--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমধ্যাহ্ন ভোজনত পৰিবেশন কৰা পুৰী-তৰকাৰী খোৱাৰ পিছতে  দিল্লীৰ সৰ্বোদয় বাল বিদ্যালয়ৰ ৭০ গৰাকী শিক্ষাৰ্থী অসুস্থ হৈ পৰিছে। শিক্ষাৰ্থীসকলে  পেটৰ বিষ আৰু বমিত আক্ৰান্ত হৈছে।  

শুকুৰবাৰে সংঘটিত এই ঘটনাৰ পিছতে ৭০ গৰাকী  শিক্ষাৰ্থীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ।  দিল্লীৰ আৰক্ষী উপায়ুক্ত (দক্ষিণ-পশ্চিম) মনোজ চিয়ে কয় যে সাগৰপুৰ আৰক্ষী থানালৈ  এটা ফোন আহিছিল, য'ত জনোৱা হৈছিল যে সাগৰপুৰৰ দুৰ্গাপাৰ্কৰ সৰ্বোদয় বাল বিদ্যালয়ত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পিছত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ প্ৰায় ৭০ জন ছাত্ৰ অসুস্থ হৈ পৰিছে।

আৰক্ষীৰ এটা দলে তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈ  শিক্ষাৰ্থীসকলক ডাবৰিৰ ডিডিইউ চিকিৎসালয় আৰু দাদা দেৱ চিকিৎসালয়লৈ স্থানান্তৰ কৰে। বিদ্যালয় কৰ্তৃপক্ষই  জনোৱা অনুসৰি শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজনৰ পিছত চয়া ৰস দিয়া হৈছিল। সেয়া খোৱাৰ পিছতে  পেটৰ বিষ আৰু বমি আৰম্ভ  হৈছিল।
মধ্যাহ্ন ভোজনত পুৰী-তৰকাৰী  পৰিৱেশন কৰাৰ পিছত চয়াৰ ৰস দিয়া হৈছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল