱান্বিত। প্ৰয়াত কৰুণানিধিয়ে (তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী) থিৰুক্কুৱালাইক বহুতো ভাল আঁচনিৰ সৈতে প্ৰৱৰ্তন আৰু লাভান্বিত কৰিছে। কৰুণানিধিৰ পুত্ৰ হিচাপে মই ইয়াত এই আঁচনিখন আৰম্ভ কৰি অত্যন্ত গৌৰৱান্বিত৷

তেওঁ লগতে কয় যে এই আঁচনিৰ উদ্দেশ্য হৈছে ক্ষুধা হ্ৰাস কৰা আৰু লগতে কয় যে ক্ষুধা শিক্ষাৰ ক্ষেত্ৰত বাধা হ’ব নালাগে৷ শিক্ষাতকৈ গুৰুত্বপূৰ্ণ একো নাই আৰু কোনেও ইয়াক আমাৰ পৰা কাঢ়ি নিব নোৱাৰে, সেয়েহে শিক্ষাৰ্থীসকলে অধ্যয়নত মনোনিবেশ কৰা উচিত। ক্ষুধাৰ বাবে কোনেও শিক্ষা শেষ কৰিব নালাগে সেয়েহে আমাৰ চৰকাৰে এই আঁচনিৰ বাবে পুঁজি আৱণ্টন কৰিছে। চৰকাৰে জ্ঞান উন্নত কৰিবলৈ আৰু শিক্ষাৰ্থীসকলৰ বাবে অনুপ্ৰেৰণা সৃষ্টি কৰিবলৈ পুঁজি বিনিয়োগ কৰিছে, এই বিনিয়োগ নিশ্চিতভাৱে দেশৰ বাবে লাভজনক হ’ব৷

মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক আৰু যিসকলে আহাৰ প্ৰস্তুত কৰে তেওঁলোকক তেওঁলোকৰ নিজৰ সন্তানৰ যত্ন লোৱাৰ দৰে শিক্ষাৰ্থীসকলৰ যত্ন ল'বলৈ আহ্বান জনায়। তামিলনাডু চৰকাৰৰ এই এতিয়া এই আঁচনিখন প্ৰায় ৩১,০০০ বিদ্যালয়লৈ সম্প্ৰসাৰিত কৰা হৈছে যিয়ে ১৮,৫০,০০০ৰো অধিক শিক্ষাৰ্থীক লাভান্বিত কৰিব। চেন্নাই নিগমৰ ৩৫৮খন বিদ্যালয়ত অধ্যয়ন কৰি থকা ৬৫,০৩০জন শিক্ষাৰ্থী এই আঁচনিৰ দ্বাৰা লাভান্বিত হ'ব৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস