--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমধ্যাহ্ন ভোজনত পৰিবেশন কৰা পুৰী-তৰকাৰী খোৱাৰ পিছতে  দিল্লীৰ সৰ্বোদয় বাল বিদ্যালয়ৰ ৭০ গৰাকী শিক্ষাৰ্থী অসুস্থ হৈ পৰিছে। শিক্ষাৰ্থীসকলে  পেটৰ বিষ আৰু বমিত আক্ৰান্ত হৈছে।  

শুকুৰবাৰে সংঘটিত এই ঘটনাৰ পিছতে ৭০ গৰাকী  শিক্ষাৰ্থীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ।  দিল্লীৰ আৰক্ষী উপায়ুক্ত (দক্ষিণ-পশ্চিম) মনোজ চিয়ে কয় যে সাগৰপুৰ আৰক্ষী থানালৈ  এটা ফোন আহিছিল, য'ত জনোৱা হৈছিল যে সাগৰপুৰৰ দুৰ্গাপাৰ্কৰ সৰ্বোদয় বাল বিদ্যালয়ত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পিছত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ প্ৰায় ৭০ জন ছাত্ৰ অসুস্থ হৈ পৰিছে।

আৰক্ষীৰ এটা দলে তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈ  শিক্ষাৰ্থীসকলক ডাবৰিৰ ডিডিইউ চিকিৎসালয় আৰু দাদা দেৱ চিকিৎসালয়লৈ স্থানান্তৰ কৰে। বিদ্যালয় কৰ্তৃপক্ষই  জনোৱা অনুসৰি শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজনৰ পিছত চয়া ৰস দিয়া হৈছিল। সেয়া খোৱাৰ পিছতে  পেটৰ বিষ আৰু বমি আৰম্ভ  হৈছিল।
মধ্যাহ্ন ভোজনত পুৰী-তৰকাৰী  পৰিৱেশন কৰাৰ পিছত চয়াৰ ৰস দিয়া হৈছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস