--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতিবছৰে ভাৰতে ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জয়ন্তীত ‘শিক্ষক দিৱস’ হিচাপে তেওঁৰ অৱদান আৰু সাফল্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে উদযাপন কৰে। ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ৰাধাকৃষ্ণন কেৱল ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপেই নহয়, এজন পণ্ডিত, দাৰ্শনিক আৰু ভাৰত ৰত্ন বঁটা লাভ কৰি জীৱন আৰু জগতক মহীয়ান কৰা এগৰাকী বৰেণ্য ব্যক্তিও আছিল।

এটা দৰিদ্ৰ তেলেগু ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰাধাকৃষ্ণনে বৃত্তিৰ জৰিয়তে তেওঁৰ সমগ্ৰ শিক্ষা সম্পূৰ্ণ কৰিছিল। তেওঁ দৰ্শনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু ১৯১৭ চনত ‘ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰ্শন’ নামৰ কিতাপখন ৰচনা কৰিছিল। তেওঁ ১৯৩১ চনৰ পৰা ১৯৩৬ চনলৈ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু ১৯৩৯ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ (বিএইচইউ) উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ চেন্নাইৰ প্ৰেচিডেন্সী কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ গৈছিল। ১৯৫৪ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন আগবঢ়োৱা হয়। তেওঁক ১৯৬৩ চনত ব্ৰিটিছ ৰয়েল অৰ্ডাৰ অফ মেৰিটৰ সন্মানীয় সদস্য হিচাপে ভৰ্তি কৰা হৈছিল।

শিক্ষক দিৱসৰ ইতিহাস...

তেওঁৰ জীৱনকালত ড° ৰাধাকৃষ্ণন এগৰাকী মেধাৱী শিক্ষাৰ্থী আছিল, শিক্ষাৰ্থীসকলৰ মাজত এগৰাকী প্ৰসিদ্ধ শিক্ষক আছিল। কোৱা হয় যে যেতিয়া তেওঁ ১৯৬২ চনত ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল, তেতিয়া তেওঁৰ শিক্ষাৰ্থীসকলে তেওঁৰ জন্মদিন ৫ ছেপ্টেম্বৰ দিনটোক এক বিশেষ দিন হিচাপে উদযাপন কৰাৰ অনুমতি বিচাৰি তেওঁৰ কাষ চাপিছিল। ইয়াৰ পৰিৱৰ্তে ড° ৰাধাকৃষ্ণনে ৫ ছেপ্টেম্বৰ দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ, সমাজলৈ শিক্ষকসকলৰ অৱদানক স্বীকৃতি দিবলৈ অনুৰোধ জনাইছিল।
 
তেওঁৰ সকলো সফলতা আৰু অৱদান স্বত্বেও, ৰাধাকৃষ্ণণ গোটেই জীৱন শিক্ষক হৈ আছিল। ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতিৰ স্মৃতিক সন্মান জনোৱাৰ বাবে আৰু আমাৰ জীৱনত শিক্ষকসকলৰ গুৰুত্বক স্মৰণ কৰিবলৈ শিক্ষক দিৱস উদযাপন কৰা হয়।

পণ্ডিত জৱাহৰলাল নেহৰুৱে এবাৰ ৰাধাকৃষ্ণণৰ সন্দৰ্ভত কৈছিল, তেওঁ বহুতো পদত নিজৰ দেশৰ সেৱা কৰিছে। কিন্তু সৰ্বোপৰি তেওঁ এজন মহান শিক্ষক, যাৰ পৰা আমি সকলোৱে বহুত শিকিছোঁ আৰু শিকি থাকিম। আমাৰ ৰাষ্ট্ৰপতি হিচাপে এজন মহান দাৰ্শনিক, এজন মহান শিক্ষাবিদ আৰু এজন মহান মানৱতাবাদী পোৱাটো ভাৰতৰ এক বিশেষ সৌভাগ্য।’










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী